দৃষ্টিহীন ডেকা-গাভৰুৰ বিহু: ৰৈ নাথাকিল ৰূপজ্যোতি কুৰ্মীও
পৰম্পৰা ৰক্ষাত শাৰীৰিক বাধা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । সেই কথা প্ৰমাণ কৰিলে এজাক ডেকা-গাভৰুৱে ।

Published : April 19, 2025 at 5:38 PM IST
যোৰহাট : পৃথিৱীৰ ৰঙীন পোহৰৰ পৰাৰ বঞ্চিত হ'লেও মনত আছে অফুৰন্ত শক্তি আৰু পৰম্পৰা ধৰি ৰখাৰ অযুত হেঁপাহ । যাৰ বাবে পৰম্পৰা ধৰি ৰাখিবলৈ আৰু ব'হাগৰ বিহুটিক ৰঙীন কৰি তুলিবলৈ জাতীয় সাজপাৰ পৰিধান কৰি একাংশ দৃষ্টিহীন ডেকা-গাভৰুৱে চোতালে চোতালে জুৰিলে বিহু হুঁচৰি আৰু গাই গ'ল পুৰণিকলীয়া বিহুনাম । উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হোৱা এটা বিহুদলৰ হুঁচৰিয়ে ৰাজ্যবাসীৰ সন্মুখত দি গৈছে অসমীয়া কৃষ্টি-সংস্কৃতি ধৰি ৰখা আৰু সংৰক্ষণৰ এক অনন্য বাৰ্তা ।
দৃষ্টিহীন ডেকা-গাভৰুৰ বিহু হুঁচৰি
আনহাতে ৰাইজৰ সেৱাত সমৰ্পিত আৰক্ষীসকলক বিহুৰ উছাহ দিবলৈ দৃষ্টিহীন হুঁচৰি দলটো উপস্থিত হ'ল যোৰহাটৰ মৰিয়নী থানাত ৷ দলটোৰ সৈতে থানাত উপস্থিত হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীও । উচ্চশিক্ষাৰে শিক্ষিত দৃষ্টিহীন বিহুৱা-বিহুৱতীসকলৰ সৈতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে আৰক্ষী জোৱানসকলেও বিহু নাচিলে । মৰিয়নী আৰক্ষী থানাৰ বাকৰিত দৃষ্টিহীন হুঁচৰি দলটোৰ সৈতে বিহু নাচি মতলীয়া হৈ পৰিল বিধায়ক আৰু আৰক্ষী । শেষত আৰক্ষীৰ হৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দৃষ্টিহীন বিহু দলটিক শৰাই আগবঢ়ায় ।
মৰিয়নী থানাৰ বাকৰিত দৃষ্টিহীনসকলৰ বিহু হুঁচৰি প্ৰদৰ্শনত আপ্লুত হৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, "তেওঁলোকক এই শক্তি দিয়া বাবে ভগৱানৰ ওচৰত মই কৃতজ্ঞ । দৃষ্টিহীনসকলৰ বিহুৱে ৰাজ্যবাসীক আমোদ আৰু অনুপ্ৰেৰণা দিব ।" লগতে তেওঁ কয়, "অসমীয়া কৃষ্টি-সংস্কৃতি ধৰি ৰখা আৰু সংৰক্ষণৰ বাবে তেওঁলোকৰ দুৰ্বাৰ হেঁপাহক সকলোৱে মনত ৰাখিব । উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ বিহুদলটোৰ প্ৰত্যেকজন যুৱক-যুৱতীয়ে উচ্চশিক্ষিত আৰু বিহু দলটোত থকা কেইবাজনো বৰ্তমান কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৷ আনহাতে দৃষ্টিহীনসকলৰ বাবে চৰকাৰে কৰি অহা কামৰ সম্পৰ্কেও বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰে ।

