ডিব্ৰুগড়: ২২ এপ্ৰিলত পহলগামত পাকিস্তানে সংঘটিত কৰা নাৰকীয় হত্যাকাণ্ডৰ পিছত অপাৰেশ্যন সেন্দূৰৰ জড়িয়তে ইয়াৰ প্ৰত্যুত্তৰ দিলে ভাৰতে । পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উৰুৱাই দিয়াৰ পিছত সৃষ্টি হৈছে যুদ্ধকালীন পৰিৱেশৰ । ইয়াৰ পাছতে ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ বাবে দেশত উলিওৱা হৈছে ত্ৰিৰংগা যাত্ৰা ৷ অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পাছতে উলিওৱা এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে ।
অপাৰেশ্যন সেন্দূৰৰ সম্পূৰ্ণ সফল কৰাৰ ক্ষেত্ৰত ভাৰতীয় বীৰ সৈনিকসকলৰ কষ্ট আৰু ত্যাগৰ বাবে কৃতজ্ঞতা জনোৱাৰ বাবেই অনুষ্ঠিত হোৱা ত্ৰিৰংগা যাত্ৰা শুকুৰবাৰে ডিব্ৰুগড়ত কৰা হয় । আজি ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰৰ পৰা ASTC বাছ আস্থানলৈকে উলিওৱা ত্ৰিৰংগা যাত্ৰাত সহস্ৰাধিক ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ত্ৰিৰংগা পতাকা লৈ ভাৰতীয় সেনা জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰে ডিব্ৰুগড়ৰ ৰাজপথ ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ উদ্যোগ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, বিধায়ক তৰংগ গগৈ, বিধায়ক বিনোদ হাজৰিকাৰ লগতে জিলা বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
ভাৰতীয় সেনাৰ শক্তিশালী প্ৰচেষ্টাক লৈ প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত:
এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, "ভাৰতবৰ্ষৰ সেনা বাহিনীয়ে পাকিস্তানে সৃষ্টি কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি বীৰত্বৰে যুঁজ দিলে তাৰ ফলত অপাৰেশ্যন সেন্দূৰত ভাৰতীয় সেনা সফল হ'ল । ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধী, সেই বাৰ্তা পাকিস্তানক পৰাভূত কৰি বিশ্বৰ মানৱ সমাজলৈ দিবলৈ সক্ষম হ'লোঁ । সন্ত্ৰাসবাদৰ সৈতে কোনো কাৰণতে আপোচ কৰা নহ'ব ।"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়,"পাৰমাণৱিক অস্ত্ৰ লৈ যাতে পাকিস্তানে ব্লেকমেইল নকৰে তাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক সকিয়াই দিছে । পেহেলগামত আহি নিৰীহ পৰ্যটকসকলক নিষ্ঠুৰভাৱে হত্যা কৰা সন্ত্ৰাসবাদীসকলক নিঃশেষ কৰিলে ভাৰতীয় সেনাই ।" ভাৰতৰ এই সফলতাৰ বাবে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়,"ভাৰতীয় সেনাৰ শক্তিশালী প্ৰচেষ্টাক লৈ প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত ।"