ETV Bharat / state

অসমৰ চাহ বাগিচা আৰু বানপীড়িত অঞ্চলৰ ছোৱালীক সহায়ৰ বাবে UNICEF, ICC, CII-YI-ৰ পৰিকল্পনা

“শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি”শীৰ্ষক কাৰ্যসূচী ইউনিচেফৰ । চাহ বাগান আৰু বানপীড়িত অঞ্চলৰ ছোৱালীক শিক্ষা প্ৰদান, নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগীতা আগবঢ়াবলৈ বিশেষ ৰোডমেপ প্ৰস্তুত ।

UNICEF, ICC, CII-YI plan support for girls in Assam's tea gardens, flood-hit areas
“শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি”শীৰ্ষক কাৰ্যসূচী ইউনিচেফৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 11:42 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ইউনিচেফ ইণ্ডিয়াই ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চি আৰু ইয়ং ইণ্ডিয়ানছ চি আই আই– ৱাই আইৰ সহযোগত আজি (সোমবাৰ) গুৱাহাটীত আয়োজন কৰে এক আলোচনা চক্ৰ । এই আলোচনা চক্ৰত অসমৰ চাহ বাগিচা আৰু বানপ্ৰবণ অঞ্চলৰ ছোৱালীসকলক শিক্ষা প্ৰদানৰ লগতে নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগীতা আগবঢ়াবলৈ বিশেষ ৰোডমেপ তৈয়াৰ কৰে ।

অংশীদাৰসকলে চাহ বাগান আৰু বানপীড়িত অঞ্চলত চি এছ আৰ- সমৰ্থিত কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰে আৰু দ্ৰুতগতিত সেই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে । অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই ভাষণত ৰাজ্য চৰকাৰে দক্ষতা বিকাশৰ জৰিয়তেই ৰূপায়ণ কৰা আঁচনিৰ কথা উল্লেখ কৰি অংশীদাৰসকলক তেওঁলোকৰ চি এছ আৰৰ জৰিয়তে যি সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

ইউনিচেফ ইণ্ডিয়াৰ উপ-প্ৰতিনিধি অৰ্জন ডি ফাউণ্ডেচন লাৰ্নিং এণ্ড নিউমেৰচি এফ এল এন আৰু স্কিলিং-টু-ৱৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমৰ্থিত “কেচ-প্লাছ” ডেলিভাৰী সমৰ্থন যেনে সঠিক স্তৰত পাঠদান, শিক্ষক প্ৰশিক্ষণ, মাতৃভাষাৰ সামগ্ৰী আৰু বানপানীৰ সময়ত প্ৰি-পজিচনড কণ্টিনিউটি কিটছৰ ওপৰত আলোকপাত কৰে ।

''একেদৰে চি এছ আৰৰ এই শিক্ষণ প্ৰক্ৰিয়াত আমি যদি আমাৰ শক্তি যদি দুগুণ বৃদ্ধি কৰো তেন্তে লক্ষ্যত উপনীত হোৱাটো অতি সহজ হ'ব'' বুলি তেওঁ উল্লেখ কৰে । আইচিচিৰ এম্বেচাদ্দৰ তথা কিংবদন্তি ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে আই চি চিৰ পৰিয়াল আৰু অনুৰাগীসকলক ইউনিচেফৰ “শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি” শীৰ্ষক সহযোগীতা আগবৰোৱাৰ লগতে ছোৱালীৰ শিক্ষাৰ এই বাৰ্তা সকলোৰে মাজলৈ আগুৱাই নিবলৈ আহ্বান জনায় ।

উক্ত অনুষ্ঠানত অংশীদাৰসকলে চাহ-বাগিচা আৰু বানপীড়িত অঞ্চলসমূহত চি এছ আৰ-সমৰ্থিত কাৰ্যসূচীসমূহ চলাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । ছোৱালীসকলক মৌলিক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ইউনিচেফৰ এই চি এছ আৰ কাৰ্যসূচী মেৰুদণ্ড হিচাপে বিবেচিত হ'ব ।

ইউনিচেফ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বকে ধৰি পৰৱৰ্তী পদক্ষেপৰ কথা ঘোষণা কৰি এ আই ডি চিৰ পৰিচালন সঞ্চালক মেঘা নিধি দাহালে শলাগৰ শৰাই আবঢ়াই সকলোৰে সহযোগিতাত প্ৰতিগৰাকী ছোৱালীক মৌলিক শিক্ষা প্ৰদানৰ এই কাৰ্যসূচী সফল হ'ব বুলি আশা ব্যক্ত কৰে ।

লগতে পঢ়ক : Super Dancer Chapter 5 ৰ বিজয়ী অসমৰ আধ্যাশ্রী উপাধ্যায়