
চৰকাৰী আঁচনিৰ পৰ্যালোচনাৰ বাবে নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি
নলবাৰী জিলাত ৰূপায়ণ হোৱা চৰকাৰী আঁচনিসমূহৰ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতম ৰাম মাঝিয়ে । চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যাক লৈ উদ্বেগ প্ৰকাশ মন্ত্ৰীগৰাকীৰ ।

Published : October 10, 2025 at 10:24 AM IST
নলবাৰী : কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝিয়ে বৃহস্পতিবাৰে অসমৰ নলবাৰী জিলা ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ অগ্ৰগতি আৰু ৰূপায়ণৰ পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা (প্ৰাথমিক আৰু মাধ্যমিক), জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি, লোক নিৰ্মাণ বিভাগ, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, উদ্যোগ আৰু বাণিজ্য, জলসিঞ্চন আৰু মীন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহৰ স্থিতি মূল্যায়ন কৰে । উক্ত পৰ্যালোচনা বৈঠকৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ একাধিক আঁচনি পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
জিলা আয়ুক্তৰ সভাকক্ষত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বোধন কৰি বৈঠকৰ সবিশেষ জনায় । জানিব পৰা মতে, মন্ত্ৰীগৰাকীয়ে টিহু সমষ্টিৰ কেইবাটাও আঁচনি পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় বিষয়াসকলে । সাংবাদিকৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে অসমত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ কথা উল্লেখ কৰে ।
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰে । তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু সিদ্ধান্ত অনুসৰি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰিব আৰু আঁচনিৰ পৰ্যালোচনা প্ৰতিবেদন প্ৰধানমন্ত্ৰীক অৱগত কৰিব ।"
মন্ত্ৰীগৰাকীয়ে জিলাখনত উন্নয়নমূলক আঁচনিসমূহৰ সামগ্ৰিক ৰূপায়ণত সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ বিশেষকৈ জলসিঞ্চন আৰু বিদ্যুৎ যোগানৰ আন্তঃগাঁথনিৰ প্ৰশংসা কৰে । তেওঁ লগতে গ্ৰাম্য জীৱিকা আৰু আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে । অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত আৰু যথেষ্ট কৰিবলগীয়া আছে বুলিও তেওঁ উল্লেখ কৰে ।
বিশেষকৈ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা ব্যক্তিগত বিদ্যালয়ৰ তুলনাত এতিয়াও কম বুলি তেওঁ উল্লেখ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন আঁচনি বিশেষকৈ পিএম বিশ্বকৰ্মা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আদিৰ সফলতাৰ কথাও উল্লেখ কৰে ।
একেদৰে বিহাৰ নিৰ্বাচনৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিয়ে কয়, "এনডিএয়ে আকৌ চৰকাৰ গঠন কৰিব । এনডিএৰ আসনৰ বুজাবুজি সন্দৰ্ভত আজি অথবা কাইলৈ পুনৰ বৈঠক অনুষ্ঠিত হ'ব ।
ইফালে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰ্যালোচনা সভাত অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু অন্যান্য জ্যেষ্ঠ বিষয়া আৰু বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে । ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ কামৰূপ ষ্টেডিয়ামত অনুষ্ঠিত এম এছ এম ই মেলা উদ্বোধন কৰাৰ লগতে বিপণিসমূহ পৰিদৰ্শন কৰি উদ্যোগীসকলৰ সৈতে মত-বিনিময় কৰে । মন্ত্ৰীগৰাকীয়ে পশ্চিম নলবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত বৰনৰ্দী গাঁও পঞ্চায়ত, বনগাঁও আৰু মহখুলি গাঁও পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) ৰূপায়ণৰ চৰজমিন মূল্যায়ন কৰে ।
লগতে পঢ়ক :বিজেপি দল নিৰ্মাণত ৰাজেন গোঁহাই অভূতপূৰ্ব বৰঙণি আছে : মুখ্যমন্ত্ৰী

