শোৱাপাটীতে দুৰ্বৃত্তই জ্বলালে মাতৃ-পুত্ৰক, পুৱাহে গম পালে চুবুৰীয়াই
এটাৰ পাছত আনটো হত্যাকাণ্ডই জোকাৰিছে চামগুৰিৰ বিভিন্ন অঞ্চল । এইবাৰ শুই থকা অৱস্থাতে দুৰ্বৃত্তই জ্বলাই দিলে মাতৃ-পুত্ৰক ।

Published : September 4, 2025 at 8:08 PM IST
চামগুৰি/কলিয়াবৰ: যেন অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে চামগুৰিৰ বিভিন্ন অঞ্চল ! চুৰি-ডকাইতি, হত্যাকাণ্ড আদি সাধাৰণ ঘটনা হৈ পৰিছে চামগুৰিৰ বিভিন্ন অঞ্চলত । পুনৰ চামগুৰিৰ ১নং চিমনাবস্তিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । জীৱন্তে জুইত জাহ গ'ল মাতৃ-পুত্ৰ । বুধবাৰে নিশা সংঘটিত হোৱা এই লোমহৰ্ষক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল ।
বুধবাৰে নিশা শুই থকা অৱস্থাতে ১ নং চিমনাবস্তিৰ মাতৃ বিনা সিং আৰু ১২ বছৰীয়া পুত্ৰ সাগৰ সিঙক জ্বলাই দিয়ে অচিনাক্ত দুৰ্বৃত্তই । এই খবৰ লাভ কৰি পুৱাই ঘটনাস্থলীত উপস্থিত হয় চামগুৰি আৰক্ষী থানাৰ আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত । লগতে মাতৃ-পুত্ৰৰ মৃতদেহৰ অৱশিষ্ট মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।
ইফালে ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা । আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এজন লোকক এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু লোকজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।
এই সন্দৰ্ভত আৰক্ষী অধীক্ষক ডেকাই কয়, "এইটো এক সন্দেহজনক মৃত্যু । কোনোবাই হয়তো হত্যা কৰিছে । ঘটনাটো কেনেকৈ হ'ল, কেতিয়া হ'ল ভালকৈ অনুসন্ধান কৰিব লাগিব । বৰষুণ দি থকাৰ বাবে হয়তো চুবুৰীয়াই চিঞৰ-বাখৰ বা শব্দ শুনা নাই ।" ইতিমধ্যে ফৰেনচিকৰ দলেও অপৰাধীক সন্ধানত যাৱতীয় নিৰীক্ষণ সম্পন্ন কৰে ।
ঘটনা সন্দৰ্ভত স্থানীয় জিলা পৰিষদৰ সদস্য অনিল ঠাকুৰে কয়, "ই এক পৰিকল্পিত হত্যাকাণ্ড । যদি মাতৃ আৰু পুত্ৰই আত্মহত্যা কৰিলেহেতেন, ওচৰৰ লোকে নিশ্চয় গম পালেহেঁতেন । এমাহৰ পূৰ্বেও এই অঞ্চলতে এটা ঘৰৰে দুগৰাকীকৈ মহিলাক দাৰে ঘঁপিয়াই হত্যা কৰিছিল কোনোবাই । কিন্তু হত্যাকাৰী আজিলৈকে ধৰা নপৰিল । এই ঘটনাটোও সেই একেধৰণৰ যেনেই অনুমান হৈছে ।"

