ETV Bharat / state

সমগ্ৰ দেশৰ বিকাশৰ বাবে চেষ্টা কৰিছে চৰকাৰে : ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰ - India Budget 2024

Union Budget 2024 : কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰৰ ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ জৰিয়তে সমগ্ৰ দেশৰ বিকাশৰ বাবে চেষ্টা কৰিছে বুলি কয় তেওঁ ৷

UNION BUDGET 2024
ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 3, 2024 at 4:43 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 3 আগষ্ট : কেন্দ্ৰীয় বাজেটক লৈ আজি ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰিলে ভাৰত চৰকাৰৰ কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে ৷ ডিব্ৰুগড়ৰ হোটেল টি ফাৰ্নত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বাজেটৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰৰ সংবাদমেল (ETV Bharat Assam)

সংবাদমেলত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, টেলিভিছন আৰু বাতৰিকাকতত প্ৰকাশ হৈছে ভাৰত চৰকাৰে এইবাৰ বাজেটত বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক অধিক গুৰুত্ব দিছে ৷ কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ জৰিয়তে সমগ্ৰ দেশৰ বিকাশৰ বাবে চেষ্টা কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিখন ৰাজ্যৰ সমস্যা বুজি বাজেটত অন্তৰ্ভূক্ত কৰিছে ৷ প্ৰতিখন ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কেৱল ঘোষণা নহয় ইতিমধ্যে ধন অনুমোদন দিছে ৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাচৰে পৰা ৰাসায়নিক সাৰৰ সলনি জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি কয় ৰামনাথ ঠাকুৰে ৷

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ উন্নয়নত দৃষ্টি ৰাখিছে ৷ নিৰাপত্তা, সীমা নিৰ্ধাৰণ, উদ্যোগ‌ আৰু যুৱ বিকাশৰ ক্ষেত্ৰত বাজেটৰ জৰিয়তে এন ডি এ চৰকাৰে গুৰুত্ব দিছে বুলি কয় তেওঁ ৷ আনহাতে ভাৰত চৰকাৰৰ কামক অধ্যয়ন আৰু গুৰুত্ব দিবলৈ সংবাদমেলৰ জৰিয়তে সকলোকে আহ্বান জনায় ভাৰত চৰকাৰৰ কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে ৷ এই সংবাদমেলত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ৰাজ্যিক বিজেপিৰ সম্পাদক বিকুল ডেকা, ৰাজ্যিক মুখপত্ৰ সুভাষ দত্ত, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপকে ধৰি বহু কেইজন বিজেপি নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project