ETV Bharat / state

প্ৰসংগ নামৰূপ সাৰ কাৰখানা : কেন্দ্ৰীয় মন্ত্রী আৰু মুখ্যমন্ত্রীৰ বক্তব্যত নাই মিল

মুখ্যমন্ত্রীৰ মতে ৯৫ শতাংশ সফলতা অৰ্জন । ইফালে সংসদত কেন্দ্ৰীয় মন্ত্রীৰ বক্তব্য, গোটটোৰ বাবে সঁহাৰি নাই বিনিয়োগকাৰীৰ ।

Assam CM on BVFCL
নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ বক্তব্য (Social media@HimantaBiswaSarma)
author img

By ETV Bharat Assamese Team

Published : December 13, 2024 at 4:40 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ গৌৰৱ নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যৎ কি ? এই প্ৰশ্ন প্ৰায়েই উত্থাপিত হৈ আহিছে । আনহাতে, ৰাজ্যবাসীয়ে এই প্ৰশ্নৰ এটা সদুত্তৰ বিচাৰে । কাৰণ দীৰ্ঘদিন ধৰি লোকচানত থকা নামৰূপ সাৰ কাৰখানাক লৈ কেৱল ৰাজনীতি কৰাহে পৰিলক্ষিত হৈ আহিছে ।

শেহতীয়াকৈ নামৰূপ সাৰ কাৰখানাৰ প্ৰসংগত দুই ধৰণৰ কথা পৰিলক্ষিত হৈছে । এফালে সংসদৰ মজিয়াত দিয়া বক্তব্য আৰু আনফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ।

নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ বক্তব্য (Social media@HimantaBiswaSarma)

নামৰূপ সাৰ কাৰাখানা প্ৰসংগত মুখ্যমন্ত্রীৰ বক্তব্য

বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে নামৰূপ সাৰ কাৰখানা প্ৰসংগত এক ইতিবাচক বাৰ্তা দিয়ে । মুখ্যমন্ত্রীয়ে কয়, "নামৰূপ সাৰ কাৰখানাৰ প্লাণ্টৰ নিৰ্মাণৰ কামত আমি প্ৰায় আগবাঢ়ি গৈছোঁ । ৯৫ শতাংশ সফলতা আমি ইতিমধ্যে লাভ কৰিছোঁ । মই ভাবোঁ যে ভাৰত চৰকাৰৰ কেবিনেটত ইয়াৰ ইতিবাচক ঘোষণা আমি কিছুদিনৰ ভিতৰতে শুনিবলৈ পাম ।" মুখ্যমন্ত্রীৰ এই বক্তব্যত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ কাম শীঘ্ৰে আৰম্ভ হোৱাৰ আভাস পোৱা গৈছে ।

সংসদত নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত দিয়া তথ্য

কিন্তু মুখ্যমন্ত্রীৰ বক্তব্যৰ বিপৰীতে সংসদত দিয়া তথ্য পৰস্পৰ বিৰোধী । নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ বিনিয়োগ বিচাৰিছে যদিও কোনো প্রতিষ্ঠানেই বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা নাই । নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত সংসদত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপন কৰাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্য মন্ত্রী অণুপ্রিয়া পেটেলে কয় যে পুৰণি যন্ত্ৰপাতিৰে চলি থকাৰ বাবেই সাৰ কাৰখানাটোৰ উৎপাদন হ্ৰাস পাইছে । অৱশ্যে চৰকাৰে কাৰখানাটো মেৰামতিৰ পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰি আহিছে ।

আনহাতে, সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ বাবে চৰকাৰে ব্যক্তিগত খণ্ডৰ বিনিয়োগ বিচাৰিছিল যদিও কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই । যাৰ বাবে চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত স্থায়ী আৰু উপযোগী বিকল্প উপায় চিন্তা কৰি আছে কেন্দ্ৰীয় চৰকাৰে । অৰ্থাৎ আজিৰ তাৰিখত নামৰূপ সাৰ কাৰখানাৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত স্পষ্ট ধাৰণা নাই ।

আশা-নিৰাশাৰ মাজত নামৰূপ সাৰ কাৰখানা

মুখ্যমন্ত্রীৰ বক্তব্যই নামৰূপ সাৰ কাৰখানাৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই অনাৰ বিপৰীতে সংসদত কেন্দ্ৰীয় চৰকাৰে দিয়া তথ্যই নিৰাশাৰ বতৰা কঢ়িয়াই আনিছে । মুখ্যমন্ত্রীৰ মতে ৯৫ শতাংশ সফলতা ইতিমধ্যে লাভ কৰিছে আৰু কেন্দ্ৰীয় কেবিনেটে শীঘ্ৰেই ইতিবাচক ঘোষণা কৰিব । ইফালে সংসদত কেন্দ্ৰীয় মন্ত্রীয়ে দিয়া তথ্য অনুসৰি, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ বাবে কোনো বিনিয়োগকাৰী আগবাঢ়ি অহা নাই । কেন্দ্ৰীয় চৰকাৰে বিকল্প চিন্তাহে কৰি আছে । এনে এক প্ৰেক্ষাপটত নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যৎ কি হ'ব সেয়া সময়েহে ক'ব ।

নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি

প্ৰণিধানযোগ্য যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বহুবাৰ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই আহিছে । কিন্তু কার্যক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই । যাৰ ফলত সময় যোৱাৰ লগে লগেই নামৰূপ সাৰ কাৰখানাত মৃত্যুঘণ্টা বাজিবলৈ ধৰিছে ।

মন কৰিবলগীয়া কথা যে ২০১৫ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কেবিনেট অনুমোদনৰ জৰিয়তে নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোট নিৰ্মাণৰ প্ৰস্তাৱো গ্ৰহণ কৰিছিল । কিন্তু এই প্ৰস্তাৱৰ পাছতো আজিলৈকে নতুন গোটটো স্থাপন নহ'ল । বৰঞ্চ ৰহস্যজনকভাৱে ২০২২ চনত নিটি আয়োগে সাৰ কাৰখানাটো বন্ধ কৰাৰহে পৰামৰ্শ আগবঢ়াইছিল ।

ইয়াৰ পাছতেই সাৰ কাৰখানাটো উদ্ধাৰৰ বাবে ৰাজ্যত আন্দোলন আৰম্ভ হোৱাত কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটো বন্ধ কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো ভৱিষ্যতে জীয়াই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাটো চৰম পৰিতাপৰ বিষয় ।

লগতে পঢ়ক :১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড - RATION CARD DISTRIBUTION
লগতে পঢ়ক :পুৰীৰ জগন্নাথ মন্দিৰত মূৰ দোৱালে ড৹ শৰ্মাই: Assam CM in Puri Srimandir - ASSAM CM IN PURI SRIMANDIR