ETV Bharat / state

গৌৰৱ গগৈক ৰাজনৈতিক পৰ্যটক আখ্য়া পবিত্ৰ মাৰ্ঘেৰিটাৰ

পঞ্চায়ত নিৰ্বাচনত ছুপাৰ সভাপতি হিচাপে অংশগ্ৰহণ কৰি কি কৰিলে ? কালৈ শেল পবিত্ৰ মাৰ্ঘেৰিটাৰ ?

BJP's congratulatory program in Jorhat
বিজেপিৰ অভিনন্দন অনুষ্ঠানত উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 10:16 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্যৰ ৰাজনীতিত শনিবাৰৰ দিনটোত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল যোৰহাট । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিচত আজি গৃহ জিলা আৰু নিজা সংসদীয় সমষ্টিত গৌৰৱ গগৈ উপস্থিত হোৱাৰ সমান্তৰালভাৱে বীৰ লাচিত সেনাই আৰম্ভ কৰে অবৈধ বাংলাদেশী বিতাড়নৰ বাবে আন্দোলন ।

ইয়াৰ মাজতেই বিজেপিৰ এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ সৰৱ হৈ পৰিল গৌৰৱ গগৈৰ বিৰুদ্ধে ।

গৌৰৱ গগৈক সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ (ETV Bharat Assam)

চিকেভি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এক অভিনন্দন অনুষ্ঠানত পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়, "গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি যোৰহাটত উপস্থিত হোৱা বাবে আমাৰ দলৰ পৰা তেওঁক মই অভিনন্দন জনাইছো । কাৰণ তেওঁ ইংলেণ্ড,পাকিস্তান ভ্ৰমণত ব্যস্ত, সেয়েহে মাজে মাজে আহি থাকিব লাগে । কাৰণ তেওঁক যোৰহাট লোকসভা সমষ্টিত ৰাইজে দেখা নাপায় । এনেদৰে তেওঁক দেখা পালে ৰাইজে ভালপাব, কাৰণ তেওঁ ৰাজনৈতিক পৰ্যটক । এইদৰে যোৰহাটলৈ আহক আৰু যোৰহাটৰ উন্নয়নৰ দায়িত্ব আমাৰ ।"

মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয়, "আজি মই যোৰহাটলৈ অহাৰ প্ৰাকক্ষণত পথ নিৰ্মাণ, স্বাস্থ্যসেৱা আদি কামৰ লগতে বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰো । আজি আমি পঞ্চায়তত জয়ী হোৱা প্ৰতিনিধি সকলক অভিনন্দন জনাইছো ।"

ইপিনে,আজি গৌৰৱ গগৈয়ে যোৰহাটত উপস্থিত হৈ ইয়াৰ পৰা ২৬ৰ নিৰ্বাচনৰ ৰণশিঙা বজোৱা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, "পঞ্চায়ত নিৰ্বাচনত তেওঁ ছুপাৰ সভাপতি হিচাপে অংশগ্ৰহণ কৰি কি কৰিলে ? সকলো স্পষ্ট হ'ল পঞ্চায়ত নিৰ্বাচনতে । ১০ ছেপ্টেম্বৰত তেওঁলোকে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব ।"

BJP's congratulatory program in Jorhat
বিজেপিৰ অভিনন্দন অনুষ্ঠানত উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

আজি বিজেপিৰ অভিনন্দন অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা সভাপতি শান্তনু পূজাৰী, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰাণা গোস্বামী উপস্থিত থাকে । এই অনুষ্ঠানত যোৰহাটৰ চাৰিটা বিধানসভা সমষ্টিৰ বিজেপিৰ বিজয়ী পঞ্চায়ত প্ৰতিনিধিসকলক অভিনন্দন জনোৱা হয় ।

লগতে পঢ়ক:নাৰ্ভাছ হৈ স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

গৌৰৱ গগৈয়ে মাজুলীলৈ আহিবলৈ সময় নাপায় : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI