ETV Bharat / state

নতুন ফৌজদাৰী আইনৰ বিষয়ে বুজাই অসম এৰিলে শ্বাহে

উত্তৰ-পূবৰ মুখ্যমন্ত্রীৰে অমিত শ্বাহৰ বৈঠক ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ দ্বাৰা সংকলিত 'নতুন অপৰাধ আইন: মানক সঞ্চালন প্ৰক্ৰিয়া আৰু নিয়ম' শীৰ্ষক পুস্তিকা উন্মোচন ।

Amit Shah review meeting
উত্তৰ-পূবৰ মুখ্যমন্ত্রীৰে অমিত শ্বাহৰ বৈঠক (@CMO Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 10:13 PM IST

|

Updated : March 16, 2025 at 10:38 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: উত্তৰ-পূবৰ ৰাজ্যসমূহত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত দেওবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৌৰহিত্যত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । অসম চৰকাৰৰ সহযোগত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে আয়োজন কৰা এই বৈঠকত উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে । বৈঠকৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনায় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৈঠকত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ দ্বাৰা সংকলিত 'নতুন অপৰাধ আইন : মানক সঞ্চালন প্ৰক্ৰিয়া আৰু নিয়ম' শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে । বৈঠকত অমিত শ্বাহে উত্তৰ-পূবৰ ৰাজ্যসমূহত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত বিশদ আলোচনা কৰে । পৰ্যালোচনা বৈঠকত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'কে ধৰি উত্তৰ-পূবৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত আছিল ।

Amit Shah review meeting
উত্তৰ-পূবৰ মুখ্যমন্ত্রীৰে অমিত শ্বাহৰ বৈঠক (@CMO Assam)

পৰ্যালোচনা বৈঠকত নতুন ফৌজদাৰী আইন ৰূপায়ণৰ লগতে ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় । বৈঠকৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী দিল্লী অভিমুখে ৰাওনা হয় । উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে সন্ধিয়া অসমত উপস্থিত হৈছিল অমিত শ্বাহ । সেনাৰ বিমানযোগে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হৈছিল গৃহমন্ত্ৰীগৰাকী ।

Amit Shah review meeting
'নতুন অপৰাধ আইন: মানক সঞ্চালন প্ৰক্ৰিয়া আৰু নিয়ম' শীৰ্ষক পুস্তিকা উন্মোচন কৰে গৃহমন্ত্ৰীয়ে (@CMO Assam)

শনিবাৰে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তাৰ পিছতে শনিবাৰে আইজললৈ যায় গৃহমন্ত্ৰীগৰাকী । নিশা তাতে কটাই আজি দিনৰ ভাগত মিজোৰামৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । বৰঝাৰ বিমানবন্দৰত তেওঁক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আদৰণি জনায় । উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধিও ।

বৰঝাৰ বিমানবন্দৰৰ পৰা কোকৰাঝাৰলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । যাত্ৰাপথত অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এবছুৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাগ লয় গৃহমন্ত্ৰী অমিত শ্বাহে । এবছুৰ অধিৱেশনৰ পাছতে অমিত শ্বাহ পোনে পোনে গুৱাহাটীলৈ আহে ।

Amit Shah
বিদায় সম্ভাষণ... (@CMO Assam)

গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে উত্তৰ-পূবত ভাৰতীয় ন্যায়-সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । বৈঠক সম্পন্ন কৰি নিশা তেওঁ গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় । বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিদায় সম্ভাষণ জনায় ।

লগতে পঢ়ক: বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দিল্লীত হ'ব পথ: অমিত শ্বাহৰ ঘোষণা

Last Updated : March 16, 2025 at 10:38 PM IST