২৯ আগষ্টত অমিত শ্বাহৰ অসমত তিনিখনকৈ সভা : মুকলি কৰিব নতুন ৰাজভৱন
কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণক লৈ চৰকাৰৰ ব্যাপক তৎপৰতা । দলীয় আৰু চৰকাৰী কেইটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে ।

Published : August 27, 2025 at 9:09 PM IST
গুৱাহাটী : অহা ২৮ আগষ্টত অৰ্থাৎ বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । গুৱাহাটী মহানগৰীত অংশগ্ৰহণ কৰিব তিনিটাকৈ বিশেষ কাৰ্যসূচীত । গৃহ মন্ত্ৰী অমিত শ্বাহৰ আগমনত আদৰণি হৰ্ডিঙেৰে ভৰি পৰিছে গুৱাহাটীৰ পদপথ । গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২৮ আগষ্ট, বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হৈ বাহিৰে বাহিৰে অমিত শ্বাহ উপস্থিত হ'ব ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত ।
বাজপেয়ী ভৱনত উপস্থিত হৈ গৃহ মন্ত্ৰীগৰাকীয়ে ক'ৰ কমিটীৰ বৈঠকত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনাইছে ৷ ২৯ আগষ্টৰ দিনটোত মুঠ তিনিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয গৃহ মন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনাই যে নিৰ্ধাৰিত তিনিটা কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে দিনৰ ১১.০০ বজাত খাৰঘূলীস্থিত নতুনকৈ নিৰ্মিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ আনুষ্ঠানিক উদ্বোধন কৰিব অমিত শ্বাহে ৷ লগতে ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰৰ ই-উদ্বোধন আৰু আই টি বি পি, এছ এছ বি তথা অসম ৰাইফলছৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ই-উদ্বোধন তথা ই-আধাৰশিলা স্থাপন কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।
আনহাতে দুপৰীয়া ১:৩০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷

ইফালে বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই বুধবাৰে খানাপাৰাৰ কাৰ্যসূচী প্ৰসংগত সদৰী কৰে, "এখন শক্তিশালী পঞ্চায়তীৰাজেৰে সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে জনতা জনাৰ্দনে পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত কৰোৱা ভাৰতীয় জনতা পাৰ্টী তথা এনডিএৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক অহা ২৯ আগষ্টত গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীৰ খানাপাৰাত সংকল্প পাঠ কৰোৱাব ৷"
২৯ আগষ্টৰ দিনটোত তৃতীয় কাৰ্যসূচী হিচাপে অসমত গৃহ মন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী ।
লগতে পঢ়ক :বাংলাদেশী অসমত থাকিব নোৱাৰে, স্পষ্ট কথা: প্ৰদ্যুৎ বৰদলৈ - MP PRADYUT BORDOLOI

