গোলাঘাট: গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰীক উদ্ধাৰ গোলাঘাটত । গুৱাহাটীৰ উজানবজাৰৰ নিজা ঘৰৰ পৰা মঙলবাৰে নিৰুদ্দেশ হৈছিল দুগৰাকী কিশোৰী । বুধবাৰে গোলাঘাটৰ ফৰকাটিং জংচনত উদ্ধাৰ হয় কিশোৰী দুগৰাকী । দুজন যুৱকসহ উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীয়ে গুৱাহাটীৰ পৰা যোৰহাটত উপস্থিত হৈ এটা ৰাতি যোৰহাটতে কটাই পুনৰ গুৱাহাটীলৈ বুলি বি জি এক্সপ্ৰেছযোগে গুৱাহাটীলৈ ঘূৰি গৈ আছিল ।
নৱম শ্ৰেণী উত্তীৰ্ণ দুই কিশোৰীয়ে দুই বন্ধুৰ সৈতে পৰিয়ালৰ অজ্ঞাতে আহিছিল যোৰহাটলৈ আৰু বুধবাৰে যোৰহাটৰ পৰা গুৱাহাটীলৈ উভতিছিল দুয়ো । নিৰুদ্দেশ হোৱাৰ পাছতেই পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল দিছপুৰ থানাত । ইফালে নাবালিকা দুগৰাকী উদ্ধাৰ হোৱাৰ পাছত চমজি লয় বোকাখাতৰ আত্মীয়ই ।
কিশোৰী দুগৰাকীৰ সৈতে উদ্ধাৰ হোৱা দুই যুৱকৰ বয়স ক্ৰমে ১৯ বছৰ আৰু ২১ বছৰ বুলি জানিব পৰা গৈছে । এই সম্পৰ্কে কিশোৰী দুগৰাকীৰ আত্মীয়ই কয়, "কিশোৰী দুগৰাকীৰ ঘৰ গুৱাহাটীত । পৰিয়ালৰ লোকে আমাক জনোৱাৰ পাছত আজি আমাক খবৰ দিলে যে ফৰকাটিং ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰিছে । সেয়ে ইয়ালৈ আহিছো । গুৱাহাটী উজানবজাৰৰ পৰা মঙলবাৰে নিৰুদ্দেশ হৈছিল দুইজনী । কি পৰিস্থিতিত ইয়ালৈ আহিছে বৰ্তমানলৈকে নাজানো ।"
আনহাতে এই সম্পৰ্কে ফৰকাটিং ৰেলৱে আৰক্ষীয়ে কয়, "গুৱাহাটীৰ পৰা দুগৰাকী কিশোৰী আৰু দুজন যুৱক আহিছিল আৰু বি জি এক্সপ্ৰেছ ৰে'ল যোগে আহি থকা অৱস্থাত কিছু লোকৰ সন্দেহ হোৱাত আমাৰ লগত যোগাযোগ কৰিলে । সেই মতে আমি আটাইকেইজন উদ্ধাৰ কৰি সোধাপোছা কৰোতে গুৱাহাটীৰ পৰা যোৰহাটলৈ ফুৰিবলৈ আহি পুনৰ ৰে'ল যোগে গুৱাহাটীলৈ উভতি গৈ আছিল বুলি জানিবলৈ দিয়ে তেওঁলোকে ।"
তেওঁ লগতে কয়, "ইয়াৰ উপৰিও ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত কিশোৰী দুগৰাকী নিৰুদ্দেশ হোৱা সম্পৰ্কে গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে । কিশোৰী দুগৰাকীক গোলাঘাট সদৰ আৰক্ষী থানাত চমজাই দিয়া হৈছে আৰু দিছপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল আৰু পৰিয়ালৰ লোক ইতিমধ্যে গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে ৰাওনা হৈছে ।"