গোলাঘাট : স্বাধীন অসমৰ সপোন বুকুত বান্ধি ঘন জংঘললৈ যাত্ৰা কৰা আলফা (স্বাধীন)ৰ কেডাৰে বনাঞ্চলৰ শিবিৰৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰা প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আহিছে । কিন্তু শেহতীয়াকৈ মৰঙী সাৰৰগাঁৱত আলফা (স্বাধীন)ৰ এজন দুৰ্ধৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
দীৰ্ঘদিনৰ পৰা অভিযোগ উঠি আহিছে যে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে গোপনে সদস্যভৰ্তি অভিযানৰ সমান্তৰালভাৱে ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে । কিন্তু তাৰ মাজতে তেনে এজন কেডাৰে আত্মসমৰ্পণ কৰে । আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ নৱজিত অসম ওৰফে মনদ্বীপ শইকীয়াই তিনিচুকীয়াত আত্মসমৰ্পণ কৰাৰ পাছত সোমবাৰে গোলাঘাট আৰক্ষীক গতাই দিয়ে তিনিচুকীয়া আৰক্ষীয়ে ।
ইফালে গোলাঘাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সোধা-পোছা কৰি অৱশেষত আৰক্ষীৰ কনভয়েৰে আলফা স্বাধীনৰ কেডাৰজনক মৰঙী সাৰগাঁও লৈ গৈ তেওঁৰ পৰিয়ালক চমজি দিয়ে । তাৰ পাছতে সুদীৰ্ঘ দিনৰ পাছত মাতৃ-পুত্ৰৰ মিলনত আনন্দৰ অশ্ৰু নিগৰে ।
উল্লেখ্য যে, আলফা(স্বা)ৰ কেডাৰজনৰ ঘৰ হৈছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত সাৰৰগাঁৱত । ২০১০ চনতে আলফা সদস্য হিচাপে যোগদান কৰা নৱজিৎ অসম (মনদ্বীপ শইকীয়া) ঘৰলৈ উভতি অহাত আনন্দ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গ তথা গাঁওবাসীয়ে ।
এই সম্পৰ্কে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে কয়, "আলফা স্বাধীনৰ কেডাৰ নৱজিৎ অসমে ২৮ তাৰিখে তিনিচুকীয়াত আত্মসমৰ্পণ কৰিছিল আৰু আজি তেখেতে গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আহিছিল । আমি তেখেতক আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক গতাই দিছো । তেখেতে ম্যানমাৰত আলফা স্বাধীনৰ ৭৭৯ গোটৰ আছিল বুলি জানিব পাৰিছো আৰু ২০১০ চনত যোগদান কৰিছিল ।"
আনহাতে, এই সম্পৰ্কে আলফা কেডাৰ নৱজিৎ অসমে কয়, "মই আলফা স্বাধীনত যোগদান কৰা ১৫ বছৰ হ'ল । কিন্তু বুজাবুজিৰ অভাৱত মই পুনৰ ঘৰলৈ ঘূৰি আহিলো । মই যি ভাবি তালৈ গৈছিলো কিন্তু সেইমতে নহ'ল । আলফা স্বাধীনত থকা সময়ত ম্যানমাৰৰ টাকাত পৰেশ বৰুৱাক ২০১১, ২০১৫ আৰু ২০১৭ চনত লগ পাইছিলো । তাৰ পাছত আৰু লগ পোৱা নাই ।"
ইফালে পুত্ৰক কাষত পাই মাতৃয়ে কয়, "২০১০ চনত ঘৰৰ পৰা দেৰগাঁৱত বিয়া খাবলৈ যাওঁ বুলি ওলাই গৈছিল আৰু নিশা ফোন কৰোতে আজি ঘৰলৈ নাযাওঁ কাইলৈ যাম বুলি কৈছিল । কিন্তু পাছদিনাৰ পৰা ফোন বন্ধ । আজি পুত্ৰক লগ পাই ভাল লাগিছে, ভালে-কুশলে ঘৰলৈ আহিছে ।"