ETV Bharat / state

নতুন বছৰত আহি আছে বীৰাংগনা সাধনী

পূৰ্ণগতিত চলি আছে অসমীয়া ছবি "বীৰাংগনা সাধনী"ৰ কাম । আগন্তুক বৰ্ষৰ ২৫ জুলাইত মুক্তি লাভ কৰিব এই বহুপ্ৰত্যাশিত অসমীয়া ছবিখন ।

New Assamese film
বীৰাংগনা সাধনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 10:48 AM IST

|

Updated : December 10, 2024 at 1:26 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আগন্তুক বৰ্ষত আহি আছে নতুন অসমীয়া ছবি "বীৰাংগনা সাধনী" । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আহিবলগীয়া এই নতুন ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে নিৰ্মাতাগোষ্ঠীয়ে । লগতে উক্ত অনুষ্ঠানত ছবিখনৰ ফাষ্ট লুক মুকলি কৰা হয় ।

চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত তথা অসম চৰকাৰৰ সহযোগিতাত নিৰ্মাণ কৰা এই ছবিখন মুক্তিলাভ কৰিব আগন্তুক বৰ্ষত ২৫ জুলাইত । ছবিখনৰ পৰিচালনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক বিশ্বজিৎ বৰাৰ ।

বীৰাংগনা সাধনী (ETV Bharat Assam)

সোমবাৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতি প্ৰসাদ চুতীয়া, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অৰুণ হাজৰিকা, অভিনেত্ৰী মলয়া গোস্বামী, চন্দনা শৰ্মা, জ্যেষ্ঠ সাংবাদিক শিৱানু বৰাকে ধৰি ছবিখনৰ সমূহ কলা-কুশলী ।

অসমীয়া ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ থকা বীৰাংগনাসকলৰ ভিতৰত অন্যতম হৈছে ‘‘বীৰাংগনা সতী সাধনী’’ । বীৰাংগনাৰ সতী সাধনীৰ জীৱনগাথা তথা ত্যাগৰ কাহিনীৰে নিৰ্মাণ কৰা এই ছবিখনত ৰাজ্যৰ ভিন্ন স্থানৰ লগতে অসমৰ বাহিৰতো চিত্ৰগ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : 27 বছৰৰ পিছত আকৌ আহি আছে "টাইটানিক"

ছবিখনত অভিনয় কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অসমৰ নাট্যজগত আৰু ৰূপালী পৰ্দাত খলকনি তোলা অভিনেতা মৃদুল চুতীয়া, তপন দাস, অৰুণ হাজৰিকা, চন্দনা শৰ্মা, হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, জ্যোতি নাৰায়ণ নাথ, বিনোদ লাল দাস আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব মণিপুৰৰ ৰাজবংশীয় পৰিয়ালৰ লুকানন্দক । লুকানন্দ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান দখলকাৰী, ১৪ বছৰীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিক্ৰমাৰ পৰিপূৰ্ণ এগৰাকী অভিনেতা, পৰিচালক তথা মডেল ।

উল্লেখযোগ্য যে, ৬০০ ডাল গছ ৰোপণ কৰি পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে এক যুঁজ দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে "বীৰাংগনা সাধনী"ৰ নিৰ্মাতাগোষ্ঠীয়ে । "কাৰ্বন নিউট্ৰেল ছবি" হিচাবে গঢ়ি তোলাৰ মানসিকতাৰে নিৰ্মাতাগোষ্ঠীয়ে এই ব্যতিক্ৰমী প্ৰয়াস হাতত লৈছে ।

লগতে পঢ়ক : মুম্বাইৰ পৃথ্বী থিয়েটাৰত "চন্দ্ৰনখা": অসমলৈ আহিল চাৰিটাকৈ বঁটা
Last Updated : December 10, 2024 at 1:26 PM IST