পুনৰ কাৰাগাৰলৈ প্ৰেৰণ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক
ইউ এছ টি এমৰ আচাৰ্যগৰাকীক বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱা হয় ৷

Published : March 13, 2025 at 10:59 PM IST
তেজপুৰ: শৈক্ষিক অনুষ্ঠান ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰৰ পাছত বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে একাধিক গোচৰ ৷ ইতিমধ্যে শোণিতপুৰৰ ঢেকিয়াজুলি থানাতো হকৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ইউ এছ টি এমৰ আচাৰ্যগৰাকীক বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱা হয় ৷ নিশা প্ৰায় ৮.১৫ বজাত তেজপুৰ আদালতে মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰনৰ নিৰ্দেশ দিয়ে ৷ তেওঁ পুনৰ ১৮ মাৰ্চত আদালতত হাজিৰ হ'ব লাগিব ৷ জামিন আবেদনৰ পুনৰ শুনানি অহা ১৮ মাৰ্চত হব বুলি চৰকাৰী অধিবক্তা মুনিন বৰুৱাই সাংবাদিকক জনায় ৷
প্ৰণিধানযোগ্য যে, হকৰ বিৰুদ্ধে পাথাৰকান্দি, গোঁসাইগাঁৱৰ পাছতে ঢেকিয়াজুলিতো ৰুজু কৰা হৈছিল গোচৰ ৷ ঢেকিয়াজুলি থানাত তেওঁৰ বিৰুদ্ধে মোকছেদ আলী নামৰ এজন লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১১১(৪)/৩১৮(৪)/৩১৬(৫)/৩৩৬(৩) আৰ/ডব্লিউ ১১(১) দি পাব্লিক একজামিনেছন (প্ৰিভেনছন অৱ আনফেয়াৰ মিনছ) আইনৰ ২২৪ ধাৰা অনুসৰি ৰুজু হোৱা ৫৫/২৫ নম্বৰ গোচৰৰ বাবে বৃহস্পতিবাৰে দুপৰীয়া ১.৩০ বজাত হকক অনা হয় তেজপুৰ আদালতলৈ ৷

উল্লেখযোগ্য যে, পুৱতি নিশাই হকক তেজপুৰ সদৰ থানালৈ অনা হৈছিল ৷ ইপিনে, হকক তেজপুৰ আদালতলৈ অনা হ’ব বুলি আগতীয়াকৈ জানিব পাৰি শুভাকাংক্ষীসহ বহু লোকে ভিৰ কৰেহি তেজপুৰ আদালতত ৷
ইপিনে আদালতত হাজিৰ কৰোৱাৰ সময়ত তেওঁক সাংবাদিকৰ আগত কোনো মন্তব্য কৰিবলৈ দিয়া হোৱা নাছিল যদিও ইয়াৰ মাজতে এক প্ৰশ্নৰ উত্তৰত কয়, "আপোনালোকৰ ল'ৰা-ছোৱালীক ইউ এছ টি এমত পঢ়াওক, ভাল মানুহ বনাওক । ইউ এছ টি এম বৰ ভাল বিশ্ববিদ্যালয় ৷"

হকক তেজপুৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত আদালত চৌহদত উপস্থিত থকা শ্ৰীভূমি জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ গণিতৰ শিক্ষক গফুৰ খানে এই ঘটনাক এক ষড়যন্ত্ৰ আৰু ব্যক্তিগত আক্ৰোশ পূৰণৰ ঘটনা হ’ব পাৰে বুলি উল্লেখ কৰে ৷ খানে লগতে কয় যে, তেওঁৰ বিৰুদ্ধে ধন লৈ নম্বৰ দিয়াৰ অভিযোগ অসত্য ৷ ইউ এছ টি এমৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক এই বিষয়ে পোনপটীয়াকৈ সুধিবলৈ আহ্বান জনাই ব্যক্তিগৰাকীয়ে ৷
“মই নিজেও তেওঁৰ অধীনত কাম কৰিছো ৷ তেওঁ বৰাক উপত্যকাৰ হাজাৰ হাজাৰ নিবনুৱাক কৰ্মসংস্থাপন দিছে, বিনামূলীয়াকৈ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীক পঢ়াৰ সুযোগ দিছে ৷ হকে দেশৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমখন ব্যক্তিগত বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি বহুসংখ্যক নিবনুৱাক নিযুক্তি দিছে ৷ যদিহে হকে কিবা অপৰাধ কৰিছে, তেতিয়াহ'লে আইনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৷ কিন্তু এজন মানুহক এইদৰে শাস্তি দিব নালাগে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আইনে সিদ্ধান্ত দিয়াৰ পূৰ্বেই হক দীৰ্ঘদিন কাৰাবন্দী হৈ থাকিব লাগিব বুলি কৰা মন্তব্য উচিত হোৱা নাই ৷" গফুৰ খানে কয় ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ হাতযোৰ কৰি আহ্বান জনাই ব্যক্তিগৰাকীয়ে কয়, “মহবুবুল হক ছাৰে বৰাক উপত্যকাৰ বহু পিতৃ-মাতৃহীন ল’ৰা-ছোৱালীক আশ্ৰয় দিছে, কৰ্মসংস্থাপন দিছে ৷ এইজন মানুহক এইদৰে শাস্তি নিদিব ৷ তেওঁক মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ দিয়ক ৷ আইনৰ ওপৰত আমাৰ আস্থা আছে ৷ আইনে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লয় ল’ব ৷ কিন্তু এইদৰে তেওঁক শাস্তি নিদিব ৷"
আনহাতে, শ্ৰীভূমিৰ পৰা অহা হকৰ আন এজন শুভাকাংক্ষী মহম্মদ আব্বাছেও মহবুবুল হকৰ বিষয়টো আইনৰ ওপৰত এৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাই এনেদৰে কয়, ‘‘এইদৰে এজন ৬০ বছৰীয়া লোকক কৰিমগঞ্জ, তেজপুৰ, গুৱাহাটীলৈ ঘূৰাই ফুৰোৱাটো উচিত হোৱা নাই ৷" তেওঁ হকৰ গ্ৰেপ্তাৰক এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে ৷
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মহবুবুল হকক তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত তেওঁৰ হৈ ওকালতি কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অংশুমান বৰা আহি নোপোৱাত আবেদন অনুসৰি ন্যায়াধীশে সময় দিয়ে ৷ অৱশ্যে ঢেকিয়াজুলিৰ গোচৰটো সন্দৰ্ভত হকৰ জামিনৰ বাবে আবেদন দাখিল কৰে হকৰ তেজপুৰৰ অধিবক্তা চেলিম খানে ৷ বিয়লি অধিবক্তা অংশুমান বৰাৰ হৈ তেওঁৰ অধিবক্তাই প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত বিষয়টোৰ বিষয়ে আলোচনা কৰে ।
লগতে পঢ়ক: USTMৰ আচাৰ্য মহবুবুল হক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ - USTM CHANCELLOR MAHBUBUL HOQUE

