ETV Bharat / state

অৰ্ধনিৰ্মিত ঘাইপথে মাতিছে বিপদ: ক্ৰমাত্‍ বৃদ্ধি পথ দুর্ঘটনা-মৃতকৰ সংখ্যা - MANY HIGHWAY PROJECTS IN ASSAM

অতি লেহেমগতিত চলিছে বহুকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম । সীমাহীন প্ৰতিবাদৰ পাছতো এই সমস্যাৰ সমাধান হোৱা নাই ।

Many highway projects in Assam
লেহেমগতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 7:57 PM IST

8 Min Read

গুৱাহাটী: অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থাই যাতায়াত ব্যৱস্থাটোক যথেষ্ট কষ্টকৰ কৰি তুলিছে । কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ পাছতো অসমৰ ৰাইজৰ যাতায়াতৰ বাবে অন্যতম প্রয়োজনীয় ৰাষ্ট্ৰীয় ঘাইপথসমূহ সূচল কৰি তুলিব পৰা নাই ।

বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ প্ৰতিবাদৰ পাছতো এই সমস্যাৰ সমাধান হোৱা নাই । ইফালে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে অধিক দুৰৱস্থাত থকা পূব অসমৰ অৰ্ধনিৰ্মিত পথৰ বাবে ৰাজ্য চৰকাৰকে জগৰীয়া কৰিছে ।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ এগৰাকী প্ৰকল্প বিষয়াই জনাই যে সময় মতে ভূমি অধিগ্রহণত বিলম্ব হোৱাৰ উপৰি নিম্নমানৰ নিৰ্মাণকাৰ্য, ঠিকা আবণ্টনত খেলি-মেলি আদিৰ বাবেও নির্মাণকার্য অস্বাভাবিকভাৱে পলম হয় । লক্ষণীয় বিষয় যে অসমত অর্ধনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰণ জনতাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণাত পৰিণত হৈছে ।

Many highway projects in Assam
অৰ্ধনিৰ্মিত ঘাইপথে মাতিছে বিপদ (ETV Bharat)

একে সময়তে এনে পথবোৰ মৃত্যুদূত সদৃশো হৈ পৰিছে । খলা-বমা, মাজে মাজে প্রকাণ্ড একোটা গাঁতত পৰিণত হোৱা ৰাষ্ট্ৰীয় ঘাইপথত সমানে দুর্ঘটনা সংঘটিত হৈ আহিছে । বছৰ বছৰ ধৰি পথবোৰ অৰ্ধনিৰ্মিত হৈ পৰি আছে ।

প্ৰকল্প বিষয়াগৰাকীয়ে জনোৱা মতে, শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে কৰা পৰ্যালোচনাত পোহৰলৈ আহিছে যে অসমৰ ১৬টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ গতি অতি লেহেমীয়া । ইয়াৰ বিৰুদ্ধে ৰাজ্যখনৰ সচেতন সমাজ আৰু সংগঠনে সময়ে সময়ে সঘন প্রতিবাদ জনাই আহিছে । আনকি বহু সময়ত ৰাইজৰ ক্ষোভৰ বাবে অসম চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰক অৱগত কৰি সমস্যাটোৰ ক্ষিপ্ৰ সমাধানৰ দাবী জনাই আহিছে যদিও কাৰ্যতঃ কোনো সুফল পৰিলক্ষিত হোৱা নাই ।

ঘাইপথ প্ৰাধিকৰণৰ তথ্য অনুসৰি প্ৰকল্প বিষয়াগৰাকীয়ে কয়, "পূব অসমতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা অধিক বৃদ্ধি হৈছে । বিশেষকৈ অর্ধনির্মিত পথে যাতায়াত ব্যৱস্থা অধিক জটিল কৰি তুলিছে । অথচ এনে পথৰ নিৰ্মাণ কেতিয়াবাই সম্পূৰ্ণ হ'ব লাগিছিল ।"

"যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ নির্মীয়মাণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথৰে যাতায়াত অদ্যাপি অত্যন্ত প্ৰত্যাহ্বানমূলক হৈ আছে । এই পথছোৱাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য ইতিপূর্বে প্রায় ছয়বাৰ ধাৰ্য কৰা হৈছিল ।" বিষয়াগৰাকীয়ে কয় ।

তেওঁ আৰু কয়, "শেহতীয়াকৈ অহা অক্টোবৰ কাম সম্পূৰ্ণ কৰাৰ নতুন লক্ষ্য ধাৰ্য কৰা হৈছে । পথছোৱাৰ নিৰ্মাণ অভাৱনীয়ভাৱে পলম হোৱাত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে অসম চৰকাৰকে জগৰীয়া কৰিছে । কাৰণ ভূমি অধিগ্রহণকে ধৰি ৰাজ্য চৰকাৰৰ আওতাত যিবোৰ বিষয় পৰে, তাৰে কোনোটোৱেই সময়মতে হৈ উঠা নাই । তদুপৰি ঠিকাদাৰৰ নিম্নমানৰ কাম, ঠিকা আবণ্টনত হোৱা খেলি-মেলি আদিৰ পৰিণতিতো নির্মাণকার্য পলম হৈছে ।"

Many highway projects in Assam
লেহেমগতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম (ETV Bharat)

নির্মাণকার্য লেহেমীয়া হোৱা আন কেইটামান প্রকল্প হৈছে - ডিমৌ-মৰাণ বাইপাছ, ২৯ নম্বৰ ৰাষ্ট্ৰীয় পথ চাৰিলেনযুক্ত কৰা, মাঞ্জা বাইপাছ, মৰাণ বাইপাছৰ পৰা বগীবিললৈ পথ নিৰ্মাণ, জামুগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিলৈ বাইপাছ নিৰ্মাণ আৰু জাতিংগাৰ পৰা হাৰাংগা গাঁৱলৈ পথ নির্মাণ ।

বৰ্তমান অসমত ৩,৯০০.৪৪ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে । ইয়াৰে ৩০ শতাংশৰো অধিক পথ যাতায়াত অনুপযোগী হৈ পৰিছে তথা ভাঙিবলৈ ধৰিছে । ভাঙিবলৈ ধৰা অংশবোৰৰ মেৰামতিৰ বিশেষ উদ্যোগ ঘাইপথ প্ৰাধিকৰণে লোৱা নাই । ফলত ভঙা অংশবোৰ অধিক ভয়ংকৰ হৈ পৰিছে । ইপিনে ৰাজ্যত এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বৰষুণৰ বতৰ ।

এনে সময়ত পথৰ ভালদৰে মেৰামতি কৰাটোও সম্ভৱ নহয় । তদুপৰি বৰষুণে ভঙা অংশবোৰৰ অধিক ক্ষতি কৰে । তেনেস্থলত যাতায়াত ব্যৱস্থা কিমান কষ্টকৰ হ'ব পাৰে সেয়া সহজতে অনুমেয় ।

লক্ষণীয় বিষয় যে অসমত বৰ্তমান ৬৬টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নিৰ্মাণৰত অৱস্থাত আছে । ইয়াৰ দৈৰ্ঘ হ'ল ১,১৯৩ কিলোমিটাৰ । আনহাতে পথৰ মেৰামতি তথা উন্নতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিগত বিত্তীয় বৰ্ষত ৫,২৩৯ কোটি টকা আবণ্টন দিছিল যদিও এই ধন সম্পূর্ণকৈ মোকলাই দিয়া নাই ।

Many highway projects in Assam
ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা (ETV Bharat)
  • পথৰ দুৰৱস্থাৰ বাবে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা :

পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংশ্লিষ্ট বিভাগৰ বিষয়াৰে হোৱা পর্যালোচনা বৈঠকত গৃহ বিভাগে দিয়া তথ্য মতে, ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ৰাজ্যখনত মুঠ ৬,৬৯৮টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ।

ইয়াৰ বিপৰীতে ২০২৪ বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ১১,৫৫৮ টা পথ দুর্ঘটনা সংঘটিত হয় । সেই হিচাপত ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত দুৰ্ঘটনাৰ হাৰ ৭০ শতাংশৰো অধিক বৃদ্ধি পায় ।

ক) তালিকা আকাৰত তলত উল্লেখ কৰা হ'ল-

চন মাহদুৰ্ঘটনাৰ সংখ্যা
২০২৩ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ৬,৬৯৮ টা
২০২৪ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ১১,৫৫৮ টা

অৱশ্যে ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত মৃত্যুৰ সংখ্যা হ্রাস পায় । কিন্তু আহতৰ সংখ্যা বৃদ্ধি পায় । পর্যালোচনা বৈঠকত সংশ্লিষ্ট বিষয়াসকলে মুখ্যমন্ত্ৰীৰ আগত সদৰী কৰা তথ্য অনুসৰি ৰাজ্যত ৰাস্তা-ঘাটৰ উন্নয়ন হোৱাৰ পাছতো দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ।

বিশেষকৈ নতুনকৈ নির্মিত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংখ্যা বৃদ্ধি পাইছে । বিশেষকৈ পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰা, পূজা আদিৰ সময়ত ৰাজ্যৰ পথ দুৰ্ঘটনা সংখ্যা বৃদ্ধি পোৱা বুলি পর্যালোচনা বৈঠকত উন্মোচিত হয় । যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে দুর্ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষী, পৰিবহণ, আবকাৰী আদি কেইবাটাও বিভাগক কেতবোৰ নির্দেশনা প্রদান কৰিছিল ।

লক্ষণীয় বিষয় যে নিশা সুৰাপান কৰি বাহন চলোৱা ঘটনা গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱাৰ সমান্তৰাকৈ পথ দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে । পর্যালোচনা বৈঠকখনত গৃহ বিভাগে দাঙি ধৰা তথ্য অনুসৰি ২০২৪ বৰ্ষৰ জানুৱাৰীত ৮১৯টা পথ দুৰ্ঘটনাত ২২৬ জনৰ মৃত্যু হোৱাৰ লগতে ৯৯৭ জন লোক আহত হৈছিল ।

একেদৰে ফেব্ৰুৱাৰীত ৮২২টা পথ দুৰ্ঘটনাত ২২০ জনৰ মৃত্যু আৰু ১,০৪১ জন আহত হৈছিল । মাৰ্চ মাহত ৯১৪টা পথ দুৰ্ঘটনাত ২১৬ জনৰ মৃত্যু আৰু ১,২১৭ জন আহত হৈছিল । এপ্ৰিল মাহত ৮৪০টা পথ দুৰ্ঘটনাত ২০৫ জনৰ মৃত্যু আৰু ১,১৪৩ জন আহত হৈছিল । মে' মাহত ৮০১টা পথ দুৰ্ঘটনাত ১৮৯ জনৰ মৃত্যু হৈছিল আৰু ১,২৫৮ জন আহত হৈছিল ।

সেইদৰে জুন মাহত ১,২৩৪ টা পথ দুৰ্ঘটনাত ১৯২ জনৰ মৃত্যু আৰু ১,৭০৪ জন আহত হৈছিল । জুলাই মাহত ১,৩১৪ টা পথ দুৰ্ঘটনাত ২১৫ জনৰ মৃত্যু আৰু ১,৭০৭ জন আহত হৈছিল । আগষ্ট মাহত ১,২৭৩ টা পথ দুৰ্ঘটনাত ২৩৯ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১,৭১৮ জন আহত হৈছিল ।

ছেপ্টেম্বৰ মাহত ১,২৪৯ টা পথ দুৰ্ঘটনাত ২৪৪ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১,৭৩১ জন আহত হৈছিল । অক্টোবৰ মাহত ১,২১৫ টা পথ দুৰ্ঘটনাত ৩২২ জনৰ মৃত্যু হৈছিল আৰু আহত হৈছিল ১,৭২৫ জন ।

আনহাতে নৱেম্বৰ মাহত ১,০৪৭ টা পথ দুৰ্ঘটনাত ২৫৩ জনৰ মৃত্যু হৈছিল । ২০২৩ বৰ্ষৰ তুলনাত এই বছৰ এঘাৰ মাহত পথ দুর্ঘটনাৰ লগতে আহতৰ সংখ্যা বৃদ্ধি পালেও কিন্তু মৃত্যুৰ সংখ্যা ১৪.২৮ শতাংশ হ্রাস পায় ।

খ) ২০২৪ বৰ্ষত গুৱাহাটী মহানগৰীত সংঘটিত হোৱা দুৰ্ঘটনা, মৃত আৰু আহত লোকৰ সংখ্যাক তালিকা তলত উল্লেখ কৰা হ'ল -

মাহদুৰ্ঘটনাৰ সংখ্যামৃত লোকৰ সংখ্যাআহত লোকৰ সংখ্যা
জানুৱাৰী ৮১৯টা ২২৬ জন৯৯৭ জন
ফেব্ৰুৱাৰী ৮২২টা২২০ জন১,০৪১ জন
মাৰ্চ ৯১৪টা ২১৬ জন১,২১৭ জন
এপ্ৰিল ৮৪০টা২০৫ জন১,১৪৩ জন
মে' ৮০১টা১৮৯ জন১,২৫৮ জন
জুন ১,২৩৪ টা১৯২ জন ১,৭০৪ জন
জুলাই ১,৩১৪ টা ২১৫ জন১,৭০৭ জন
আগষ্ট ১,২৭৩ টা ২৩৯ জন১,৭১৮ জন
ছেপ্টেম্বৰ ১,২৪৯ টা ২৪৪ জন ১,৭৩১জন
অক্টোবৰ ১,২১৫ টাৰু৩২২ জন১,৭২৫ জন
নৱেম্বৰ ১,০৪৭ টা ২৫৩ জন---

২০২৩ বৰ্ষত ১১ মাহত পথ দুৰ্ঘটনাত ২,৯৪১ জন লোকৰ মৃত্যু হৈছিল যদিও ২০২৪ চনত ১১ মাহত ২,৫২১ জন লোকৰ মৃত্যু হয় । অৱশ্যে পথৰ দুৰৱস্থাৰ উপৰি বহুকেইটা কাৰণ জড়িত হৈ আছে পথ দুৰ্ঘটনাৰ আঁৰত ।

লগতে পঢ়ক : গৰুবিহুৰ দিনটোতে ১৭ টাকৈ দুৰ্ঘটনা, নিহত দুই: বন্য়হস্তীয়েও প্ৰাণ ল'লে এজনৰ

লগতে পঢ়ক : সুখবৰ! এতিয়াৰে পৰা প্ৰতিখন বাইকতে গ্ৰাহকে লাভ কৰিব দুটাকৈ ISI মাৰ্কযুক্ত হেলমেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.