তেজপুৰ: ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰৰ পাছত ৰাজ্য়ৰ বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা একাধিক গোচৰৰ চলি আছে বিচাৰ প্ৰক্ৰিয়া ৷ শোণিতপুৰৰ ঢেকিয়াজুলি থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ জামিন আবেদন মঙলবাৰে খাৰিজ কৰে তেজপুৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে । এই সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱাত আদালতে মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল ৷
আদালতে ইউ এছ টি এমৰ উপাচাৰ্য মহবুবুল হকৰ হাজিৰ ভাৰ্চুৱেলী লয় । অৱশ্য়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে তেওঁৰ জামিন আবেদন নাকচ কৰে । বিয়লি চৰকাৰী অধিবক্তা মুনিন বৰুৱাই সংবাদ মাধ্যমক এই বিষয়ে সদৰী কৰে । বৰ্তমান তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতে কটাব লাগিব মহবুবুল হক ।
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ইউ এছ টি এমৰ আচাৰ্যগৰাকীক তেজপুৰ আদালতত যোৱা ১৩ মাৰ্চত হাজিৰ কৰোৱা হৈছিল ৷ উল্লেখ্য় যে হকৰ বিৰুদ্ধে পাথাৰকান্দি, গোঁসাইগাঁৱৰ পাছতে ঢেকিয়াজুলিতো গোচৰ ৰুজু কৰা হৈছিল ৷ ঢেকিয়াজুলি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে মোকছেদ আলী নামৰ এজন লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১১১(৪)/৩১৮(৪)/৩১৬(৫)/৩৩৬(৩) আৰ/ডব্লিউ১১(১)দ্য় পাব্লিক এগজামিনেছন (প্ৰিভেনছন অৱ আনফেয়াৰ মিনছ) আইনৰ ২২৪ ধাৰা অনুসৰি ৰুজু হোৱা ৫৫/২৫নম্বৰ গোচৰৰ বাবে ১৩ মাৰ্চৰ দুপৰীয়া ১-৩০ বজাত হকক তেজপুৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৷
উল্লেখ্য় যে ইয়াৰ বাবে সেইদিনা পুৱতি নিশাই হকক তেজপুৰ সদৰ আৰক্ষী থানালৈ অনা হৈছিল ৷ চৰকাৰী অধিবক্তা মুনিন বৰুৱাই সংবাদ মাধ্যমক কয়, "তেওঁৰ বিৰুদ্ধে যিসমূহ ধাৰা প্ৰয়োগ কৰা হৈছে এই সকলো জামিনবিহীন ধাৰা । সেইসমূহলৈ লক্ষ্য কৰি মাননীয় আদালতে দুই পক্ষৰ যুক্তি শুনি তেওঁৰ জামিন আবেদন খাৰিজ কৰে । ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ আছে আৰু পৰৱৰ্তী শুনানীলৈ তেওঁ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব ।"