ETV Bharat / state

শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন... সোণোৱালে উদ্বোধন কৰিলে ডিব্ৰুগড়ৰ ৰাস - RAASLILA PREPARATION

পৱিত্ৰ ৰাসক লৈ উখল-মাখল ডিব্ৰুগড় । পদুমণি নিতাইপুখুৰী ৪৯ সংখ্যক আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Union Minister Sarbananda Sonowal inaugurates Raslila Mahotsav in Dibrugarh
ৰাসোৎসৱস্থলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 11:00 PM IST

2 Min Read

ডিব্ৰুগড়: আজিৰে পৰা শৰতৰ নিয়ৰসনা নিশা ৰাসৰ মাদকতা লৈছে ৰাজ্যবাসীয়ে । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বহু স্থানত ৰাইজে অনুষ্ঠিত কৰিছে পৰম্পৰা ৰক্ষা কৰি শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ । পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো ডিব্ৰুগড় জিলাৰ পদুমণি নিতাইপুখুৰীত ৰাইজে ৪৯ সংখ্যক আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰিছে ।

বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই ঐতিহাসিক ৰাস মহোৎসৱ উদ্বোধন কৰে ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অনুষ্ঠানত উপস্থিত থাকে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ , ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম চৰকাৰ গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।

ৰাসোৎসৱস্থলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ পদুমণি নিতাইপুখুৰী বৃহত্তৰ অঞ্চলৰ ৰাইজে আৰম্ভণিৰে পৰা এই আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আধ্যাত্মিক পৰিৱেশেৰে অনুষ্ঠিত কৰি আহিছে ।

বৃহস্পতিবাৰৰ ৰাস মহোৎসৱ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকি বিধায়ক চক্ৰধৰ গগৈয়ে নিজৰ ভাষণত কয়,"এই পদুমণি নিতাইপুখুৰী আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অহা বৰ্ষত ৫০ বছৰত ভৰি দিব । সেয়ে এই ৰাস মহোৎসৱ অহা বৰ্ষত বিস্তাৰিত কাৰ্যসূচীৰে যাতে অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সৈতে আলোচনা মিলিত হ'ব ।"

এই ঐতিহাসিক ৰাস মহোৎসৱ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,"ৰাসলীলাৰ জৰিয়তে আমি একত্ৰিত হ'বলৈ অনুপ্ৰাণিত হওঁ । ৰাস লীলাই বিশ্বাস আৰু আধ্যাত্মিকতাৰ এক নিদৰ্শন দাঙি ধৰি আহিছে । এই অনুষ্ঠানে মানৱ সম্পদ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এখন সৱল সমাজত গঢ়িবলৈ গুৰুজনাই এই ৰাস সমাজলৈ আগবঢ়াই গৈছে । আধুনিক প্ৰযুক্তিৰ বিকাশৰ সময়ত প্ৰকৃত মানৱতা গঢ় দিয়াত ৰাসলীলাই সহায় কৰি আহিছে ।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "এই ৰাস মহোৎসৱলৈ আহি ভাল লাগিল । পদুমণি অঞ্চলৰ ৰাইজ সাংস্কৃতিকভাৱে অতি সজাগ-সচেতন । ৰাইজে ৰাসলীলা অনুষ্ঠিত কৰি ভক্তিভাৱৰ বাতাৱৰণ সৃষ্টি কৰিছে । গুৰুজনাৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ।" পূৰ্বে মৰাণ সমষ্টিৰ বিধায়ক হৈ থাকোতেও এই আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ চোৱা বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: আজি অধিবাসেৰে দক্ষিণপাট সত্ৰত আৰম্ভ ৰাসলীলাৰ কাৰ্যসূচী

বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.