ETV Bharat / state

তাঁতশালত অনন্য সৃষ্টিৰে অসমৰ পৰম্পৰাগত শিল্পক প্ৰাণৱন্ত কৰা হেমপ্ৰভা চুতীয়া সাজু আন এক চমকলৈ

'নামঘোষা'ক ইংৰাজী আৰু হিন্দীত ৰূপ দিব সুনিপুণ শিপিনীগৰাকীয়ে । ৬ বছৰ সময় লাগিব সম্পূৰ্ণ কৰিবলৈ ।

Unique Weaver Hemprabha Chutia
আন এক সৃষ্টিৰে চমক দিবলৈ সাজু হেমপ্ৰভা চুতীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 4:10 PM IST

9 Min Read
Choose ETV Bharat

মৰাণ : অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ তাঁতশাল । কেইবছৰমান আগলৈকে প্ৰতিটো অসমীয়া পৰিয়ালত তাঁতশাল থকাটো পৰম্পৰাৰ দৰে আছিল; কিন্তু কালক্ৰমত সুতা কাটি তাঁতশালত কাপোৰ বৈ পিন্ধা লোকৰ সংখ্যা কমিল । ইয়াৰ মাজতে একাংশই ব্যৱসায়িক ভিত্তিত তাঁতশালত কাপোৰ বৈ স্বাৱলম্বী হোৱাৰ লগতে অসমীয়া সমাজ জীৱনৰ এই পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা কৰিছে ।‌ ইয়াৰ মাজতে তাঁতশালত ধৰ্মগ্ৰন্থক বৰ্ণবস্ত্ৰ ৰূপ দি একপ্ৰকাৰে অসাধ্যকো সাধন কৰি তুলিছে মৰাণৰ হেমপ্ৰভা চুতীয়াই ।

তাঁতশালত কেইবাখনো ধৰ্মগ্ৰন্থক বৰ্ণবস্ত্ৰ ৰূপ দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা হেমপ্ৰভা চুতীয়াই আন এক সৃষ্টিৰে চমক দিবলৈ সাজু হৈছে । ইতিমধ্য়ে অসম গৌৰৱ আৰু পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী সুনিপুণ শিপিনীয়ে হাতৰ যাদুৰে দেশবাসীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিচত এইবাৰ সাজু হৈছে 'নামঘোষা'ক ইংৰাজী আৰু হিন্দীত ৰূপ দিবলৈ । মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি 'নামঘোষা' তাঁতাশালত বোৱাত ব্য়স্ত থকা শিপিনীগৰাকীয়ে এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত ব্য়ক্ত কৰিলে নিজৰ পৰিকল্পনাৰ কথা ।

আন এক সৃষ্টিৰে চমক দিবলৈ সাজু হেমপ্ৰভা চুতীয়া (ETV Bharat Assam)

ইংৰাজী আৰু হিন্দীত ৰূপ দিওতে লাগিব কিমান বছৰ ?

পদ্মশ্ৰী বঁটাৰে সন্মানিত মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াৰ অন্য এক সৃষ্টি সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে । তাঁতশালত পুনৰ ববলৈ আৰম্ভ কৰিছে তেওঁৰ ৬ নম্বৰখন ধৰ্মগ্ৰন্থ । এইবাৰ 'নামঘোষা' ইংৰাজী আৰু হিন্দীত ৰূপ দিব । তাঁতশালত নিখুঁতভাৱে ববলৈ ধৰিছে ধৰ্মগ্ৰন্থখন । ৫ খন ধৰ্মগ্ৰন্থ বৰ্ণবস্ত্ৰ ৰূপ দিবলৈ সক্ষম হোৱাৰ পাছত দিনে-নিশাই ৬ নম্বৰখন ধৰ্মগ্ৰন্থখন ইংৰাজী আৰু হিন্দীত বৈ থকা হেমপ্ৰভা চুতীয়াই কয়, "নামঘোষাখন ইংৰাজী আৰু হিন্দীত দুয়োটা ভাষাতে ববলৈ চেষ্টা কৰিছো । সেউজীয়া ঊণ সুতাৰে আখৰ তোলা হৈছে । দুয়োটা ভাষাতে গ্ৰন্থখন বৈ শেষ কৰিবলৈ ৬ বছৰ সময় লাগিব বুলি অনুমান কৰিছো । গ্ৰন্থখন ৫০০ৰ পৰা ৬০০ ফুট দৈৰ্ঘ্যৰ হ'ব বুলি ধাৰণা কৰা হৈছে ।‌"

Unique Weaver Hemprabha Chutia
১৫০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাগৱত গীতা'ৰ বৰ্ণবস্ত্ৰ (ETV Bharat Assam)

বিগত ১২ বছৰে দিনে নিশাই হেমপ্ৰভা চুতীয়াই তাঁতশালত গুৰু দুজনাৰ ৫ খনকৈ ধৰ্ম গ্ৰন্থক তাঁতশালত বৰ্ণবস্ত্ৰ ৰূপ দিবলৈ সক্ষম হৈছে । ইতিমধ্যে অসম গৌৰৱ,পদ্মশ্ৰী বঁটাৰে সন্মানিত ডিব্ৰুগড় জিলাৰ মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াৰ পাঁচখন‌ ধৰ্মগ্ৰন্থ অসমীয়া, সংস্কৃত আৰু ইংৰাজীত ৰূপ দি চমক সৃষ্টি কৰাৰ লগতে তাঁতশালত পুনৰ ববলৈ আৰম্ভ কৰিছে ৬ নম্বৰখন ধৰ্মগ্ৰন্থখন ।

ধৰ্মগ্ৰন্থক বৰ্ণবস্ত্ৰৰ ৰূপ দিয়াৰ আৰম্ভণি :

সৰুৰে পৰা তাঁতশালত কাপোৰ বৈ ভাল পোৱা হেমপ্ৰভা চুতীয়াই ২০১৩ চনত আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ‌ আৰু মাধৱদেৱ বিৰচিত ধৰ্মগ্ৰন্থ সমূহৰ বৰ্ণবস্ত্ৰৰ ৰূপ দিয়াৰ কাম । তেওঁ প্ৰথমে মুগা সূতা আৰু গুণাৰ আৰু ঊণ সূতাৰে তাঁতশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত আৰু ২৮০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাৱত গীতা' ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ দেশতেই পৰিচিত হৈ পৰিল ।

২৩০ ফুট দৈৰ্ঘ্যৰ বৰ্ণবস্ত্ৰ ৰূপত গুণমালা :

হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজীৰ বাবে অসম চৰকাৰে ২০২২ বৰ্ষত 'অসম গৌৰৱ বঁ‌টা' প্ৰদান কৰাৰ লগতে ২০২৩ বৰ্ষত ভাৰত চৰকাৰে 'পদ্মশ্ৰী বঁটা'ৰে সন্মানিত কৰিছিল হেমপ্ৰভা চুতীয়াক । এই সন্মান লাভ কৰাৰ পাছতো থমকি ৰোৱা নাছিল হেমপ্ৰভা চুতীয়া । পুনৰ তাঁ‌তশালত ইংৰাজীত বৈ উলিয়ালে ২৩০ ফুট দৈৰ্ঘ্যৰ বৰ্ণবস্ত্ৰ ৰূপত গুৰুজনাৰ গুণমালা ।‌ প্ৰায় ২৩০ ফুট দৈৰ্ঘ্যৰে ইংৰাজীত বৈ উলিয়ালে গুণমালা । সম্পূৰ্ণ এৰি সূতা আৰু বাঁহৰ কাঠিৰে ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত এই গুণমালা তাঁতশালত ববলৈ আৰম্ভ কৰি ২০২৪ ৰ ১ ডিচেম্বৰত প্ৰায় ২ বছৰ ৯ মাহৰ চেষ্টাৰ অন্তত সম্পূৰ্ণ কৰি আন এক বিৰল সম্পদ ৰাইজক উপহাৰ দিলে শিপিনীগৰাকীয়ে ।

কষ্ট,অবিৰাম প্ৰচেষ্টা‌ৰ ফলত পাঁচখন ধৰ্মগ্ৰন্থ বৰ্ণবস্ত্ৰ ৰূপ দিয়া হেমপ্ৰভা চুতীয়াৰ গৃহত বৰ্ণবস্ত্ৰ চাবলৈ ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে । আৰ্থিক অনাটনৰ মাজতে নিজৰ সৃষ্টিক লৈ প্ৰতিটো মুহূৰ্তত ব্যস্ত আছে শিপিনীগৰাকী । অসমীয়া জীয়ৰী-বোৱাৰীসকলে তাঁতশালত সপোন ৰচিবলৈ প্ৰেৰণা লাভ কৰিছে হেমপ্ৰভা চুতীয়াৰ সৃষ্টিশীল কৰ্মৰ পৰা ।

Unique Weaver Hemprabha Chutia
গুণমালাৰ বৰ্ণবস্ত্ৰ ৰূপ (ETV Bharat Assam)

গুৰু দুজনাৰ ৫ খনকৈ গ্ৰন্থক তাঁতশালত ৰূপ দিলে বৰ্ণবস্ত্ৰৰ :

ধৰ্মগ্ৰন্থ তাঁতশালত বৰ্ণবস্ত্ৰ ৰূপ দি একপ্ৰকাৰে অসাধ্যকো সাধন কৰি তুলিছে মৰাণৰ হেমপ্ৰভা চুতীয়াই। এই পৰিক্ৰমা সন্দৰ্ভত তেওঁ কয়," মই ২০১৩ চনৰ পৰাই তাঁতশালত ধৰ্ম গ্ৰন্থ ববলৈ আৰম্ভ কৰিছোঁ । প্ৰথমে অসমীয়াত ৯০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ উলিয়াবলৈ সক্ষম হৈছিলো । এই গ্ৰন্থখন বৈ মনত অতি আনন্দ লাভ কৰিছিলো । সেয়ে এনে কাম কৰি বুলি মনত ভাবি নামঘোষাখন ববলৈ আৰম্ভ কৰিলোঁ । ২০০ ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা' দুটা বছৰৰ চেষ্টাৰ অন্তত বৈ উলিয়াবলৈ সক্ষম হৈছোঁ । ইয়াৰ পাছতে ১৫০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত বৈ উলিয়াবলৈ সক্ষম হ'লো । ইয়াৰ পিছত ইংৰাজীত শ্ৰীমদ্ভাৱত গীতা' ২৮০ ফুট দৈৰ্ঘ্যৰ মুগাৰ সূতাৰে বৈ উলিয়ালৈ সক্ষম হ'লো । ৩ বছৰ ১ মাহ ৮ দিন সময় লাগিছিল ইংৰাজীত শ্ৰীমদ্ভাৱত গীতা'খন বৈ উলিয়াবলৈ । ইংৰাজীত শ্ৰীমদ্ভাৱত গীতা বৈ শেষ কৰা পাছত ইংৰাজীত বৰ্ণবস্ত্ৰৰ ৰূপত গুৰুজনাৰ গুণমালা ববলৈ আৰম্ভ কৰিছিলোঁ । ২ বছৰ ৯ মাহৰ চেষ্টাৰ অন্তত বৈ সম্পূৰ্ণ কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা । ইংৰাজীত বৈ উলিওৱা গুণমালা ২৩০ ফুট দৈৰ্ঘ্যৰ । দীঘ এৰি সূতা আৰু বাণী বাঁ‌হৰ কাঠিৰে বোৱা হৈছে ।"

পদ্মশ্ৰী বঁটা লাভৰ খবৰটো বিশ্বাসেই কৰা নাছিল:

হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজীৰ বাবে অসম চৰকাৰে ২০২১ বৰ্ষত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাৰ লগতে ২০২৩ বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল । তাঁত শালত সপোন ৰচিবলৈ সক্ষম হোৱা হেমপ্ৰভা চুতীয়াই কোনো দিনেই বঁটা, সম্বৰ্ধ নাৰ কথা চিন্তা কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয়, "নামঘোষা, গুণমালা আৰু ভাগৱত গীতা এই তিনিখন‌ গ্ৰন্থ তাঁতশালত তুলি শেষ কৰাৰ পাছতে অসম চৰকাৰে ২০২১ বৰ্ষত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰে । মই কেতিয়াও তাঁত বৈ এই দৰে যে বঁটা লাভ কৰে সেই কথা জনা নাছিলোঁ আৰু মোৰ লক্ষ্য উদ্দেশ্য সেইটো নাছিল । ইয়াৰ পাছতো নিজৰ কাম কৰি গৈছিলো; কিন্তু ২০২৩ চনত মোলৈ ফোন আহিছিল ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা লাভ কৰা বুলি । মোৰ বিশ্বাস হোৱা নাছিল;কিন্তু অলপ পাছত সংবাদ মাধ্যমৰ কৰ্মীসকল ঘৰত আহি উপস্থিত হোৱাতহে মোৰ বিশ্বাস হৈছিল । বঁটা লাভ কৰি যিমান আনন্দ লাভ কৰিছো তাতকৈ অসমৰ ৰাইজৰ মৰম আশীৰ্বাদ লাভ কৰি বেছি আনন্দিত হৈছো।"

Unique Weaver Hemprabha Chutia
ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ হেমপ্ৰভা চুতীয়াৰ (ETV Bharat Assam)

সংগ্ৰাহলয় নিৰ্মাণৰ বাবে আবেদন কৰি পৰিছে ভাগৰি :

হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজী সংৰক্ষণৰ বাবে চৰকাৰে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ কাজী শিপিনী গৰাকীৰ । এটি সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰি কৰি ভাগৰি পৰিছে শিপিনীগৰাকী । চুতীয়া উন্নয়ন পৰিষদৰ এটা পুঁজিৰে কাৰ্যালয় নিৰ্মাণ হ'ল যদিও সংগ্ৰাহলয় নিৰ্মাণৰ বাবে অসম চৰকাৰে আজিও কোনো সঁহাৰি দিয়া নাই । যাৰ বাবে কোনো কোনো সময়ত থমকি ৰ'ব লগা হৈছে শিপিনীগৰাকী । তেওঁ মুখ্যমন্ত্ৰীক এটি সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুৰোধ জনাই কয়, "সৰ্বানন্দ সোণোৱাল মুখ্য়মন্ত্ৰী হৈ থকা সময়ত তেওঁক সংগ্ৰহালয় নিৰ্মাণৰ বাবে আবেদন কৰিছিলো । সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ এক অনুষ্ঠানত সংগ্ৰহালয় নিৰ্মাণ কৰি দিম বুলি ঘোষণা কৰি দিছিল। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আবেদন কৰিছো যদিও আজি পৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই । কিন্তু সংগ্ৰহালয় নিৰ্মাণৰ বাবে নিজৰ ভূমি দান কৰিছো।"

Unique Weaver Hemprabha Chutia
২০২২ বৰ্ষত 'অসম গৌৰৱ বঁ‌টা' গ্ৰহণ (ETV Bharat Assam)

তাঁতশালখনক বাদ দিলে অসমীয়াৰ চিনাকিটো আধৰুৱা:

অসমীয়া জনজীৱনৰ পৰা বিভিন্ন কাৰণত তাঁতশালৰ ব্যৱহাৰ কমি গৈছে ।‌ এই সম্পৰ্কে হেমপ্ৰভা চুতীয়াই কয়, "মই সৰুৰে পৰা তাঁতশালৰ লগত জড়িত হৈ আছো । তাঁতশাল এৰা নাই । বৰ্তমান সময়ত আধুনিক সমাজত তাঁতশাল হেৰাই গৈছে বুলি একাংশই দাবী কৰিলেও মোৰ কাৰণে তেনে হোৱা নাই । তাঁতশালক সদাই সন্মান দি ব্যৱহাৰ কৰি আহিছো । মই তাঁতশালত বোৱা কাপোৰ পিন্ধি আহিছোঁ । তাঁতশালখন বাদ দিলে অসমীয়াৰ চিনাকিটো আধৰুৱা । তাঁতশালৰ জৰিয়তে পৰিয়ালসমূহ স্বাৱলম্বী হ'ব পাৰে । সেয়ে তাঁতশালখনক সকলোৱে সন্মান কৰিব লাগে । অসম চৰকাৰে তাঁত শাল খন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰিব লাগে ।"

বৰ্ণবস্ত্ৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন:

বৰ্ণবস্ত্ৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন সন্দৰ্ভত তেওঁ কয়, "ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে দেশৰ বাহিৰৰ বিভিন্নজন‌ আহি বৰ্ণবস্ত্ৰসমূহ চাইহি । সকলোৱে চাই বৰ্ণবস্ত্ৰসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ আশ্বাস দিয়ে । তেওঁলোকৰ প্ৰতিটো কথাই অনুপ্ৰাণিত কৰে ।"

Unique Weaver Hemprabha Chutia
বৰ্ণবস্ত্ৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন (ETV Bharat Assam)

লগতে পঢ়ক:২ বছৰ ৯ মাহৰ অন্তত উন্মোচন তাঁতশালত ইংৰাজীত বৈ উলিওৱা ২৩০ফুট দৈৰ্ঘৰ গুণমালা - GUNAMALA IN ENGLISH

তাঁতশালত জীৱনৰ ছবি... খিটিক-খিটিক শব্দৰ ডেউকাৰে উৰাৰ সপোনটো পূৰ হ'ল - TRADITIONAL HANDICRAFTS OF ASSAM