ETV Bharat / state

নাৰ্ভাছ হৈ স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে : পবিত্ৰ মাৰ্ঘেৰিটা

কোন কোন পাকিস্তানলৈ যাব পাৰে ? পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে গৌৰৱ গগৈৰ প্ৰসংগত ।

BJPs expanded organizational meeting in Jorhat
গৌৰৱ গগৈৰ প্ৰসংগত পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 4:05 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পিচত এইবাৰ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগ উত্থাপন হ'লেই পবিত্ৰ মাৰ্ঘেৰিটা সৰৱ হৈ পৰে গৌৰৱ গগৈৰ বিৰুদ্ধে । সদ্য় সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এই সমষ্টিটোত বিজেপিয়ে আধিপত্য় বিস্তাৰ কৰাৰ পিচত এই আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে । এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা ।

গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ প্ৰসংগ উল্লেখ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "দিকবিদিক হেৰুৱাই যথেষ্ট নাৰ্ভাছ হৈ স্বীকাৰোক্তিৰ এটা পৃষ্ঠভূমি আৰম্ভ কৰিছে । পৰোক্ষভাৱে স্বীকাৰোক্তিৰ ফালে গৈ আছে । এগৰাকী সেনা বিষয়া, কূটনৈতিক আৰু যিকোনো সাংবিধানিক পদত থকা ব্য়ক্তিয়ে পাকিস্তান বা যিকোনো ৰাষ্ট্ৰলৈ যাব পাৰে । তেওঁলোক যোৱাৰ লগত এগৰাকী চুপেচাপে যোৱা মানুহৰ কেনেকৈ তুলনা হ'ব পাৰে । পাকিস্তানলৈ পৰ্যটক যায় । ১৪০ কোটি মানুহৰ ভিতৰত ১৪-১৫ হাজাৰ মানুহ যায় । কেতিয়াবা খেলুৱৈ যোৱা দেখিছো, মন্ত্ৰী যোৱা দেখিছো ।"

গৌৰৱ গগৈৰ প্ৰসংগত পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য় (ETV Bharat Assam)

পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ কয়, "ভাৰতৰ পৰাও পাকিস্তানৰ ভূমিত থকা শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাস্থলী গুৰুদ্বাৰলৈ অনুমতি লৈ যায় । এয়া দিন পোহৰত তেওঁলোক যায় । তেওঁলোকে গৌৰৱেৰে ফেচবুকত ফটো দিয়ে । বিগত দুটা দশকত কোন কোন গৈছে সেইবোৰ জানিব বিচৰা নাই । সেয়া সম্পূৰ্ণ নীতিগতভাৱে গৈছে । আমাৰ কথা হ'ল আপুনি গৈছিল নে সেইটো কৈ দিলে হ'ল । বিগত সময়ত সাংবাদিকে মাত্ৰ বুমটো মুখত সুমুৱাই দিবলৈ বাকী । সমগ্ৰ অসমবাসীয়ে সুধিছে । কংগ্ৰেছৰ মানুহে আজি সুধিছে । কংগ্ৰেছৰ মানুহেই আজি বেয়া পাইছে ।"

আজি যোৰহাটত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "মই এতিয়া মাজুলী পৰা আহি যোৰহাটত উপস্থিত আছো; কিন্তু এইসময়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদজন দিল্লীত ব্যস্ত হৈ আছে । কাৰণ দলৰ নেতৃত্বয়ে মোক যোৰহাটবাসী ৰাইজৰ লগত থাকিবলৈ কৈছে । পঞ্চায়ত নিৰ্বাচনত মই প্ৰায় ৮০খনৰো অধিক সভাত অংশগ্ৰহণ কৰিছো । মই সদায় ৰাইজৰ লগত আছো । পঞ্চায়ত নিৰ্বাচনত জিকিলো বুলি ২৬ৰ বিধানসভাত জিকিম বুলি দম্ভ নামাৰো, সেয়া ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব ।"

লগতে পঢ়ক:গৌৰৱ গগৈয়ে মাজুলীলৈ আহিবলৈ সময় নাপায় : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

গৌৰৱ গগৈক সমষ্টিত বিচাৰি নোপোৱা ৰাইজৰ কাষত মই আছো: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI