আমেৰিকাৰ বিশেষজ্ঞৰ দলে কৰিছে আশাৰ সঞ্চাৰ, ভটীয়াপাৰত পবিত্ৰ মাৰ্ঘেৰিটা
আমেৰিকাৰ বিশেষজ্ঞৰ দল পূৰ্ণোদ্যমে ব্যস্ত গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰাত । ঘটনাস্থলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ।

Published : June 21, 2025 at 2:03 PM IST
আমগুৰি : ‘‘বিশেষজ্ঞসকল ইতিমধ্যে উপস্থিত হৈছেহি । তেওঁলোক এতিয়া কামত ব্যস্ত । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ যিসকল স্থানীয় অভিযন্তা আছে তেওঁলোকে দেহে-কেহে চেষ্টা কৰি আছে । এটা অতি কঠিন কাম অতি উচ্চ চাপত গেছ নিৰ্গমন হৈ আছে । তাক এতিয়া বন্ধ কৰিবলৈ খুব সাৱধানতা অৱলম্বন কৰি কৰা হৈছে বুলি আমাক অভিযন্তাসকলে জানিবলৈ দিছে ।" এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷
উল্লেখ্য যে, দশমটো দিনতো নিয়ন্ত্ৰণলৈ অহা নাই শিৱসাগৰৰ ভটীয়াপাৰৰ ৰীগৰ গেছ নিৰ্গমন । ইতিমধ্যে ভটীয়াপাৰত উপস্থিত হৈছে আমেৰিকাৰ তিনিগৰাকী বিশেষজ্ঞ । ভটীয়াপাৰৰ ৰীগ বিস্ফোৰণস্থলীৰ গেছ নিগৰ্মন বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে এই বিশেষজ্ঞৰ দলটোৱে । ইতিমধ্যে বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমনৰ এলেকাটো পৰ্যবেক্ষণ কৰা লগতে নিশাৰে পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
শনিবাৰে তিনিজনীয়া দলটোৱে গেছ নিয়ন্ত্ৰন কৰিবলৈ কেপিং পদ্ধতি প্ৰয়োগ কৰি গেছ নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । CUDD WELL CONTROL নামৰ কোম্পানীৰ কৰ্মচাৰী আমেৰিকাৰ বিশেষজ্ঞ দলটোৰ প্ৰতি সকলোৱে উৎসাহেৰে বাট চাইছে । আমেৰিকাৰ বিশেষজ্ঞ দলটোক সহযোগিতা আগবঢ়াইছে পূৰ্বৰে পৰা জড়িত অভিযন্তাসকলে ।
আনহাতে ঘটনাৰ মূল অভিযুক্ত কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজিও ধাৰাবাহিক আন্দোলন অব্যাহত আছে । যৌথ সংগ্ৰামী মঞ্চৰ ভাৰত চৰকাৰৰ বৃহৎ প্রতিষ্ঠানটোৱে অৱশেষত বিদেশী বিশেষজ্ঞৰ শৰণাপন্ন হোৱাৰ পাছত ভাৰতীয় বিশেষজ্ঞ আৰু অ' এন জি চি কৰ্তৃপক্ষৰ যোগ্যতাৰ ক্ষেত্রত প্রশ্ন উত্থাপন হৈছে । আজি পর্যন্ত এনেধৰণৰ দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ উপযুক্ত আহিলা আৰু দক্ষ ব্যক্তি নথকা প্রতিষ্ঠানটোৱে ভটীয়াপাৰ বাৰীচুকৰ তৈলখাদৰ গেছ নিয়ন্ত্ৰণ কৰাত আজি দহটাকৈ দিনে নেৰানেপেৰা প্রচেষ্টা চলায়ো সফল হ'ব নোৱাৰিলে ।
অ' এন জি চিৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অন্তর্গত ভটিয়াপাৰ বাৰীচুকৰ তৈলখাদ আৰ ডি এছ ১৪৭ (এ) নং-ৰ এছ কে পেট্ৰ'ৰ ১৩৫ ভি আইৰ ৱৰ্ক অভাৰ ৰীগটোত যোৱা ১২ জুনত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা । শনিবাৰে আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অ' এন জি চিৰ বিষয়াৰ সৈতে মিলিত হৈ পৰিস্থিতিৰ বুজ লয় । এনেকুৱা দুৰ্যোগৰ মোকাবিলা কৰা ৪৫ বছৰীয়া অভিজ্ঞতাপুষ্ট আমেৰিকাৰ Cudd well control company ৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে শুকুৰবাৰে নিশাই কাম আৰম্ভ কৰে ।
যোৱা ১৬ জুনত ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত উপস্থিত হৈ ভটীয়াপাৰ কাণ্ডৰ পৰিস্থিতিৰ বুজ লোৱাৰ পাছতে দেশৰ পেট্রলিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীৰ সৈতে হোৱা এক আলোচনাৰ পাছতে গেছ নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞ দল আহি উপস্থিত হয়হি । শিৱসাগৰত আহি উপস্থিত হোৱাৰ পাছতে স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অত্যাধুনিক পদ্ধতিৰে গেছ নির্গমণৰ প্ৰচেষ্টা আৰম্ভ কৰে ।
ইয়াৰ মাজতে শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "মই আহিছো ৰাইজৰ খবৰ ল'বলৈ আৰু অ'এনজিচিৰ মানুহখিনিৰ লগত তেওঁলোকে কেনেকৈ কামখিনি কৰিছে সেই কথা বুজ ল'বলৈ । ব্যক্তিগত খণ্ডৰ কোন কোন সংস্থাই অ'এনজিচিৰ লগত কাম কৰে মই নাজানো । যদি কাৰোবাৰ দোষ আছে তেন্তে তেওঁলোকক আইনে চাব । কাৰণ দেশত আইনতকৈ উৰ্দ্ধত কোনো নহয় ।"

