ETV Bharat / state

গুৰপতৱন্ত সিং পান্নুনক সকীয়নি কিৰেণ ৰিজিজুৰ

Kiren Rijiju: অৰুণাচলক চীনৰ ভূখণ্ড বুলি দাবী কৰা শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ।

Kiren Rijiju
গুৰপতৱন্ত সিং পান্নুনক সকীয়নি কিৰেণ ৰিজিজুৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 2:08 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ১৩ অক্টোবৰ : পুনৰ চৰ্চাত নিষিদ্ধ ঘোষিত সংগঠন শিখছ ফৰ জাষ্টিছ চমুকৈ এছ এফ জেৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুন । অৰুণাচল প্ৰদেশ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি চৰ্চাত শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুন । সামাজিক মাধ্যমৰ জৰিয়তে পান্নুনে অৰুণাচল প্ৰদেশ চীনৰ ভূখণ্ড বুলি দাবী কৰিছিল আৰু চীনৰ ৰাষ্ট্ৰপতিক উত্তৰ-পূবৰ ৰাজ্যখন ঘূৰাই ল'বলৈ আহ্বান জনাইছিল । পান্নুনৰ এনে মন্তব্যৰ পাচতে অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পান্নুনক সমালোচনা কিৰেণ ৰিজিজুৰ

পান্নুনৰ মন্তব্যৰ পাচতে ইতিমধ্যে বহুতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । গৃহ ৰাজ্যৰ বিষয়ে এনে বিতৰ্কই কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক উদ্বিগ্ন কৰি তুলিছে । সামাজিক মাধ্যমৰ এটা পোষ্টত কিৰেণ ৰিজিজুৱে পান্নুনক তীব্ৰ সমালোচনা কৰিছে ।

তেওঁ এক্সৰ এটা পোষ্টত লিখিছে, "আপুনি চীনক দখল কৰিবলৈ কোৱা অৰুণাচল প্ৰদেশ আপোনাৰ ব্যক্তিগত সম্পত্তি নেকি ?" অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয়, ‘‘ভাৰতৰ ভিতৰৰ কিছুমান লোকে বিভাজনকাৰী উপাদান আৰু 'টুকড়ে টুকড়ে গেঙ'ক সমৰ্থন কৰি আহিছে ।’’ ইফালে হাৰিয়ানা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ বাবে তেওঁ এনে কৰিছে বুলিও কিৰেণ ৰিজিজুৱে দাবী কৰে । ৰিজিজুৱে সকীয়াই দি কয়, "ভাৰতৰ একতাৰ সৈতে নেখেলিব ।"

কি কৈছিল পান্নুনে ?

উল্লেখ্য যে শেহতীয়াকৈ সামাজিক মাধ্যমত সম্প্ৰচাৰিত ভিডিঅ'ত পান্নুনে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সম্বোধন কৰি অৰুণাচল প্ৰদেশ চীনৰ ভূখণ্ড বুলি দাবী কৰিছিল আৰু চীনক অৰুণাচল প্ৰদেশ পুনৰ ঘূৰাই ল'বলৈ আহ্বান জনাইছিল । পান্নুনে পঞ্জাবৰ আন্দোলনৰ সৈতে সামঞ্জস্য থকা জম্মু-কাশ্মীৰ, অসম, মণিপুৰ আৰু নাগালেণ্ডত পৃথক কৰাৰ আন্দোলনক ইন্ধন যোগোৱাৰ ভাবুকিও দিছিল ।

উল্লেখ্য যে, খালিস্তান আন্দোলনৰ বিশিষ্ট নেতা পান্নুনক বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে ২০২০ চনতে ভাৰতে সন্ত্ৰাসবাদী ঘোষণা কৰিছিল । ভাৰতে পান্নুনক মষ্ট ৱাণ্টেড ঘোষণাও কৰিছিল ।

লগতে পঢ়ক :"ৰে'ল দুৰ্ঘটনা হৈয়ে থাকে": কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য