ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেমত পৰি ইয়াতেই শেষ নিশ্বাস: আমেৰিকান বাইক ৰাইডাৰ থমছনৰ শেষকৃত্য সম্পন্ন

নগাঁৱত শেষকৃত্য সম্পন্ন আমেৰিকান মহিলাৰ । বাইক ৰাইডিঙত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল আমেৰিকাৰ বেৰী থমছনে ।

Berry Thomsons funeral in Nagaon
আমেৰিকান বাইক ৰাইডাৰ থমছনৰ শেষকৃত্য নগাঁৱত সম্পন্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 27, 2024 at 6:13 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : উত্তৰ-পূৰ্বাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ভাল পাইছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এগৰাকী মহিলাই । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ একপ্ৰকাৰ প্ৰেমত পৰিছিল সূদুৰ আমেৰিকাৰ মহিলাগৰাকী । নাম তেওঁৰ বেৰী থমছন । অৱশেষত উত্তৰ-পূৰ্বাঞ্চলতে প্ৰাণ হেৰুৱালে আমেৰিকাৰ বেৰী থমছনে ।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বাইক চলাই আহি এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল আমেৰিকাৰ ৬০ ঊৰ্ধ্বৰ এইগৰাকী মহিলাই । ঘটনাটো সংঘটিত হৈছিল ২১ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে ।

আমেৰিকান বাইক ৰাইডাৰ থমছনৰ শেষকৃত্য নগাঁৱত সম্পন্ন (ETV Bharat Assam)

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰেমত পৰা আমেৰিকাৰ জৰ্জিয়াৰ বাসিন্দা বেৰী থমছন আছিল উত্তৰ-পূবৰ QAIDI Free Soul Riders নামৰ এটা বাইক ৰাইডাৰ গ্ৰুপৰো সদস্য । কিছুদিন পূৰ্বে তেওঁ এই গ্ৰুপটোত উত্তৰ-পূৰ্বাঞ্চলত বাইক ৰাইডিং কৰি গৈছিল যদিও পুনৰ এবাৰ অকলে বাইক ৰাইডিং কৰিবলৈ আহিছিল উত্তৰ-পূৰ্বাঞ্চললৈ । কিন্তু হঠাৎ সংঘটিত এক দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে উত্তৰ-পূবক ভালপোৱা আমেৰিকান মহিলা বেৰী থমছনৰ ।

ঘটনা সন্দৰ্ভত QAIDI বাইক ৰাইডাৰ গ্ৰুপৰ সদস্যই সংবাদ মাধ্যমক অৱগত কৰা মতে, "বিগত নৱেম্বৰ মাহতে উত্তৰ-পূব ভ্ৰমণলৈ অহা আমেৰিকাৰ জৰ্জিয়াৰ বেৰী থমছন যোৱা ২১ ডিচেম্বৰত শিলচৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত লামডিঙত এক পথ দুৰ্ঘটনাত পতিত হয় । কোনো অচিনাক্ত বাহনে খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু বাইক ৰাইডাৰ গ্ৰুপটোৰ সদস্যই উদ্ধাৰ কৰে যদিও তাৰ পূৰ্বেই আমেৰিকান মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।"

আনহাতে, ২১ ডিচেম্বৰত লামডিঙতে মৃত্যুক সাৱটি লোৱা আমেৰিকান মহিলা বেৰী থমছনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি নগাঁও মেডিকেল কলেজৰ মৰ্গত ৰখা হয় । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত বৈজ্ঞানিক পদ্ধতিৰে মৃতদেহটো সংৰক্ষণ কৰি ৰখা হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ মিহিৰ গোস্বামীয়ে জানিবলৈ দিয়ে ।

ডাঃ মিহিৰ গোস্বামীয়ে কয়, "বিগত ৬ দিন নগাঁও চিকিৎসা মহাবিদ্যালয়ত মহিলাগৰাকীৰ মৃতদেহ ৰাখি জিলা প্ৰশাসনে আমেৰিকান দুতাবাসৰ সৈতে যোগাযোগ কৰে । কিন্তু মহিলাগৰাকীৰ পৰিয়ালৰ লোক অসমলৈ অহাটো সম্ভৱ নহয় বুলি নগাঁও জিলা প্ৰশাসনক জনায় । তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে নগাঁৱতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।"

চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে লগতে জনায়, "বেৰী থমছনৰ পৰিয়ালৰ লোকৰ অনুমতি সাপেক্ষে হিন্দু ৰীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে নগাঁৱতেই মহিলাগৰাকীৰ খ্ৰীষ্টিয়ান ধৰ্মৰ ৰীতি-নীতি পালন কৰা হয় ।"

উল্লেখ্য যে বেংগালুৰৰ এগৰাকী খ্ৰীষ্টান ধৰ্মৰ ফাদাৰে তেওঁৰ স্থানীয় অভিভাৱকৰ দায়িত্ব পালন কৰে আৰু তেওঁ খ্ৰীষ্টান ধৰ্মীয় নীতি-নিয়ম সম্পন্ন কৰে । অৱশ্যে পৰিয়ালৰ লোকৰ অনুমতি সাপেক্ষেই পৰৱৰ্তী সময়ত নগাঁৱৰ আমোলাপট্টি শ্মশানত হিন্দু ধৰ্মৰ নীতি-নিয়ম অনুসৰি তেওঁৰ শেষকৃত্য সম্পন্ন কৰি আমেৰিকালৈ মহিলাগৰাকীৰ অস্থি প্ৰেৰণৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই ।

ইফালে উত্তৰ-পূৰ্বাঞ্চলত প্ৰাণ হেৰুওৱা আমেৰিকাৰ বেৰী থমছনৰ অন্তিম যাত্ৰাত QAIDI বাইক ৰাইডাৰ গ্ৰুপৰ লগতে উত্তৰ-পূবৰ কেইবাটাও ৰাইডাৰ ক্লাবে ভাগ লৈ তেওঁলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ বাইক ৰাইডাৰ গ্ৰুপৰ সদস্য তথা আমেৰিকাৰ বাসিন্দা বেৰী থমছন নামৰ মহিলাগৰাকীৰ মৃত্যুত কেইবাটাও বাইক ৰাইডাৰ গ্ৰুপৰ সদস্যৰ লগতে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মিহিৰ কুমাৰ গোস্বামীৰ উপৰি বিভিন্নজনে শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক :চকুৰ পচাৰতে বিদায় মাগিলে ৰেপিড' চালকসহ অধিবক্তাই - GUWAHATI ROAD ACCIDENT
লগতে পঢ়ক :কেইদিনমান আগতে ভাল খবৰ পাইছিলহে ! মুহূৰ্ততে থানবান হৈ পৰিল এটা পৰিয়ালৰ সপোন - 3 KILLED IN CAR ACCIDENT