ETV Bharat / state

গৌৰৱ গগৈক সমষ্টিত বিচাৰি নোপোৱা ৰাইজৰ কাষত মই আছো: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

যোৰহাট সমষ্টিৰ উন্নয়নৰ দায়িত্ব ল'ব মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

BJP joining meeting in Jorhat
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 10:58 PM IST

3 Min Read

যোৰহাট: পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গেৰুৱা বসন পৰিধান কৰিলে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱা আৰু আগশাৰীৰ ব্যৱসায়ী ৰাজা বাইলুঙে । দেওবাৰে যোৰহাট জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুস্থিত এক অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত তেওঁলোকে বিজেপিত যোগদান কৰে ।

এই অনুষ্ঠানটোত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই স্থানীয় সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে । সমষ্টিবাসীয়ে বিচাৰি নোপোৱা বাবে সাংসদগৰাকীৰ অভাৱত সমষ্টিটোৰ উন্নয়ন যাতে স্থবিৰ হৈ ৰাইজ বিপদত নপৰে তাৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ দায়িত্ব মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লৈছে বুলি মন্তব্য কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে লগতে কয়," সাংসদ পুঁজিৰ পৰা যোৰহাট লোকসভা সমষ্টিৰ টীয়ক বিধানসভা সমষ্টি আৰু নাজিৰা বিধানসভা সমষ্টিত উন্নয়নমূলক কাম আৰম্ভ কৰিছো। ইতিমধ্যে টীয়ক বিধানসভা সমষ্টিৰ ২৭ টা পঞ্চায়তত সাংসদ পূঁজিৰ পৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে । আজিও ৬ টা প্ৰকল্পৰ আধাৰশিলা আৰু দুটা ৰঙ্গমঞ্চ নিৰ্মাণৰ বিষয়ে ঘোষণা কৰা হয় । মুঠ ৪২ টা প্ৰকল্প নাজিৰাত আৰু যোৰহাটত ৪৫ টাৰ ১১ টা আধাৰশিলা স্থাপন ইতিমধ্যে হৈছে । "

যোৰহাট চহৰ, মৰিয়নী, তিতাবৰতো উন্নয়নমূলক কাম কৰিব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । এই প্ৰকল্পসমূহৰ নিৰ্মাণ ব্যয় প্ৰায় ৫ কোটিতকৈ বেছি বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই কামসমূহ কৰিব লাগিছিল যদিও তেওঁ একো কৰিব পৰা নাই ।" এইক্ষেত্ৰত সাংসদ গৌৰৱ গগৈৰ ইচ্ছা-অনিচ্ছাৰ কথা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী বা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব নোৱাৰে । টীয়ক সমষ্টিৰ প্ৰায়বোৰ পথ বিধস্ত যদিও পথসমূহৰ উন্নয়ন কৰিব পৰা নাই সাংসদগৰাকীয়ে ।

ৰাইজৰ কথা চিন্তা কৰি গৌৰৱ গগৈৰ পৰা যিখিনি সহযোগিতা পাব লাগিছিল সেয়া মন্ত্ৰীগৰাকীয়ে কৰিব বুলি মন্তব্য কৰি কয়, "আজি ১৯৫ আধ্যাত্মিক স্থানত ১.৫ লাখৰ চেক প্ৰদান কৰা হ'ব যিটো কৰিব লাগিছিল স্থানীয় সাংসদগৰাকীয়ে । কিন্তু গৌৰৱ গগৈয়ে কেৱল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কামৰ বিৰোধিতা কৰিয়ে নিজৰ দায়িত্ব সামৰে ।" সেয়ে তেওঁৰ কামসমূহ এতিয়া ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কৰিবলগীয়া হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে গৌৰৱ গগৈক কেৱল ইংৰাজী আৰু হিন্দীত কথা ক'বলৈ দায়িত্ব দিয়া হৈছে আৰু হেৰাই যোৱা সাংসদ এগৰাকীক এতিয়া ৰাইজে ৰাজ্যসভাৰ সাংসদগৰাকীৰ মাজত বিচাৰি পাব বুলি কয় ।

লগতে পঢ়ক:এইবাৰ বিজেপিৰ দখলত থকা আসনত নিৰ্বাচন খেলিব অগপই; ক'লে ফণীভূষণ চৌধুৰীয়ে - MP PHANI BHUSAN CHOUDHURY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.