মঙলদৈ: আজি পবিত্ৰ ঈদ ৷ পবিত্ৰ ৰমজানৰ মাহজোৰা ৰোজাৰ অন্তত সোমবাৰে সমগ্র দেশৰ লগতে অসমতো ইছলামধর্মী লোকসকলে আনন্দৰে ঈদ-উল-ফিটৰ উদযাপন কৰাৰ মাজতেই সংঘটিত হৈছে এক শোকাৱহ ঘটনা । এই উৎসৱৰ আনন্দৰ মাজতে দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰীঘাটত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ।
কেনেকৈ সংঘটিত হয় ঘটনাটো ?
এই ভয়াৱহ দুৰ্ঘটনাটোত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন আহত হয় । জানিব পৰা মতে, পবিত্ৰ ঈদৰ নামাজৰ বাবে AS13 G7937 নম্বৰৰ মটৰ চাইকেলখনেৰে দুজন যুৱক ওলাই যোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS13 R3830 নম্বৰৰ আন এখন মটৰ চাইকেলখনৰ সৈতে ধনশ্ৰীঘাটত মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় গৰাপৰিৰ শুকুৰ আলী (২৯) আৰু গাধোৱাৰ জমিৰ আলী(১৯) । লগতে কিতাপ আলী আৰু নাছিৰুদ্দিন আলী নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হয় ।
আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ কিয় ?
পিছত স্থানীয় ৰাইজে নিহত আৰু আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইয়াৰে নাছিৰুদ্দিনক গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাৰ বিষয়ে উল্লেখ কৰি এজন স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে কয়, "ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ধূলা আৰক্ষীৰ লগতে ১০৮ক খবৰ দিয়া হৈছিল যদিও আৰক্ষী বহু পলমকৈ উপস্থিত হয় । পিছত ৰাইজে ১০৮ জৰুৰীকালিন সেৱাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।" এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত ঈদৰ আনন্দ ম্লান পৰে ।