ETV Bharat / state

ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকৰ জামিন নাকচ

মহবুবুল হকৰ বিৰুদ্ধে ৰাজ্য়ৰ বিভিন্ন স্থানত ৰুজু হৈ আছে একাধিক গোচৰ ।

USTM CHANCELLOR MAHBUBUL HOQUE
মহবুবুল হকৰ জামিন নাকচ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:00 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰৰ পাছত ৰাজ্য়ৰ বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা একাধিক গোচৰৰ চলি আছে বিচাৰ প্ৰক্ৰিয়া ৷ শোণিতপুৰৰ ঢেকিয়াজুলি থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ জামিন আবেদন মঙলবাৰে খাৰিজ কৰে তেজপুৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে । এই সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱাত আদালতে মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল ৷

আদালতে ইউ এছ টি এমৰ উপাচাৰ্য মহবুবুল হকৰ হাজিৰ ভাৰ্চুৱেলী লয় । অৱশ্য়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে তেওঁৰ জামিন আবেদন নাকচ কৰে । বিয়লি চৰকাৰী অধিবক্তা মুনিন বৰুৱাই সংবাদ মাধ্যমক এই বিষয়ে সদৰী কৰে । বৰ্তমান তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতে কটাব লাগিব মহবুবুল হক ।

মহবুবুল হকৰ জামিন নাকচ (ETV Bharat Assam)

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ইউ এছ টি এমৰ আচাৰ্যগৰাকীক তেজপুৰ আদালতত যোৱা ১৩ মাৰ্চত হাজিৰ কৰোৱা হৈছিল ৷ উল্লেখ্য় যে হকৰ বিৰুদ্ধে পাথাৰকান্দি, গোঁসাইগাঁৱৰ পাছতে ঢেকিয়াজুলিতো গোচৰ ৰুজু কৰা হৈছিল ৷ ঢেকিয়াজুলি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে মোকছেদ আলী নামৰ এজন লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১১১(৪)/৩১৮(৪)/৩১৬(৫)/৩৩৬(৩) আৰ/ডব্লিউ১১(১)দ্য় পাব্লিক এগজামিনেছন (প্ৰিভেনছন অৱ আনফেয়াৰ মিনছ) আইনৰ ২২৪ ধাৰা অনুসৰি ৰুজু হোৱা ৫৫/২৫নম্বৰ গোচৰৰ বাবে ১৩ মাৰ্চৰ দুপৰীয়া ১-৩০ বজাত হকক তেজপুৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৷

উল্লেখ্য় যে ইয়াৰ বাবে সেইদিনা পুৱতি নিশাই হকক তেজপুৰ সদৰ আৰক্ষী থানালৈ অনা হৈছিল ৷ চৰকাৰী অধিবক্তা মুনিন বৰুৱাই সংবাদ মাধ্যমক কয়, "তেওঁৰ বিৰুদ্ধে যিসমূহ ধাৰা প্ৰয়োগ কৰা হৈছে এই সকলো জামিনবিহীন ধাৰা । সেইসমূহলৈ লক্ষ্য কৰি মাননীয় আদালতে দুই পক্ষৰ যুক্তি শুনি তেওঁৰ জামিন আবেদন খাৰিজ কৰে । ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ আছে আৰু পৰৱৰ্তী শুনানীলৈ তেওঁ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব ।"

লগতে পঢ়ক:পুনৰ কাৰাগাৰলৈ প্ৰেৰণ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক - USTM CHANCELLOR MAHBUBUL HOQUE

USTMৰ আচাৰ্য মহবুবুল হক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ - USTM CHANCELLOR MAHBUBUL HOQUE