ETV Bharat / state

ঝুমুৰৰ বাবেই উচ্চতৰ মাধ্যমিক পৰীক্ষা নিদিলে দুগৰাকী ছাত্ৰীয়ে

কাণ্ডজ্ঞানহীন অভিভাৱক ৷ পৰীক্ষাৰ পৰা বিৰত ৰাখিলে সন্তানক ৷ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰ ৷ এইখন অসমৰে কাহিনী এয়া ৷

Jhumoir Binandini 2025
ঝুমুৰৰ বাবেই উচ্চতৰ মাধ্যমিক পৰীক্ষা নিদিলে দুগৰাকী ছাত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 9:32 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: শৈক্ষিক জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ সপোন আগত লৈ এই পৰীক্ষাত অৱতীৰ্ণ হয় ৷

পিছে মেগা ঝুমুৰ অনুষ্ঠানলৈ মনোনীত হোৱা বাবে আৰু অংশগ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ ভয়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ নহ’ল দুইগৰাকীকৈ ছাত্ৰী । এই ঘটনা সংঘটিত হৈছে যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ বছাবাৰী চাহ বাগিচাত ।

ঝুমুৰৰ বাবেই উচ্চতৰ মাধ্যমিক পৰীক্ষা নিদিলে দুগৰাকী ছাত্ৰীয়ে (ETV Bharat Assam)

শ্ৰীশ্ৰীকমলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত দুইগৰাকীকৈ ছাত্রীয়ে ঝুমুৰত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'ব বুলি ভাবি পৰিয়ালৰ লোকে পৰীক্ষা দিয়াৰ পৰা বিৰত ৰাখে ৷ এই ঘটনাক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে আটছাই । সমান্তৰালকৈ জিলাখনৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

অভিভাৱকৰ কাণ্ডজ্ঞানহীন কৰ্ম

দুগৰাকীকৈ শিক্ষাৰ্থীক পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ সন্দৰ্ভত অভিভাৱকে কয় যে, ''ঝুমুৰ আমাৰ বাপতি সাহোন আৰু এইবাৰ ঝুমুৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব ৷ ঝুমুৰ মেগা অনুষ্ঠানৰ ঐতিহাসিক ক্ষণৰ পৰা দুইগৰাকী ছোৱালী বঞ্চিত হ'ব বুলি ভাবিয়েই তেওঁলোকক পৰীক্ষাৰ পৰা বিৰত থাকিবলৈ ক’লো ৷ ছোৱালী দুজনীৰ বয়স কম হৈ আছে, সেয়েহে অহা বছৰো তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ৷ কাৰণ আমি ঝুমুৰক প্ৰধান হিচাপে লৈছো, পৰীক্ষাক নহয়'' ৷

শৈক্ষিক ক্ষেত্ৰত চাহ জনগোষ্ঠী পিছ পৰিব বুলি আশংকা আটছাৰ

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটছাৰ এজন বিষয়ববীয়াই কয় যে, ''ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ আমি গৌৰৱান্বিত ৷ কিন্তু ঝুমুৰ বাচনি সমিতিৰ গাফিলতিৰ বাবে দুইগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ পৰা বঞ্চিত হোৱা ঘটনাৰ উপযুক্ত তদন্তৰ প্ৰয়োজন ৷ এনেধৰণৰ ঘটনাই চাহ জনগোষ্ঠীটোক পুনৰ শৈক্ষিক দিশত পিছপেলাই থৈ যাব'' ।

আচলতে কাৰ ভুলৰ বাবে দুগৰাকীকৈ ছাত্ৰীয়ে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে ? নে ২৫ হাজাৰ টকাৰ লোভত পৰিয়েই পৰীক্ষাত অৱতীৰ্ণ নহ’ল, সেই সন্দৰ্ভত প্ৰশ্ন উদয় হৈছে সচেতন মহলত ।

লগতে পঢ়ক: চাবি ১০ কোছা, ATM card ৩ খন, চশমা ৮ যোৰ, স্কাৰ্ফ ১৩ খন... ! আপোনাৰো কিবা হেৰাইছে নেকি ?