উমৰাংছ' কয়লাখনি ট্ৰেজেডী: পুনৰ উদ্ধাৰ ৫ শ্ৰমিকৰ মৃতদেহ
উমৰাংছ'ৰ কয়লাখনিৰ পৰা ৫ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ । ৪০ দিন পিছত উদ্ধাৰ শ্ৰমিক কেইগৰাকীৰ মৃতদেহ । পূৰ্বে উদ্ধাৰ কৰা হৈছিল ৪ গৰাকী শ্ৰমিকৰ মৃতদেহ ।

Published : February 19, 2025 at 9:44 PM IST
হাফলং: উমৰাংছ'ৰ তিনি কিলো ক'লামাটি অসম কয়লা খনিৰ পৰা অৱশেষত ৪০ দিন পিছত পাঁচগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম এনডিআৰএফ আৰু এচডিআৰএফ বাহিনী । মঙলবাৰে অসম কয়লা খনিৰ পৰা প্ৰথমতে অভিযান চলাই দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ইয়াৰ পিছতে বিয়লিৰ ভাগত এনডিআৰএফ বাহিনীয়ে অভিযান চলাই আৰু তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে ।
ইয়াৰ পূৰ্বে চাৰি গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল । বুধবাৰে অসম কয়লা খনিৰ পৰা উদ্ধাৰ হোৱা ৫ গৰাকী শ্ৰমিকৰ মৃতদেহৰ সৈতে বৰ্তমানলৈ উমৰাংছ'ৰ অসম কয়লা খনিত সন্ধানহীন সৰ্বমুঠ ৯ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত উমৰাংছ'ৰ অসম কয়লা খনিত ৯ গৰাকী শ্ৰমিক সন্ধানহীন হৈ পৰিছিল । ইয়াৰ পিচতে এই কয়লা খনিত সন্ধানহীন ৯ শ্ৰমিকৰ ভিতৰত ৪ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি মাজতে অভিযান বন্ধ ৰাখি ভাৰতীয় নৌসেনা উভতি আহে । কিন্তু এনডিআৰএফ আৰু এচডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল । যাৰ ফলত বুধবাৰে সন্ধানহীন আন ৫ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় ।

বুধবাৰে বাকী ৫ গৰাকী সন্ধানহীন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ পিছতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে,"উমৰাংছ’ৰ কয়লা খনিৰ পানী নিষ্কাশন প্রক্রিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰাকৈ আজি সম্পন্ন কৰা হৈছিল । আজি ৫ গৰাকী বনুৱাৰ মৃতদেহ উদ্ধাৰ কৰি খনিৰ খাদৰ পৰা উলিয়াই অনা হৈছে । মৃতদেহকেইটিৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে ।"
উল্লেখ্য যে, ১৬ জানুৱাৰীত মৰিগাঁও আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়লাখনিত কৰুণ মৃত্যক সাৱটি ল’বলগীয়া হোৱা মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰথমাৱস্থাত উদ্ধাৰ হোৱা ৪ গৰাকী শ্ৰমিকৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছিল ।
Today, the dewatering of the Umrangso mines was completed to a level where retrieval operations could be launched. The mortal remains of the remaining 5 miners have been recovered and brought up from the mine shaft. The process to identify the remains has been initiated.
— Himanta Biswa Sarma (@himantabiswa) February 19, 2025

