মৰাণ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ছাত্ৰ সন্ধানহীন হোৱা ঘটনা । ইয়াৰ মাজতেই ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সন্ধানহীন হোৱা ঘটনাই চিন্তিত কৰিছে সকলোকে । বিগত দহ দিন ধৰি সন্ধানহীন হৈ আছে মৰাণৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ আনহাতে লাহোৱালৰ পৰা সন্ধানহীন হৈছে এজন কলেজীয়া ছাত্ৰ ।
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নং সৰুপথাৰৰ নিবাসী দিলীপ বৰ্মন আৰু মণিকা বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ চাণ্টু বৰ্মন যোৱা ১৯ মে'ৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ মৰাণহাটৰ জ্যোতিপুৰত আইতাকৰ ঘৰত থাকি মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়ন কৰা চাণ্টুৱে আনদিনাৰ দৰে সিদিনাও বিদ্যালয়লৈ ওলাই গৈছিল; কিন্তু সিদিনা বিদ্যালয়ত উপস্থিত নথকা চান্টু বৰ্মণ উক্ত দিনাৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷
ছাত্ৰজনৰ সন্ধান বিচাৰি এতিয়া চকুপানীৰে বাট নেদেখা হৈছে পৰিয়ালৰ লোক ৷ ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সন্ধান নোপোৱাত দুঃচিন্তাত ভুগিছে ৷ কোনো দুষ্টচক্ৰৰ কৱলত পৰি সন্ধানহীন হোৱা ছাত্ৰজনক ঘৰলৈ ঘূৰি আহিবলৈ আজি সংবাদ মাধ্যমত জড়িয়তে কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে ৷ লগতে কোনো লোকে যদি সন্ধান পাই 7002208280 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে ।

এই সন্দৰ্ভত ছাত্ৰজনৰ মাতৃয়ে কয়, "মোৰ ল'ৰাটো আইতাকৰ ঘৰত থাকি পঢ়িছিল । আমাৰ ঘৰৰ সন্মুখৰ পথটো বোকাময় হোৱা বাবে আইতাকৰ ঘৰত থাকি স্কুললৈ গৈছিল । এদিন স্কুললৈ যোৱাত সিদিনা মোৰ ল'ৰাটো স্কুললৈ অহা নাছিল বুলি কয় লগৰীয়াই । তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে । চাণ্টু তুমি যতেই আছা ঘৰলৈ উভতি অহা ।"
সন্ধানহীন কলেজীয়া ছাত্ৰ :
ইপিনে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ চামনি নতুন গাঁৱৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ৰূপাংকৰ শইকীয়াই যোৱা ১৩ মে'ত লাহোৱাল মহাবিদ্যালয়লৈ ঘৰৰ পৰা ওলাই গৈছিল । ইয়াৰ পাছৰে পৰা কোনো সন্ধান নাই ছাত্ৰজনৰ । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কৰিছে যদিও কোনো সন্ধান লাভ নকৰাত লাহোৱাল আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

চামনি গাঁৱৰ নিবাসী বিপুল শইকীয়া আৰু প্ৰণালী শইকীয়াৰ পুত্ৰ ৰূপাংকৰ শইকীয়া যোৱা ১৩ মে'ৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ছাত্ৰজনে তিনিটা বিষয়ত লেটাৰ লাভ কৰি উত্তীৰ্ণ হৈছিল ।