গিবন আমাৰ অতি আদৰৰ : পবিত্ৰ মাৰ্ঘেৰিটা - Hoollongapar Gibbon Sanctuary
Hoollongapar Gibbon Sanctuary: গিবন অভয়াৰণ্যৰ ভূমিত তেল খননৰ অনুমতি দিয়াক লৈ চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ গুৰুত্বপূৰ্ণ মন্তব্য । গিবনৰ ৰক্ষণাৱেক্ষণৰ দায়িত্ব প্ৰধানমন্ত্ৰী তথা চৰকাৰৰ । যোৰহাটত উপস্থিত হৈ কেইবাটাও বিষয়ত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

Published : September 22, 2024 at 8:27 AM IST
যোৰহাট, ২২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ভূমিত খননৰ বাবে তৈল কোম্পানীক অনুমতি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজনৈতিক মহলত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । এই সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে গিবন আমাৰ সৈতে আছে ।
গিবনৰ ৰক্ষণাৱেক্ষণৰ দায়িত্ব চৰকাৰৰ
মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়ালৈকে মোৰ হাতত কোনো তথ্য নাই । তথ্য নোহোৱাকৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাষ্য দিয়াটো যুগুত নহয় । গিবন আমাৰ অতি আদৰৰ । চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, খনিজ পদাৰ্থৰ উৎপাদনৰ লগতে বন্যপ্ৰাণী তথা বনাঞ্চল ৰক্ষণাৱেক্ষণৰ বাবে বিশ্বৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।’’
‘‘যি সময়ত বিশ্বত গছ-গছনিৰ সংখ্যা কমিছে তাৰ তুলনাত ভাৰতত বাঢ়িছে । পূৰ্বৰ তুলনাত অৰণ্য আৰু বনাঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে । কাজিৰঙাৰ আয়তন বৃদ্ধি পাইছে আৰু কংগ্ৰেছ চৰকাৰৰ দিনত যিদৰে গঁড়ৰ মৃত্যু হৈছিল সেই পৰিস্থিতি আজি নাই । বনাঞ্চল বেদখলকাৰীক আজি উচ্ছেদ কৰা হৈছে । গিবন সদায় আমাৰ সৈতে আছে । কাজিৰঙা, মানস আমাৰ প্ৰাণৰো প্ৰাণৰ । ইয়াৰ ৰক্ষণাৱেক্ষণৰ দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মাৰ...।" তেওঁ কয় ৷
পুৰণি স্মৃতি ৰোমন্থন
উল্লেখ্য যে বৈদেশিক আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক যোৰহাটৰ থিয়েটাৰ হল প্ৰাংগনত যোৰহাট নাগৰিক সমাজে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী । পুৰণি দিনৰ কথা স্মৰণ কৰি মাৰ্ঘেৰিটাই কয় যে যোৰহাটতেই তেওঁ কবিতা আৰু নাটকৰ ব্যৱহাৰিক শিক্ষা লাভ কৰিছিল ।
তেওঁ কয়, "যোৰহাটৰ প্ৰতি সদায় টান আছে । আজি প্ৰদান কৰা মৰমে সামাজিক, ৰাজনৈতিক আৰু ব্যক্তিগত জীৱনটো আগৱাঢ়ি যোৱাত সহায় কৰিব, ইয়াৰ বাবে যোৰহাটবাসীৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ থাকিম ।"
ভাৰত বিশ্ববন্ধু
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে বিদেশ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয়, "আমাৰ দেশ ভাৰতক সমগ্ৰ বিশ্বই 'বিশ্ববন্ধু' হিচাপে আৰু শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা আৰু সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদিৰ লগতে বহু ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ হিচাপে গণ্য কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি দেশে কূটনৈতিক, বৈদেশিক আদি ক্ষেত্ৰত সমগ্ৰ বিশ্ব পৰিক্ৰমাত নিজৰ শক্তিশালী পৰিচয় দাঙি ধৰিছে । বিভিন্ন দেশে আমাক এতিয়া শক্তিশালী ৰাষ্ট্ৰ হিচাপে বিভিন্ন ক্ষেত্ৰত আগবঢ়া বুলি গণ্য কৰে ।"
ইফালে বিজেপিৰ সদস্যতা অভিযান সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "পূৰ্বৰ তুলনাত বিজেপিৰ সদস্যৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে । অনলাইনত কৰিব নোৱাৰাসকলক ৰচিদৰ জৰিয়তে সদস্য ভৰ্তি কৰোৱা হ'ব । সদস্য ভৰ্তি বৃদ্ধি হোৱাটো আমাৰ অৱধাৰিত আছিল । বিধানসভা নিৰ্বাচনত বিৰোধী শক্তি একগোট হৈয়ো তেওঁলোকৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব নোৱাৰিলে, মাত্ৰ ৩০ খন আসনতেই সীমাবদ্ধ থাকিব লগা হয় ।’’

