ETV Bharat / state

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দিল্লীত হ'ব পথ: অমিত শ্বাহৰ ঘোষণা

"২০৩৬ত ভাৰতত হ'বলগীয়া অলিম্পিকৰ বাবে বড়োলেণ্ডৰ খেলুৱৈসকল সাজু হওঁক ।" এই আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

Union Home Minister Amit Shah at the 57th Annual Convention of  ABSU at Kokrajhar
এবছুৰ ভূমিকাক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 7:01 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: "কংগ্ৰেছে অসমক আন্দোলন-হিংসাৰ জুই জ্বলাই ৰাখি অশান্তিৰ বাতাবৰণৰ মাজত আবদ্ধ কৰি ৰাখিছিল । কিন্তু মোদী চৰকাৰৰ অধীনত অসমত শান্তিৰ প্রতিষ্ঠা হৈছে আৰু এতিয়া বৃহৎ উদ্যোগৰ লগতে বিশ্বমানৰ আন্তঃগাঁথনিৰে বিকশিত কৰা হৈছে । এতিয়াৰ অসম বৃহৎ উদ্যোগৰ লগতে বিশ্বমানৰ আন্তঃগাঁথনিৰে এক বিকশিত অসমলৈ ধাৱমান হৈছে ।"-এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । কোকৰাঝাৰৰ দোতমাত দেওবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে ।

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে এবছুৰ ভূমিকাক প্ৰশংসা কৰি কয়, "এবছুৰ ভূমিকা নথকা হ'লে বড়ো চুক্তি সম্ভৱ নাছিল আৰু বড়োলেণ্ডৰ শান্তিও সম্ভৱ নাছিল । মই এবছুক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৫ হাজাৰ শ্বহীদক স্মৰণ কৰিছো । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত দিল্লীত এটা ডাঙৰ পথ নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । এপ্ৰিলৰ প্ৰথম সপ্তাহত তেওঁৰ নামত ফলক লগোৱা হ'ব । সেই পথত বডোফাৰ মূৰ্তি স্থাপন কৰা হ’ব । বি টি আৰ চুক্তিৰ পাছত বড়োভূমিত বিকাশ হৈছে । ২০২০ চনৰ ২৭ জানুৱাৰীত বি টি আৰ শান্তিচুক্তিত স্বাক্ষৰ হোৱাৰ সময়ত কংগ্ৰেছে উপলুঙা কৰিছিল । কিন্তু আজি শান্তি আহিল আৰু চুক্তিৰ ৮২ শতাংশ চৰ্ত সম্পূৰ্ণ কৰা হ'ল ।"

এবছুৰ ভূমিকাক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আগন্তুক দুটা বছৰত চুক্তি এশ শতাংশ সম্পূৰ্ণ কৰা হ'ব । আজি বড়োলেণ্ডৰ মাছৰুম দিল্লীত ব্যঞ্জন হিচাপে ব্যৱহাৰ হয় । এইটো সম্ভৱ হৈছে একমাত্র ইয়াত হোৱা শান্তিৰ বাবে । ২০৩৬ত ভাৰতত হ'বলগীয়া অলিম্পিকৰ বাবে বড়োলেণ্ডৰ খেলুৱৈসকল সাজু হওঁক । এটা সময় আছিল যেতিয়া উন্মাদনা, সন্ত্রাসবাদ আছিল । আজি বিকাশৰ জয়গান হৈছে । বড়োলেণ্ডৰ বিকাশৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ১৫০০ কোটি টকা কেৱল ৩৫ লাখ জনসংখ্যাৰ এই অঞ্চলত আৱণ্টন দিয়াৰ কাম কৰিছে ।"

বি টি আৰৰ দোতমাত বিশাল জনসভা সম্বোধন কৰি অমিত শ্বাহে বিকশিত ভাৰতৰ বাবে বড়ো যুৱক-যুৱতীৰ সবলীকৰণ, বি টি আৰৰ শান্তি, সম্প্ৰীতি আৰু উন্নয়নকে ধৰি বিভিন্ন পদক্ষেপক সামৰি বক্তব্য আগবঢ়ায় । কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে মা কামাখ্যা আৰু মা মহামায়াৰ নাম লৈ ভাষণত কয়, "বি টি আৰত লাহে লাহে উদ্যোগীক বাতাবৰণ তৈয়াৰ হৈছে । হাজাৰ হাজাৰ বিদ্ৰোহী যুৱকক আমি মূলসুঁতিলৈ ওভতাই আনিবলৈ সক্ষম হৈছো । ৩ হাজাৰৰ অধিক এন ডি এফ বিক পুনৰ সংস্থাপন দিছো ।"

তেওঁ লগতে কয়, "এসময়ত বড়োভূমি গুলীৰ শব্দত কঁপি উঠিছিল । বড়োভূমিত এতিয়া বড়ো যুৱকে ত্ৰিৰংগা লৈ ঘূৰে । এইটো দেশৰ বাবে বাৰ্তা । বাথৌ ধৰ্ম কিমান উচ্চখাপৰ জানি সমৃদ্ধ হ’লো ।"

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘অসমবাসীৰ, বড়োলেণ্ডবাসীৰ একেবাৰে আপোন ব্যক্তি অমিত শ্বাহ । এবছুৰ সভাপতি দ্বীপেন বড়োৰ লগতে সকলো বিষয়ববীয়াক অভিনন্দন জনাইছো । বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থানত আমি তেখেতক স্মৰণ কৰিছো । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বাবে আজি বড়োভূমিলৈ স্থায়ী শান্তি ঘূৰি আহিছে । এবছুৱে বড়ো জাতিৰ উত্তৰণৰ বাবে অভূতপূৰ্ব অৰিহণা যোগাইছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "আধুনিক বড়োভূমি নিৰ্মাণৰ বাবে যি সপোন দেখিছিল সেই সপোন নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বাস্তৱত ৰূপায়ণ কৰিলে । ১৫ এপ্ৰিলৰ আগতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব, ওদালগুৰিতো আমি বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্প আৰু এখন মেডিকেল কলেজ স্থাপন কৰিম । এবছুৰ সৈতে কথা পাতি উচ্চতৰ মাধ্যমিক, স্নাতকত বড়ো মাধ্যমৰ পাঠ্যক্ৰম, শিক্ষা আৰম্ভ কৰিম ।’’

অনুষ্ঠানত বি টি চি প্ৰধান প্ৰমোদ বড়োকে ধৰি এবছুৰ নেতৃত্ব আৰু কেইবাগৰাকী মন্ত্রী-বিধায়ক উপস্থিত আছিল । উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে সন্ধিয়া অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । সেনাৰ বিমানযোগে ৰৰৈয়া বিমান বন্দৰত উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ । শনিবাৰে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । তাৰ পিছতে শনিবাৰে আইজললৈ যায় গৃহমন্ত্ৰীগৰাকী ।

নিশা তাতে কটাই আজি দিনৰ ভাগত মিজোৰামৰ পৰা গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহন্ত্রীগৰাকী । বৰঝাৰৰ বিমানবন্দৰত তেওঁক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিৎ কুমাৰ দাসে আদৰণি জনায় । উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধিও । বৰঝাৰৰ বিমানবন্দৰৰ পৰা কোকৰাঝাৰলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।

যাত্ৰাপথত অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এবছুৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাগ লয় গৃহমন্ত্ৰী অমিত শ্বাহে । এবছুৰ অধিৱেশনৰ পাছতে গৃহমন্ত্ৰী শ্বাহ পোনে পোনে গুৱাহাটীলৈ আহে । গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে উত্তৰ-পূবত ভাৰতীয় ন্যায়-সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

লগতে পঢ়ক: বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৰা অমিত শ্বাহ LIVE - AMIT SHAH ASSAM VISIT

দেৰগাঁৱৰ কাৰ্যসূচী সামৰি মিজোৰামলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ - AMIT SHAH LEAVES FOR MIZORAM