ETV Bharat / state

হঠাৎ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় সৰ্বানন্দ সোণোৱাল: এয়া কিহৰ ইংগিত ? - SARBANANDA SONOWAL

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত নতুন ৰূপত সজাই তোলা হয়বৰগাঁও ৰে'ল ষ্টেচন পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ ।

Sarbananda Sonowal visits Haibargaon railway station
হয়বৰগাঁও ৰে'ল ষ্টেচন পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 23, 2025 at 8:32 AM IST

3 Min Read

নগাঁও : গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছৰে পৰাই বিজেপিয়েও উজনি অসমৰ নেতাসকলক সন্মুখত লৈ আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি বিভিন্ন মহলত চৰ্চা চলিছে । একেটা প্ৰসংগতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ ৰাজ্যৰ ৰাজনীতিত উভতি আহিব নেকি বুলিও বিভিন্নজনৰ মনত প্ৰশ্নৰ অৱতাৰণা হৈছে । এনে সময়তে ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ উভতি অহা প্ৰসংগত দেওবাৰে নগাঁৱত মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়, "মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা । দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই দেশ সেৱাৰ সুযোগ লাভ কৰিছোঁ । জনতা আৰু সতীৰ্থসকলৰ সহযোগত মই নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছো ।"

নগাঁৱত উপস্থিত সৰ্বানন্দ সোণোৱাল (ETV Bharat)

এক কথাত ৰাজ্যৰ ৰাজনীতিলৈ উভতি অহা নহা সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে প্ৰত্যক্ষ মন্তব্য কৰাৰ পৰা যেন বিৰত থাকে । কিন্তু বিজেপিৰ শেহতীয়া ৰণনীতিয়ে এই ক্ষেত্ৰত সকলোকে ভাবিবলৈ বাধ্য কৰিছে ।

Sarbananda Sonowal visits Haibargaon railway station
হয়বৰগাঁও ৰে'ল ষ্টেচন পৰিদৰ্শন সোণোৱালৰ (ETV Bharat)

উল্লেখ্য যে, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত পুনৰ উন্নীতকৰণ কৰা হৈছে প্ৰায় ১০৩ টা ৰে'ল ষ্টেচন । বিশ্বমানৰ আগত জিলিকাই তোলা তথা জনসাধাৰণৰ যাতায়তৰ সুবিধাৰ বাবে প্ৰায় ১৫.৮৫ কোটি টকা ব্যয় সাপেক্ষে নগাঁও জিলাৰ মাজমজিয়াত থকা হয়বৰগাঁও ৰে'ল ষ্টেচনো উন্নীতকৰণ কৰা হৈছে । দেওবাৰে এই ষ্টেচনটো পৰিদর্শনৰ উদ্দেশ্যে নগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নীতকৰণ হয়বৰগাঁও ষ্টেচন (ETV Bharat)

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নতুন ৰূপত সজাই তোলা হয়বৰগাঁও ৰে'ল ষ্টেচনটোৰ মুখ্য সুবিধাসমূহ পৰিদৰ্শন কৰে । উন্নীতকৰণ কৰা ষ্টেচনটোৰ মুখ্য সুবিধাসমূহ হৈছে-

  • যান-বাহনৰ বাবে সুবিধাজনক আৰু উন্নতমানৰ পাৰ্কিং ব্যৱস্থা
  • বহল আৰু পৰিপাটি পৰিভ্ৰমণ এলেকা
  • যাত্ৰীৰ আৰামৰ বাবে উচ্চ মানৰ জিৰণি ঘৰ
  • নিৰ্মল আৰু উন্নতমানৰ শৌচাগাৰ আৰু প্ৰসাৱগাৰ
  • যাত্ৰীৰ সুৰক্ষাৰ বাবে আধুনিক কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ সৈতে সুসজ্জিত চিচিটিভি কেমেৰা আৰু অন্যান্য সুবিধা

পৰিদৰ্শনৰ অন্তত দেশৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকেল ফৰ ভোকেল (Local For Vocal)ৰ কথা চিন্তা কৰি ৰে'ল সেৱা উন্নীত কৰাৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

প্ৰশাসনিক বিষয়া, ৰে'ল বিভাগৰ বিষয়াৰ সৈতে সৰ্বানন্দ সোণোৱাল (ETV Bharat)

পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং বিভাগৰ বিভাগীয় ৰে'ল প্ৰৱন্ধক সমীৰ লোহানী প্ৰমুখ্যে বিভিন্ন বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোক উপস্থিত থাকে ।

লগতে পঢ়ক :বি টি আৰৰ ৰাইজে নিবিচাৰিলে ধুবুৰী নাইবা গোৱালপাৰাত হ'ব ৪০ হাজাৰ কোটিটকীয়া শক্তি প্ৰকল্প: মুখ্যমন্ত্রী - CM HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.