ETV Bharat / state

বছৰেকীয়া পৰীক্ষা দিবলৈ আহি নিৰুদ্দেশ গুৱাহাটীৰ দুই ছাত্ৰ

দুষ্টচক্ৰৰ কৱলত পৰিল নেকি নৱম শ্ৰেণীৰ ছাত্ৰ দুজন !

Guwahati students missing
বছৰেকীয়া পৰীক্ষা দিবলৈ আহি নিৰুদ্দেশ গুৱাহাটীৰ দুই ছাত্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 5:46 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বছৰেকীয়া পৰীক্ষা দিবলৈ আহি গুৱাহাটীৰ নুনমাটিৰ বিদ্যালয়ৰ পৰা সন্ধানহীন দুজন ছাত্ৰ । নুনমাটি উচ্চ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ দুজন হৈছে ক্ৰমে চানমাৰিৰ বিকাশ ৰাজবংশী আৰু নুনমাটিৰ নিজৰাপাৰৰ আলী হুছেইন । জানিব পৰা মতে শুকুৰবাৰে দুয়োৰে ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল । দুয়ো বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল । কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বর্তমানলৈ নিখোজ হৈ আছে ছাত্র দুজন । এই ঘটনাক লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ দুজনৰ পৰিয়াল । ছাত্ৰ দুজনৰ সন্ধান নোপোৱাত দুয়োখন ঘৰতে সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ ।

গুৱাহাটীৰ পৰা সন্ধানহীন ছাত্ৰ

বছৰেকীয়া পৰীক্ষা দিবলৈ আহি নিৰুদ্দেশ গুৱাহাটীৰ দুই ছাত্ৰ (ETV Bharat)

ইফালে তেওঁলোকৰ পৰিয়ালে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে । নুনমাটি আৰক্ষী থানা আৰু পল্টনবজাৰ ৰে'লৱে ষ্টেচন আৰক্ষী থানাত পৃথকে পৃথকে পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ । জানিব পৰা মতে নিজৰাপাৰৰ আলী হুছেইন নামৰ ছাত্ৰজনে লগত পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ঘৰৰ পৰা নগদ ১০ হাজাৰ টকা লৈ আহিছিল । সেই ধনেৰে ছাত্ৰ দুজনে গুৱাহাটীৰ পৰা ৰে'লযোগে হায়দৰাবাদলৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

ইফালে নিৰুদ্দিষ্ট ছাত্ৰ দুজনৰ পৰিয়ালে অভিযোগ কৰি কয় যে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ দুজনে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ কথা পুৱাই অৱগত কৰিব লাগিছিল । এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই হেমাহি কৰাৰ অভিযোগ কৰিছে ছাত্ৰ দুজনৰ পৰিয়ালে । যাৰ বাবে বিদ্যালয় চৌহদত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে ।

বিদ্যালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ

অৱশ্যে পৰিয়ালৰ অভিযোগ খণ্ডন কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে । সংবাদ মাধ্যমৰ সন্মুখত প্ৰধান শিক্ষকে কয়, "স্কুলৰ কোনো শিক্ষাৰ্থী পৰীক্ষাত উপস্থিত নাথাকিলে বিয়লিৰ ভাগত অভিভাৱকক অৱগত কৰা হয় । শুকুৰবাৰে ছাত্ৰ দুজন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ কথা প্ৰথম বেলাৰ পৰীক্ষা শেষ হোৱাৰ পিছতহে স্কুল কৰ্তৃপক্ষ অৱগত হৈছিল । সেই সন্দৰ্ভত পৰিয়ালক জনোৱা হৈছিল ।" প্ৰধান শিক্ষকৰ মতে ছাত্ৰ দুজন অমায়িক আছিল । তেওঁলোক কোনো দুষ্টচক্ৰৰ কৱলত পৰাৰো সন্দেহ প্ৰকাশ কৰে প্ৰধান শিক্ষকে ।

লগতে পঢ়ক :গন্ধকচু, নীলকণ্ঠ বিচাৰি পাহাৰ বগাই চলাথ এদল লোকৰ; কিন্তু কিয় ? - NEIAFMR SEMINAR IN DHEMAJI