ETV Bharat / state

১০০ খন এক্সকেভেটৰ, আঢ়ৈ হাজাৰ আৰক্ষী: আজি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

গাড়ীয়ে গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ দল আহিছে বিভিন্ন জিলাৰ পৰা । গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সকেভেটৰ ।

Uriamghat eviction
যুদ্ধং দেহী... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 7:52 AM IST

|

Updated : July 29, 2025 at 8:21 AM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: আজি(মঙলবাৰ)ৰে পৰা অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ।

ইতিমধ্যে উৰিয়ামঘাটত উপস্থিত হৈছে দুই হাজাৰৰো অধিক অসম আৰক্ষীৰ জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী । সাজু কৰা হৈছে ১০০ খনতকৈও অধিক এক্সকেভেটৰ ।

আজি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান (ETV Bharat Assam)

জানিব পৰা মতে অসম-নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২,৬৪৮ টা বাসগৃহত চলিব প্ৰশাসনৰ বুলড'জাৰ । উচ্ছেদৰ তালিকাত থকা গাওঁসমূহ হ'ল সোনাৰীবিল টোপ , ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনীপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী আৰু গেলাজান ।

Uriamghat eviction
উচ্ছেদ অভিযানৰ বাবে সাজু (ETV Bharat Assam)

ইফালে গাড়ীয়ে গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ দল আহিছে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা । কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদি বহু চৰকাৰী শীৰ্ষ বিষয়া আহি উপস্থিত হৈছেহি সৰুপথাৰত । উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সকেভেটৰ ।

বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰথম উচ্ছেদ অভিযান আৰম্ভ কৰিব প্ৰশাসনে ৷ উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন । উল্লেখযোগ্য যে উজনি অসমৰ বেদখলকাৰীৰ অভিকেন্দ্ৰ উৰিয়ামঘাট সীমান্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই উপস্থিত হৈ পৰিদৰ্শন কৰিছিল বেদখলকৃত ভূমি । বনাঞ্চল ধ্বংস কৰি বহু মূল্যৱান বৃক্ষ কাটি বেদখলকাৰীয়ে গঢ়ি তুলিছিল তামোলৰ বাগান ।

Uriamghat eviction
উচ্ছেদৰ বাবে সাজু (ETV Bharat Assam)

ইপিনে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বেদখলকাৰীসকলে সীমান্তত বাৰ্মিজ চুপাৰী, শিল, ড্ৰাগছ ব্যৱসায়কে ধৰি বিভিন্ন অসাধু কাৰ্যকলাপ কৰি আহিছিল। বনাঞ্চল ধ্বংস কৰাত সীমান্তৰ জলবায়ু পৰিৱৰ্তন কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে ।

উচ্ছেদৰ পিছতেই পুনৰ বনাঞ্চল গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে স্থানীয় বিধায়ক বিশ্বজিত ফুকনে । উৰিয়ামঘাটৰ সীমন্তত বেদখলমুক্ত কৰা হ'ব ১১ হাজাৰ ভূমি ।

লগতে পঢ়ক: উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত নগা সশস্ত্ৰ বিদ্ৰোহীৰ অবাধ বিচৰণ

Last Updated : July 29, 2025 at 8:21 AM IST