অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰেমত এগৰাকী বিদেশী মেম; সন্তানকো শিকাইছে অসমীয়া ভাষা-কলা-সংস্কৃতি
বৰগীতক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাত ব্ৰতী আমেৰিকান জীয়াৰী । অসমীয়া ভাষা শিকিব-বুজিবৰ বাবে চাৰিবছৰীয়া কন্যাক অংগনৱাড়ী কেন্দ্ৰত ভৰ্তি ।

Published : March 5, 2025 at 11:04 AM IST
যোৰহাট : আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিছে অসমীয়া ভাষা । অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সমান্তৰালভাৱে বিশ্বৰ বহু জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । এই কথা স্পষ্ট ৰূপত দাঙি ধৰিলে আমেৰিকান জীয়াৰী ৰেহেনা খেচগিয়ে ।
ৰেহেনা খেচগি নামৰ আমেৰিকান যুৱতীগৰাকীয়ে কেইবছৰমান পূৰ্বে অংগৰাগ পাপন মহন্তৰ সৈতে বিহু মঞ্চত গীত পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত সংগীত যাত্ৰাৰ পৰা আঁতৰি আহি ৰেহেনা খেচগি এজন অসমৰ যুৱকৰ বিবাহ বান্ধোনত সৈতে সোমাই পৰে ।
যোৰহাটৰ এজন বাদ্যযন্ত্ৰীৰ সৈতে বিয়াত বহে ৰেহেনা । বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে আমেৰিকাত থাকে আৰু সময় পালেই যোৰহাটৰ ঘৰলৈ আহে । এইবাৰ চাৰিমাহৰ বাবে আমেৰিকাৰ পৰা স্বামী আৰু একমাত্ৰ কন্যা ৰিৱাৰ সৈতে যোৰহাটৰ বৰভেটাস্থিত স্বামীগৃহলৈ আহিছে ৰেহেনা খেচকি ।
বৰ্তমান ৰেহেনাই অসমীয়া ভাষা আয়ত্ত কৰি মহাপুৰুষ গুৰুজনা বৰগীত শিকিছে আৰু বোৱাৰীয়েকৰ এই কাৰ্যত সহযোগিতা আগবঢ়াইছে শহুৰেকে । আনহাতে, ৰেহেনাই তেওঁ চাৰিবছৰীয়া একমাত্ৰ কন্যা সন্তান ৰিৱাক অসমীয়া শিকিব আৰু লিখিবৰ বাবে নাম লগাই দিছে ঘৰৰ ওচৰতে থকা অসমীয়া মাধ্যমৰ এখন প্ৰাক-প্ৰাথমিক শিক্ষানুষ্ঠানত অৰ্থাৎ চৰকাৰী অংগনবাড়ী কেন্দ্ৰত ।
ৰেহেনাৰ কণমানি সন্তানটোৱে কম সময়ৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ত কৰিছে । প্ৰত্যেকদিনাই ৰেহেনাই নিজৰ কন্যাক এই অংগনবাড়ী কেন্দ্ৰটোলৈ লৈ আহে । কন্যা সন্তাটিক ৰেহেনাই নিজেই অসমীয়া ভাষা শিকাৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলক সহায় কৰি দিয়াৰ উপৰি নিজেও নৃত্য-গীত আদিত ভাগ লৈ কেন্দ্ৰটোৰ কণমানি শিক্ষাৰ্থীসকলক আমোদ দি আহিছে ।
ইফালে ৰেহেনাৰ কন্যা সন্তানে অধ্যয়ন কৰা অংগনবাড়ী কেন্দ্ৰটোৰ এগৰাকী কৰ্মীয়ে কয়, "বিদেশৰ এগৰাকী মহিলাই নিজৰ লগতে কন্যা সন্তানটিক অসমীয়া ভাষা ব্যৱহাৰৰ জ্ঞান আয়ত্তৰ বাবে আগৱাঢ়ি অহাটো আমাৰ বাবে গৌৰৱৰ বিষয় । ৰেহেনা চাৰিমাহৰ বাবে অসমলৈ আহিছে আৰু এই চাৰিমাহৰ বাবে অংগনবাড়ী কেন্দ্ৰত নাম লগাই দিয়ে সন্তাটিক । প্ৰত্যকদিনাই কন্যা সন্তানটিক নিজে লৈ আহে । বৰ্তমান কণমানিগৰাকীয়ে অসমীয়া ভাষা বুজি পাইছে আৰু ক'ব পৰা হৈছে ।"
আনহাতে, ৰেহেনা খেচগিয়ে কয়, "মই চাৰিমাহৰ বাবে ঘৰলৈ আহিছোঁ । আমি এতিয়া স্বামীৰ পৰিয়ালৰ লগত আছোঁ আৰু মোৰ ছোৱালী ৰিৱাৰ বয়স এতিয়া চাৰি বছৰ । মোৰ ছোৱালীক এতিয়া ঘৰৰ কাষতে থকা অংগনবাড়ী স্কুলত দিছোঁ অসমীয়া ভাষা শিকিবৰ কাৰণে । লাহে লাহে তাই অসমীয়া শিকিছে আৰু তাই স্কুললৈ গৈ ভালপাইছে । ঠিক সেইদৰে ময়ো বৰগীত শিকিছোঁ, এই কাৰ্যত মোক সহযোগিতা কৰিছে শহুৰ দেউতাই । এই চাৰিমাহ সময় মই পৰিয়ালৰ বাবে দিছোঁ আৰু আনন্দ-স্ফূৰ্তি কৰিছোঁ ।"
লগতে তেওঁ কয়, "অসম আৰু আমেৰিকা দুয়োখন ঘৰকে ভালপাওঁ । মই আমেৰিকাৰ এখন শিক্ষানুষ্ঠানত মিউজিক টিচাৰ হিচাপে কৰ্মৰত হৈ আছোঁ আৰু মোৰ স্বামীয়ে আমেৰিকাত এটা মিউজিক ষ্টুডিঅ' খুলিছে । মোৰ ছোৱালী ৰিৱাক ব'হাগ বিহুৰ সকলো নীতি-নিয়ম শিকোৱাৰ পিছত আমি আমেৰিকালৈ ঘূৰি যাম ।

