ETV Bharat / state

বি আৰ আম্বেদকাৰক সন্মান কেৱল মোদী চৰকাৰেহে দিছে: ভগীৰথ চৌধুৰী - BHAGIRATH CHAUDHARY SLAMS CONGRESS

বি আৰ আম্বেদকাৰক সন্মান প্ৰদান সন্দৰ্ভত কংগ্ৰেছক তীব্ৰ সমালোচনা কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰীৰ । কোনে আম্বেদকাৰক সাংসদত প্ৰৱেশ কৰিবলৈ দিয়া নাই সেয়াও কৰিলে ব্য়াখ্য়া ।

Union Minister Bhagirath Chaudhary
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভগীৰাথ চৌধুৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2024 at 7:51 AM IST

2 Min Read

নগাঁও: দেশৰ সংবিধানৰ প্ৰণেতা ড৹ বি আৰ আম্বেদকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকৰে অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰধান বিৰোধী দল কংগ্ৰেছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ তাৰ মাজতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভগীৰথ চৌধুৰীয়ে । নগাঁৱত উপস্থিত হৈ বি আৰ আম্বেদকাৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ।

মঙলবাৰে নগাঁৱত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভগীৰথ চৌধুৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছৰ বিৰুদ্ধেহে ড৹ বি আৰ আম্বেদকাৰক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে । কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদক নাটক আখ্যা দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া বি আৰ আম্বেদকাৰক লৈ ঘঁৰিয়ালৰ চকুপানী টোকা কংগ্ৰেছে কেতিয়াও বি আৰ আম্বেদকাৰক সাংসদত প্ৰৱেশ কৰিবলৈ দিয়া নাই, ভাৰতৰত্নও ঘোষণা কৰা নাই । আনকি বি আৰ আম্বেদকাৰৰ জন্ম ঠাইতো কোনো ধৰণৰ সন্মান প্ৰদৰ্শন কৰা নাই ।"

কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী ভগীৰথ চৌধুৰী (ETV Bharat)

ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰেহে বি আৰ আম্বেদকাৰক সন্মান প্ৰদান কৰা বুলি মন্তব্য কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দহ বছৰত বি আৰ আম্বেদকাৰ বাবে যিখিনি কৰিছে সেয়া এতিয়া ঘঁৰিয়ালৰ চকুপানী টোকাসকলে পূৰ্বেই কৰা হ'লে বি আৰ আম্বেদকাৰ সংসদতো আহিলে হয় আৰু দেশৰ বাবে আৰু বহু কিবা কৰিবলৈ সক্ষম হ'লহেতেন ।"

বি আৰ আম্বেদকাৰক দেশৰ প্ৰেৰণা বুলিও উল্লেখ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আম্বেদকাৰৰ সন্মান লাঘৱ কৰাৰ বিপৰীতে অধিক বৃদ্ধি কৰিব বুলিহে মন্তব্য কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভগীৰথ চৌধুৰীয়ে ।

লগতে পঢ়ক:সংসদত আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্য; ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ - APCC PROTEST RALLY IN ASSAM

নাগালেণ্ডৰ মহিলা সাংসদক অসৎ আচৰণ ! ড৹ শৰ্মাই ক'লে- ক্ষমা খুজিবই লাগিব ৰাহুল গান্ধীয়ে - ASSAM CM ON RAHUL GANDHI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.