ETV Bharat / state

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্বলালে কাতি বিহুৰ বন্তি

ৰাইজৰ সৈতে কাতি বিহু উদযাপন কৰিলে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । টিংখাঙত আকাশ বন্তি, তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Union Minister Sarbananda Sonowal celebrates Kati Bihu in Tingkhang
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্বলালে কাতি বিহুৰ বন্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 17, 2024 at 10:25 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ,১৭ অক্টোবৰ: আজি কাতি বিহু । প্ৰতিজন অসমীয়াই কাতি বিহু পালন কৰিছে । অসমীয়া সমাজ জীৱনত বিহুৰ ঐতিহ্যই বহন কৰি সুকীয়া মাদকতা । পথাৰত জ্বলিছে আকাশ বন্তি । তুলসীৰ তলত জুৰিছে নাম । সমান্তৰালভাৱে আজি ডিব্ৰুগড়ৰ টিংখাঙত ৰাইজৰ সৈতে কাতি বিহু উদযাপন কৰিলে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

টিংখাঙত আকাশ বন্তি, তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । টিংখাঙৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ বিশেষ উদ্যোগত আৰু টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত লেঙেৰীৰ ন-খাট পথাৰত আজি কাতি বিহু উদযাপন কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্বলালে কাতি বিহুৰ বন্তি (ETV Bharat Assam)

কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ দপ্তৰৰ কেবিনেট মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱাল আৰু টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্রতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াৰ উপস্থিতিত সেউজীয়া ধাননি পথাৰত বন্তি প্ৰজ্বলন, আকাশ বন্তি আৰু তুলসীৰ তলত বন্তি জ্বলাই কাতি বিহু উদযাপন কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই অনুষ্ঠানত ৰাইজৰ সৈতে কাতি বিহুৰ পৰম্পৰা হিচাপে তুলসী তলত সেৱা লয় । অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, তেৰচ গোৱালা, তৰংগ গগৈ আদিয়ে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে ।

কি ক'লে সৰ্বানন্দ সোণোৱালে:

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,"কাতি বিহুৰ যুগ যুগৰ এই পৰম্পৰাসমূহেৰে চৌদিশ উদ্ভাসিত হৈ উঠক আৰু খেতিপথাৰসমূহ কীট-পতংগৰ আক্ৰমণৰ পৰা সুৰক্ষিত হৈ নদন-বদন হৈ পৰক, কৃষিজীৱী ৰাইজৰ মংগল হওক, তাৰেই কামনা কৰিলো ।"

লগতে পঢ়ক: ৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন

তুলসীৰ ভেটি সজাত ব্যস্ত গাঁৱৰ কণমানি; পৰম্পৰা অনুসৰি কাতি বিহু পালনত ব্যস্ত ৰাজ্যবাসী