ডিব্ৰুগড় : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ ২০২৫ বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে । কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল কৰি কৃষিক্ষেত্ৰ পৰা শিক্ষালৈ, উদ্যোগৰ আৰু বাণিজ্যিক ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটক লৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি কেবিনেট মন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশংসা কৰিছে । এই বাজেটে সাধাৰণ ৰাইজক উপকৃত কৰিব বুলি শাসক পক্ষই দাবী কৰাৰ সমান্তৰালভাৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৫ বৰ্ষৰ সাধাৰণ বাজেটক সমালোচনা কৰিছে বিৰোধীয়ে ।
আনহাতে, কেন্দ্ৰীয় বাজেটক লৈ ডিব্ৰুগড়ত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে মহিলা আৰু শিশু বিকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে । ডিব্ৰুগড়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন কৰি মা কামাখ্যা, বীৰ লাচিত বৰফুকনক স্মৰণ কৰি কেন্দ্ৰীয় বাজেটৰ অৱলোকন কৰে । কেন্দ্ৰীয় বাজেটে বিকশিত ভাৰতৰ লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি তেওঁ কয় ।
কেন্দ্ৰীয় বাজেটক সাৰ্বজনীন বাজেট আখ্যা দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই বাজেটে সমাজৰ সকলো স্তৰৰ ব্যক্তিক স্পৰ্শ কৰিছে । বাজেটত কৃষকৰ বাবে কেনেধৰণৰ আঁচনি ৰূপায়ণৰ বাবে ধন আৱণ্টন দিয়া হৈছে সেই বিষয়ে উল্লেখ কৰে । মহিলা সৱলীকৰণৰ বাবে কেন্দ্ৰীয় বাজেটে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে । মহিলাক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে বহুকেইখন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে ।’’
লগতে পঢ়ক : নামৰূপত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প: বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ লগতে পঢ়ক : ধন-ধ্যান কৃষি যোজনা আহিল: বাজেটক কৃষি বিকাশৰ সামগ্ৰিক কাৰ্যসূচী আখ্যা বিত্তমন্ত্ৰীৰ |
কেন্দ্ৰীয় বাজেটে উদ্যোগৰ বিকাশৰ কাৰণে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত নতুন প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিষয়ে তেওঁ অৱগত কৰে । এই নতুন প্ৰকল্প সম্পূৰ্ণ হ'লে সংস্থাপনৰ সুবিধা হোৱাৰ লগতে কৃষকসকল উপকৃত হ'ব বুলিও তেওঁ কয় ।
‘‘এই বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে । দেশত যিহেতু ডাব'ল ইঞ্জিনৰ চৰকাৰ চলিছে গতিকে ৰাজ্যৰ উন্নয়নত সফল হ'ব পাৰিম ।’’ তেওঁ কয় ।
লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত পাৰ্থক্য আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কয় সেয়া কাৰ্যকৰী কৰে । বাজেটত উল্লেখ কৰা সকলো ঘোষণা কাৰ্যকৰী কৰা হ'ব ।’’
- নাগৰিক সমাজৰ সৈতে কেন্দ্ৰীয় বাজেটক লৈ মত-বিনিময় কেন্দ্ৰীয় মন্ত্ৰীৰ :
কেন্দ্ৰীয় বাজেটক লৈ ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাজেট সন্দৰ্ভত এখন "নাগৰিক সভা"ত অংশগ্ৰহণ কৰে । ডিব্ৰুগড়ৰ বহুসংখ্যক জ্যেষ্ঠ নাগৰিকৰ সৈতে কেন্দ্ৰীয় বাজেটক লৈ মত বিনিময় কৰি বাজেট সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে । এই অনুষ্ঠানত ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক, শিক্ষক, অধ্যাপক, সাহিত্যিক আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি উপস্থিত থাকে ।