ETV Bharat / state

তিনিচুকীয়াত আলফা(স্বা)ৰ কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ

অসম-অৰুণাচল সীমান্তত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৰূপম অসমক ।

ULFA-I cadre arrested
তিনিচুকীয়াত আলফা কেডাৰ ৰূপম অসম গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 10:16 AM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া : তিনিচুকীয়াত অসম আৰক্ষীৰ বৃহৎ সফলতা । অসম-অৰুণাচল সীমান্তত আৰক্ষীৰ জালত পৰিল এক দুৰ্ধৰ্ষ আলফা কেডাৰ । সীমান্ত অঞ্চলত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আলফা(স্বা)ৰ কেডাৰ ৰূপম অসমক । ৰূপম অসম আলফা স্বাধীনৰ অপাৰেশ্যন কমাণ্ডাৰ বুলি জানিব পৰা গৈছে ।

আলফা কেডাৰ গ্ৰেপ্তাৰ

তিনিচুকীয়াত আলফা(স্বা)ৰ কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ (ETV Bharat Assam)

অভিযোগ অনুসৰি, বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ নেতৃত্বত আছিল ৰূপম অসম । আলফা স্বাধীনৰ বহু সামৰিক অভিযানৰো নেতৃত্ব দিছিল ৰূপম অসমে । ৰূপম অসমৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে ভালেসংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে । ইফালে সীমান্তৰ বনাঞ্চলত ৰূপম অসমৰ সহযোগী কেডাৰসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসম আৰক্ষীয়ে ৰূপম অসমৰ সন্ধানত অভিযান চলাই আছিল । শেহতীয়াকৈ লাভ কৰা তথ্য মতে, আৰক্ষীয়ে ৰূপম অসমক জেৰা অব্যাহত ৰাখিছে ।

আৰক্ষীৰ তথ্য অনুসৰি, বিভিন্ন ধৰণৰ অপহৰণ, ধনদাবীকে ধৰি অপৰাধমূলক ঘটনাত ৰূপম অসম জড়িত আছিল । আৰক্ষীৰ তদন্তৰ অন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে । সম্প্ৰতি তিনিচুকীয়াত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ।

উল্লেখ্য যে ৰূপম অসমৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত । ৰূপম অসমে প্ৰায় ১৮ বছৰ পূৰ্বে যোগদান কৰিছিল বিদ্ৰোহী সংগঠনটোত ।

কি কি ঘটনাৰ লগত জড়িত ৰূপম অসম ?

আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ ৰূপম অসমে বিগত বছৰসমূহত বহুকেইটা সামৰিক অভিযানত সন্মুখৰ পৰা নেতৃত্ব দিছিল । তাৰ ভিতৰত ২০১৮ চনত তিনিচুকীয়া জিলাৰ বৰডুমছা আৰক্ষী থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতা নিহত হোৱা সংঘৰ্ষটোত জড়িত থকাৰ লগতে দুটা বছৰৰ পূৰ্বে কাকপথাৰৰ দ' পথাৰত জ্ঞান অসমৰ মৃত্যুৰ সৈতেও জড়িত আছিল ৰূপম অসম ৷ সমান্তৰালভাৱে ২০২৩ চনতে অৰুণাচল প্ৰদেশৰ নামপুঙত আছাম ৰাইফলছৰ শিবিৰত চলোৱা আক্ৰমণত আৰু তিনিচুকীয়া জিলাৰ পেঙেৰী ৰিজাৰ্ভত আছাম ৰাইফলছৰ ওপৰত বোমা নিক্ষেপৰ ঘটনাৰ সৈতেও ৰূপম অসম জড়িত থকাৰ অভিযোগ আছে । ২০২০ চনৰ ডিচেম্বৰত কুইপ্ৰৰ দুই কৰ্মচাৰী প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক অপহৰণৰ সৈতেও জড়িত থকাৰ অভিযোগ আছে । তাৰ লগতে বহুকেইটা সামৰিক অভিযান আৰু ধনদাবী, অপহৰণ কাণ্ডৰ নেতৃত্বত আছিল ৰূপম অসম । এনআইএৰ চাৰ্জশ্বীটত মোষ্ট ৱাণ্টেড ৰূপম অসম ।

আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ প্ৰতিক্ৰিয়া

আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে কয়, "বিগত ৪-৫ মাহে অসম-অৰুণাচল সীমান্তত ৰূপম অসমৰ নেতৃত্বত এটা দলে শিবিৰ পাতি তিনিচুকীয়া আৰু নামচাইত বহুকেইটা ধনদাবী কৰাৰ খবৰ আছিল । সেই খবৰৰ ভিত্তিতে তিনিচুকীয়া আৰক্ষীয়ে আছাম ৰাইফলছৰ সহযোগত অভিযান অব্যাহত ৰাখিছিল । সেই অভিযানৰ সময়তে আজি পুৱতি নিশা অসম-অৰুণাচলৰ সীমান্তৰ বনাঞ্চলত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰূপম অসমক । আলফা (স্বাধীন)ৰ বহু সামৰিক অভিযানত নেতৃত্ব দিছিল ৰূপম অসমে । ৰূপম অসমৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে ভালেসংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে । সীমান্তৰ বনাঞ্চলত সহযোগী কেডাৰসকলৰ সন্ধানত অভিযান চলাই থকা হৈছে ।"

ৰূপম অসমক মাৰাথন জেৰা

ৰূপম অসমক পুৱতি নিশা টিংকুপানী বনাঞ্চলত গ্ৰেপ্তাৰ কৰাৰ পাছতে পুৱাই তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ অনা হয় । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱাৰ পৰা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াই মাৰাথন জেৰা চলায় ।

লগতে পঢ়ক :জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ'ব: পুনৰ হুংকাৰ শৃংখল চলিহাৰ - SHRINGKHAL CHALIHA RELEASED