গুৱাহাটীত নতুন ৰাজভৱন উদ্বোধন গৃহ মন্ত্ৰীৰ: কেইবা কোটি টকাৰ একাধিক প্ৰকল্পৰো শুভাৰম্ভ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে ৷ দেৰগাঁৱত ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ফৰেনচিক লেবৰেটৰীৰো শুভাৰম্ভ ।

Published : August 29, 2025 at 5:07 PM IST
গুৱাহাটী : দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা কেন্দ্ৰীয গৃহ মন্ত্ৰী অমিত শ্বাহে দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে গুৱাহাটীত বহ্মপুত্ৰৰ পাৰৰ মনোৰম পৰিৱেশত খাৰঘূলি পাহাৰত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে ৷ নতুন ৰাজভৱন উদ্বোধন কৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা কিছু মন্তব্যৰ তীব্ৰ নিন্দা কৰে ৷ দুদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে গুৱাহাটীৰ খাৰঘূলিত ৰাজ্যপালৰ বাসভৱন ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ শাখাৰ উদ্বোধন কৰি দেশৰ ভিতৰতে এইটো অতি সুন্দৰ ৰাজভৱন বুলি উল্লেখ কৰে ।
মুঠ ৯৬১৩ বৰ্গফুটৰ নতুন ৰাজভৱন মুকলি কৰি অমিত শ্বাহে কয়, "দেশৰ ভিতৰতে আটাইতকৈ ধুনীয়া ৰাজভৱন এতিয়া অসমত ৷ সাগৰ সদৃশ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ মনোৰম সৌন্দৰ্যই সকলোৰে দুখ-ভাগৰ নাইকীয়া কৰি পেলাব ।"
এই উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । একেটা অনুষ্ঠানতে অমিত শ্বাহে নতুন ৰাজভৱনৰ পৰা ভাৰ্ছুৱেলী গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত স্থাপিত ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ফৰেনচিক লেবৰেটৰী-উত্তৰ-পূৰ্বাঞ্চল (National Cyber Forensic Laboratory)ৰ উদ্বোধন কৰে ।

উল্লেখ্য যে ৪৫ কোটি টকা ব্যয়ৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা দেশৰ ভিতৰতে এইটো দ্বিতীয় ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ফৰেনচিক লেবৰেটৰী । এই লেবৰেটৰী উন্মোচন কৰি অমিত শ্বাহে কয়, "দেশৰ দ্বিতীয়টো এন চি এফ এল এতিয়া অসমত ৷ এন চি এফ এলে দেশৰ নাগৰিকক চাইবাৰ প্ৰৱঞ্চকৰ পৰা বাচি থাকিবলৈ প্ৰভূত সহায় আগবঢ়াই যাব ৷"
গৃহ মন্ত্ৰীয়ে লগতে কয়, "ভাৰত চৰকাৰে দেশৰ প্ৰথমটো এন চি এফ এল দিল্লীত স্থাপন কৰিছিল, যি নাগৰিকক নিজৰ কষ্টোপাৰ্জিত ধন চাইবাৰ প্ৰৱঞ্চকৰ পৰা বচাবলৈ সহায় কৰি আহিছে । দিল্লীৰ পিছত দ্বিতীয়টো এন চি এফ এল আজি মই গুৱাহাটীৰ পৰা উদ্বোধন কৰিছো । এই এন চি এফ এলে উত্তৰ-পূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ নাগৰিকৰ কষ্টোপাৰ্জিত ধনৰ সুৰক্ষাৰ বাবে কাম কৰিব ৷ ডাৰ্ক ৱেভ ব্যৱহাৰ কৰি নাৰ্ক'টিক্স, অস্ত্ৰ-শস্ত্ৰৰ চোৰাং সৰবৰাহ আৰু ভাৰতৰ সীমাৰ সুৰুঙা বিচাৰি অনুপ্ৰৱেশৰ যি প্ৰয়াস কৰি আহিছে, সেযাও দেশৰ সুৰক্ষাৰ বাবে এই এন চি এফ এলে অহৰ্নিশে কাম কৰিব ৷ লাচিত বৰফুকন ট্ৰেইনিং একাডেমীত উত্তৰ-পূৰ্বাঞ্চলৰ আঠো ৰাজ্যৰ সীমাৰ সুৰক্ষা নাৰ্ক'টিক্সৰ বিৰুদ্ধে যুঁজ, অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ, ইয়াৰ লগতে নাগৰিকৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰাৰ কাম কৰিব ।"

কি কি সুবিধা থাকিব এই এন চি এফ এলত ?
নেটৱৰ্ক ফৰেনচিক, মোবাইল ফৰেনচিক, ডিস্ক ফৰেনচিক, ডাৰ্ক ৱেভ মালৱেৰ এনালাইছিছ, চি ডি আৰ আই আই পি ডি আৰ, এছ ডি আৰ বিশ্লেষণ, মিডিয়া ফৰেনচিক, ডাটা ৰিকভাৰি আৰু ক্ৰিপ্ট' ইনভেষ্টিগেচন- আদি আজিৰ সময়ৰ সৈতে খাপ খুৱাই হ'ব পৰা সকলো অপৰাধৰ বিৰুদ্ধে ২৪ ঘণ্টাই কাম কৰিব ।

ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আই টি বি পি, এছ এছ বি আৰু অসম ৰাইফলছৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্ছুৱেল উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পসমূহৰ ভিতৰত আছে ক্ৰমে গুৱাহাটীত সীমান্ত সুৰক্ষা বলৰ মুখ্য কাৰ্যালয়ৰ পৃথক আৱাসিক পৰিসৰ, আই টি বি পিৰ সোণাপুৰস্থিত ৩৩ নং বাহিনীৰ ৩৬০ জন জোৱানৰ বেৰেক, বিষয়াৰ মেছ আৰু ১০ বিছনাযুক্ত চিকিৎসালয়; শ্ৰীকোণাত অসম ৰাইফলছৰ মহাপৰিদৰ্শকৰ মুখ্য কাৰ্যালয়, শিলচৰৰ মাইনৰ ইউনিট আৰু যোৰহাটৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত প্ৰশাসনিক আৰু আৱাসিক আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্যৰ শিলান্যাস ।

ইয়াৰ পূৰ্বে অমিত শ্বাহে ৪১ কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাৰ চৌহদত থকা মন্দিৰত প্ৰাৰ্থনা কৰে, গো-পূজন সম্পন্ন কৰে আৰু লগতে এজোপা 'সেন্দুৰ' গছ ৰোপণ কৰে । আনহাতে গুৱাহাটীৰ খাৰঘূলিৰ এই অনুষ্ঠানত ভাষণ প্ৰসংগত শেহতীয়াভাৱে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰা কেতবোৰ মন্তব্যৰ তীব্ৰ নিন্দা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ স্বৰ্গীয় মাতৃৰ বিষয়ে কৰা মন্তব্যৰ তীব্ৰ নিন্দা কৰে ।
শ্বাহে এই প্ৰসংগত কয়, "বিহাৰত তেওঁ যি অনুপ্ৰৱেশকাৰী বচাও অভিযান উলিয়াইছিল, তাত ৰাহুল গান্ধীৰ স্বাগত অনুষ্ঠানৰ মঞ্চৰ পৰা মোদীজীৰ মাতৃৰ প্ৰতি অপশব্দ ব্যৱহাৰ কৰি কংগ্ৰেছ নেতাসকলে অতি গৰ্হিত কাম কৰিছে । মই আজি ৰাহুলজীয়ে যি ধৰণে ঘৃণাৰ ৰাজনীতিৰ আৰম্ভ কৰিলে তাক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ প্ৰতি অপশব্দ ব্যৱহাৰ কৰা কাৰ্যক হৃদয়ৰ পৰা নিন্দা কৰিছোঁ ৷ যি নেতিবাচক আৰু ঘৃণাৰ ৰাজনীতি ৰাহুল গান্ধীয়ে আৰম্ভ কৰিলে সিয়ে সাৰ্বজনীন উচ্চতা প্ৰদান নকৰে ।"

অমিত শ্বাহে লগতে কয়, "মোদী ডাঙৰীয়াক কংগ্ৰেছে যিমানেই গালি দিব, পদুম ফুল সিমানেই ডাঙৰকৈ ফুলি আকাশ চুব । সমগ্ৰ বিশ্বই যিগৰাকী প্ৰধানমন্ত্ৰীক সন্মান কৰে, সেইগৰাকী ব্যক্তিৰ স্বৰ্গীয় মাতৃৰ বিষয়ে ৰাহুল গান্ধীয়ে ৰাজহুৱা সভাত বহুত বেয়াকৈ কৈছিল । মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা দিনৰে পৰা কংগ্ৰেছে তেওঁৰ প্ৰতি বহুত বেয়া শব্দ ব্যৱহাৰ কৰি গালি দি আহিছে । ৰাহুল গান্ধীয়ে যি ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰ্গীয় মাতৃৰ বিষয়ে অপশব্দ কৈছে, তাক মই তীব্ৰভাৱে নিন্দা জনাইছোঁ ।"
উল্লেখ্য যে এই অনুষ্ঠানৰ পিছতে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত শেহতীয়া পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা এন ডি এৰ পঞ্চায়ত প্ৰতিনিধিসকলক সম্বোধন কৰে অমিত শ্বাহে । শ্বাহে লগতে অসমৰ প্ৰথম অ-কংগ্ৰেছ মুখ্যমন্ত্ৰী তথা বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । এই কাৰ্যসূচীত বৰবৰাৰ স্বাধীনতা সংগ্ৰামী, সাংসদ আৰু ১৯৭৮ৰ পৰা ১৯৭৯ চনলৈ জনতা পাৰ্টীৰ চৰকাৰৰ মুৰব্বী হিচাপে অৱদানৰ কথা উজ্জ্বল কৰা হ'ব ।

