মৰাণ: আপুনি তেল ডিপোত তেল ভৰাবলৈ গ'লে হাতত তামোল-পাণৰ বঁটা লৈ চালক আৰু যাত্ৰীক বিনামূলীয়াকৈ এখন তামোল আগবঢ়াই দিলে আপুনি চাগে আচৰিতেই হ'ব !
কাৰণ অসমৰ প্ৰায়ভাগ তেল ডিপোত এনে পৰিৱেশ দেখিবলৈ পোৱা নাযায়। ইয়াৰ মাজতে উজনি অসমৰ এটা ব্যতিক্ৰমী তেল ডিপোৰ দৃশ্য দেখিলে ভাল লাগিব আপোনাৰ । য'ত চাদৰ-মেখেলা পৰিহিত এদল অসমীয়া যুৱতীয়ে দেখুৱাইছে কৰ্মসংস্কৃতি ।
কামৰ মাজতে অসমীয়া সমাজ ব্যৱস্থাৰ এক নিদৰ্শন দাঙি ধৰাৰ চেষ্টা চলিছে । বিহুৰ আনন্দ উল্লাসৰ মাজত আমি আপোনাক দেখুৱাম তেল ডিপোত কৰ্মৰত এদল অসমীয়া যুৱতীৰ কৰ্মস্পৃহা আৰু অসমীয়াগিৰি । নিতৌ পুৱাৰে পৰা গধূলিলৈকে বিভিন্ন যান-বাহনত তেল ভৰোৱা কামত নিয়োজিত এই অসমীয়া যুৱতীসকলে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । হাতত তামোল-পাণৰ বঁটা লৈ প্ৰতিগৰাকী গ্ৰাহকক আদৰণি জনোৱা মেখেলা-চাদৰ পৰিহিত যুৱতীসকলে আনন্দমনেৰে পালন কৰি আহিছে নিজৰ দায়িত্ব ।

ডিব্ৰুগড়ৰ বেতনী নাহৰপুখুৰী গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই ব্যতিক্ৰমী তেল ডিপোটো হৈছে স্বৰ্ণ অসম ৷ ইয়াত নিয়োজিত হৈ থকা ৯ গৰাকী যুৱতীৰ কোনোবাগৰাকী যদি উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ, আন কোনোবা বি এ বা বি কম উত্তীৰ্ণ ৷ শিক্ষিত হৈ তেল ডিপোত কাম কৰা এই যুৱতীসকলে গঢ়ি তুলিছে কৰ্মসংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন ৷ বিশেষকৈ ডিপোটোৰ গৰাকী কন্দৰ্পসাগৰ দিহিঙীয়াই যুৱতীসকলৰ বাবে কৰ্মক্ষেত্ৰত এক সুকীয়া পৰিৱেশ গঢ়ি তোলাত সক্ষম হৈছে ।

তেল ডিপোৰ লগতে স্থাপন কৰিছে অসমীয়া চাহ-জলপানৰ এখন থলুৱা ৰেষ্টুৰেন্ট ৷ লগতে অসমীয়া শিপিনীয়ে বোৱা গামোচা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৰেষ্টুৰেন্টখনত । ফলস্বৰূপে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ এই যুৱতীসকলে তেল ডিপোৰ কৰ্মচাৰী হিচাপে কাম কৰিও অত্যন্ত সুখী । বিহুৰ বতৰতো এইসকল যুৱতীয়ে নিজৰ দায়িত্বৰ বাবে পৰিয়ালৰ পৰা আঁতৰি তেল ডিপোতে ব্যস্ততাৰ মাজতেই মাৰিছে বিহু ।
তেল ডিপোলৈ অহা প্ৰতিজনে উৎসাহিত কৰে যুৱতীকেইগৰাকীক :
বিহুৰ বতৰত অসমীয়া সাজ পৰিধান কৰি তেল ডিপোত কৰ্মৰত হৈ থকা গাৰ্গী শইকীয়াই কয়, "ইয়াত কাম কৰি ভাল লাগিছে । নতুন এটা অনুভৱ বুটলিবলৈ সক্ষম হৈছো । আমাৰ কৰ্তৃপক্ষই অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে । তেল ডিপোলৈ অহা মানুহে ভাল পাই, বিভিন্নজনে বহু উৎসাহজনক মন্তব্য কৰি যায় । তেল ডিপোৰ চৌহদত তাঁতশালত বোৱা গামোচা, অসমীয়া সাজপাৰ পোৱাৰ লগতে চাহ-জলপান খোৱাৰো ব্যৱস্থা আছে । চাহ-জলপানত ঘৰত বনোৱা পিঠা- লাড়ু দিয়া হয় । ঘৰত এনেই বহি থকাতকৈ এনেদৰে কাম কৰি ঘৰত মা-দেউতাক কিবা এটা সহায় কৰিবলৈ সক্ষম হৈছো তাক লৈ আমি সুখী ।"

প্ৰতিগৰাকী গ্ৰাহকক দিয়ে তামোল-পাণ :
বিহুৰ বতৰত দায়িত্ব পালন কৰি থকা কৰিশ্মা চুতীয়াই কয়, "দুবছৰতকৈ বেছি হ'ল মোৰ ইয়াত কাম কৰা । ইয়াত মৰাণ, খোৱাং, ৰাজগড় আদি ঠাইৰ ৯ গৰাকী যুৱতীয়ে কাম কৰি আছো । খুবেই ভাল লাগে ইয়াত কাম কৰি । আজি বিহু বুলি আমি মুগাৰ সাজ পিন্ধি কাম কৰিছো । ইয়ালৈ অহা প্ৰতিগৰাকী গ্ৰাহকক ঘৰলৈ আলহী আহিলে দিয়াৰ দৰে তামোল-পাণ দিয়া হয় । গ্ৰাহকসকলে ভাল পাই কৈ যায় তোমালোকৰ ইয়ালৈ আহিলে ভাল লাগে বুলি ।"
গ্ৰাহকে শলাগ লৈছে প্ৰচেষ্টাক:
মুখত মিঠা হাঁহি, হাতত পাণ-তামোলৰ বঁটা লৈ দায়িত্ব পালন কৰি থকা যুৱতীসকলৰ কৰ্মসংস্কৃতি দেখি আপ্লুত হৈ পৰিছে গ্ৰাহকসকল । লগতে তেল ডিপোৰ কৰ্তৃপক্ষই অসমীয়া সমাজ ব্যৱস্থাৰ এটা পৰিৱেশ দিবলৈ চেষ্টা কৰা বিষয়টোক সকলোৱে শলাগ লৈছে । এজন গ্ৰাহকে কয়, "তেল ভৰাবলৈ ইয়ালৈ আহো, ভাল লাগে । অসমীয়া জাতিটোৰ সন্মান তামোলখন ইয়াত যাচে, ভাল লাগে ।"