ETV Bharat / state

নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰৰ দহ হেজাৰ কোটি টকা অনুমোদন; সৰ্বানন্দ সোণোৱালৰ কৃতজ্ঞতা - NAMRUP IV AMMONIA UREA PLANT

অসমৰ বাবে ভাল খবৰ ৷ কেন্দ্ৰই কেবিনেটত নামৰূপ সাৰ কাৰখানালৈ পুঁজি অনুমোদন জনোৱাত সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Cabinet approves Namrup urea plant
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (IANS)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 2:02 PM IST

2 Min Read

গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ ক্ষমতাসম্পন্ন এটা নতুন ব্ৰাউনফিল্ড এম’নিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে । ইয়াৰ আনুমানিক প্ৰকল্প ব্যয় হ'ব ১০৬০১.৪০ কোটি টকা ।

নামৰূপৰ চতুৰ্থ প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠাৰ বাবে ৪৮ মাহৰ প্ৰয়োজন হ'ব । এই প্ৰকল্পই ঘৰুৱা ইউৰিয়া উৎপাদন বৃদ্ধি কৰাৰ উপৰি কৃষকসকলকো উপকৃত কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সযোগে জনাইছে । আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্নক এই প্ৰকল্পয়ো বাস্তৱায়িত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat)

ইফালে, অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া আকাংক্ষা কৰি এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

এই সন্দৰ্ভত সোণোৱালে কয়, “অসমবাসীৰ বহু প্ৰতীক্ষিত নামৰূপৰ চতুৰ্থ সাৰ গোটৰ অনুমোদনে ঔদ্যোগিক বৃদ্ধি, কৃষিখণ্ডৰ উৎকৰ্ষ সাধন আৰু আমাৰ কৃষকসকলৰ আৰ্থ-সামাজিক কল্যাণ যথেষ্ট পৰিমাণে ত্বৰান্বিত কৰিব । এই অভিলাষী প্ৰকল্পটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সাৰৰ যোগান শৃংখলা শক্তিশালী কৰিব । তদুপৰি ই পৰিবহন ব্যয়ো হ্ৰাস কৰিব, ভৱিষ্যতৰ চাহিদা বৃদ্ধি কৰিব আৰু প্ৰত্যক্ষ তথা পৰোক্ষ কর্মসংস্থাপনৰ সৃষ্টি কৰিব । একে সময়তে অসমৰ সৈতে ম্যানমাৰ, বাংলাদেশ, ভূটানৰ দৰে চুবুৰীয়া বজাৰৰ সম্পৰ্কও বৃদ্ধি কৰিব ।’’

উল্লেখ্য যে, নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড (বি ভি এফ চি এল) ৩৪৯ হেক্টৰ চৌহদৰ ভিতৰত ১৭২ হেক্টৰত নতুনকৈ অনুমোদিত উদ্যোগটো স্থাপন কৰা হ'ব । নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনত কেন্দ্ৰীয় কেবিনেটে কালি অনুমোদন জনোৱা কাৰ্যক বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই আদৰণি জনাইছে ।

লগতে পঢ়ক : অসমত প্ৰায় ১১ হাজাৰ কোটিৰ ইউৰিয়া প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.