ETV Bharat / state

আলফা (স্বাধীন)ৰ দুই দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

কিয় শিবিৰৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰিছে আলফা (স্বাধীন)ৰ দুধৰ্ষ কেডাৰে ?

ULFA Independent cadre surrender
সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন) কেডাৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 4:10 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: স্বাধীন অসমৰ সপোন বুকুত বান্ধি ঘন জংঘললৈ যাত্ৰা কৰা আলফা (স্বাধীন)ৰ কেডাৰে বনাঞ্চলৰ শিবিৰৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰা প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আহিছে । কিন্তু শেহতীয়াকৈ দুজনকৈ আলফা (স্বাধীন)ৰ দুধৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ।

যিহেতু দীৰ্ঘদিনৰ পৰা অভিযোগ উঠি আহিছিল যে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে গোপনে সদস্যভৰ্তি অভিযানৰ সমান্তৰালভাৱে ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছিল । তাৰ মাজতে তেনে দুজন কেডাৰে কৰিলে আত্মসমৰ্পণ । আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ উজ্জ্বল অসম ওৰফে অৰুঞ্জয় বড়াই মঙলবাৰে মাৰ্ঘেৰিটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে পুনৰ আন এজন কেডাৰে আত্মসমৰ্পণ কৰে । আনজন আত্মসমৰ্পণকাৰী আলফা(স্বা)ৰ কেডাৰ চানেকা মুণ্ডা ওৰফে ৰাজা মুণ্ডা । কেডাৰজনে বৃহস্পতিবাৰে পেঙেৰীস্থিত সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে ।

আলফা (স্বাধীন)ৰ দুই দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ (ETV Bharat Assam)

আত্মসমৰ্পণকাৰী সদস্য দুজনৰ এজনে এটা গ্ৰেণেড সেনাবাহিনীৰ হাতত চমজাই দিছে ৷ আত্মসমৰ্পণকাৰী আলফা(স্বা)ৰ কেডাৰজনৰ ঘৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত তালপথাৰত ৷ পৰৱৰ্তী সময়ত পেঙেৰী সেনাই মাৰ্ঘেৰিটা আৰক্ষীক আত্মসমৰ্পণকাৰী কেডাৰজনক চমজাই দিয়ে । ইফালে, বৰ্তমানেও দুই আত্মসমৰ্পণকাৰী কেডাৰক সোধা-পোছা অব্যাহত থকা বুলি কয় আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ।

ULFA Independent cadre surrender
সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন) কেডাৰৰ (ETV Bharat Assam)

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "আমি তথ্য পাইছিলো যে আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা দুজন কেডাৰে পলায়ন কৰিছে । সেই খবৰৰ ভিত্তিত আমি অভিযান চলাইছিলো আৰু দুজন লোকক আটক কৰো । এতিয়া আমি সোধা-পোছা চলাই আছো ৷ গতিকে তদন্ত শেষ হোৱাৰ পিছতহে সঠিক তথ্য প্ৰদান কৰিব পৰা যাব ৷”

ULFA Independent cadre surrender
সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন) কেডাৰৰ (ETV Bharat Assam)

ইফালে, আত্মসমৰ্পণকাৰী কেডাৰৰ পৰিয়ালৰ লোকে সংবাদমাধ্যৰ আগত কয়, "২০১৭ চনতে ভাইটি আলফা (স্বাধীন)লৈ গৈছিল । এতিয়া ঘূৰি আহিছে, আমি খুব ভাল পাইছো । বহুদিন হ’ল আমি দেখা নাই, আজি দেখা পাই ভাল লাগিছে । আমি আশা কৰিছো ভৱিষ্যতে ঘৰতে খেতি-বাতি কৰি একেলগে খাব ৷ লগতে আত্মসমৰ্পণ কৰাৰ পিছতো আৰক্ষীয়ে তথ্য উদঘাটনৰ বাবে অ'ত ত'ত ঘুৰাই ফুৰাটো ভাল লগা নাই ।”

লগতে পঢ়ক:ব্যৱসায়ীক ধনদাবী; আৰক্ষীৰ জালত প্ৰাক্তন আলফা(স্বা) কেডাৰ - EX ULFA CADRE ARRESTED

IED বিস্ফোৰণৰে শক্তি প্ৰদৰ্শনৰ কথা স্বীকাৰ আলফা স্বাধীনৰ - GUWAHATI BOMB BLAST CASE