উমৰাংছ' কয়লাখনি প্ৰসংগ: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰৰ পৰৱৰ্তী শুনানি ৭ ফেব্ৰুৱাৰীত
অবৈধ ৰেট হোল মাইনিং সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শেহতীয়া অগ্ৰগতিৰ প্ৰতিবেদনসহ শপতনামা অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ।

Published : January 29, 2025 at 9:46 AM IST
গুৱাহাটী : ডিমা হাছাও জিলাৰ উমৰাংছ'ত দীৰ্ঘদিন ধৰি অবৈধভাৱে কয়লা খনন চলি থকা এটা খনিত সংঘটিত দুর্ঘটনাত কেইবাজনো শ্রমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (১/২০২৫)ৰ মঙলবাৰে শুনানি গ্রহণ কৰি এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে । শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে এই নির্দেশ দিয়ে ।
ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ 'ৰেট হোল মাইনিং' পদ্ধতিৰে চলি থকা কয়লা খননক লৈ ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । এই অবৈধ ৰেট হোল মাইনিং তথা কয়লা খনন বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত শেহতীয়া অগ্ৰগতিৰ প্ৰতিবেদনসহ শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে । ৭ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰে আদালতত এই প্রতিবেদন দাখিল কৰিব লাগিব ।

উল্লেখ্য যে উমৰাংছ'ৰ তিনিকিলোত দীৰ্ঘদিন ধৰি অবৈধভাৱে কয়লা খনন চলি থকা এটা খনিত হঠাৎ পানী জমা হোৱাৰ ফলত আবদ্ধ হৈ পৰা নজন শ্ৰমিকৰ চাৰিজনৰ মৃতদেহ এই পর্যন্ত উদ্ধাৰ কৰা হৈছে । পাঁচজনৰ কোনো সন্ধান ওলোৱা নাই । উমৰাংছ'ত দুৰ্ঘটনা সংঘটিত হোৱা এই খনিটোৰ উপৰি আৰু কমেও ২২০ টা অবৈধ ৰেট হোল মাইনিং চলা কয়লাখনি থকা আৰু কাৰ্বি আংলং জিলাতো অবাধে ৰেট হোল মাইনিং চলি থকাৰ ঘটনাক লৈ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ আবেদনখন গ্ৰহণ কৰিছে ।

উল্লেখ্য যে উমৰাংছ'ৰ দুৰ্ঘটনাক ভিত্তি হিচাপে লৈ ৰাজ্যত কয়লাৰ অবৈধ খনন সন্দৰ্ভত নিজাববীয়াকৈ গ্ৰহণ কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ লগতে খনি আৰু খনিজাত দ্রব্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব, পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত আৰু সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আৰু ভূতত্ত্ব আৰু খনন বিভাগৰ সঞ্চালকক পদকীয়া পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । ৭ ফেব্ৰুৱাৰী আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।

