ETV Bharat / state

পথ সুৰক্ষা সভা চলি থাকোতেই পথ দুৰ্ঘটনাত মৃত্যু দুজনৰ

শুক্ৰবাৰৰ দিনটোত তেজপুৰত দুখন বেলেগ বেলেগ ছবি ৷

road accident in Tezpur
তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 10:38 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: তেজপুৰত শুক্ৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজনকৈ লোক ৷ ডাম্পাৰৰ দৌৰাত্মৰ বাবেই প্ৰাণ হেৰুৱালে দুজনকৈ মটৰ চাইকেল আৰোহীয়ে ৷

তেজপুৰৰ দাঁতিকাষৰীয়া পক্ষীয়াঝাৰ আৰু মিলনপুৰৰ মধ্যস্থল পহুখোৱা দলনিত মাটি কঢ়িয়াই অনা AS 12 BC/6522 নম্বৰৰ ডাম্পাৰখনে এখন বাইকক মহটিয়াই নিয়াৰ ফলতে দুজন যুৱকৰ থিতাতে মৃত্যু ঘটে ৷ নিহত যুৱকদ্বয়ে ব্যৱহাৰ কৰা পালচাৰখনৰ নম্বৰ হৈছে AS 12 AJ/3316 । মৃত যুৱক দুজনৰ ঘৰ নগাঁৱত যদিও এই পৰ্যন্ত জানিব পৰা নাই সম্পূৰ্ণ পৰিচয় ৷

ইফালে শুক্ৰবাৰে দিনৰভাগত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় পথ সুৰক্ষা সমিতিৰ এখন সজাগতা বৈঠক । নদুৱাৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত জিলাখনৰ পথ সুৰক্ষা সম্পৰ্কীয় কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷

বৈঠকখনত দুৰ্ঘটনাত মৃত্যু আৰু আঘাতৰ তথ্যকে ধৰি পথ সুৰক্ষাৰ পৰিমাপসমূহৰ সঠিক মূল্যায়নৰ বাবে চি চি টি এন এছ (CCTNS), আই আৰ এ ডি (IRAD) আৰু ডি আৰ এছ চিৰ (DRSC) দৰে প্লেটফৰ্মত সঠিক তথ্য প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

পি ডব্লিউ আৰ ডিৰ শোণিতপুৰ আৰু বিশ্বনাথ পথ সংমণ্ডলৰ অধীক্ষক অভিযন্তা আৰু শোণিতপুৰ ডি আৰ এছ চিৰ সদস্য সম্পাদক অজিত কুমাৰ মেধিয়ে সভাত অৱগত কৰে যে তথ্য সংকলনৰ বাবে প্ৰতিটো সংশ্লিষ্ট বিভাগৰ পৰা এজন নিৰ্দিষ্ট বিষয়া নিযুক্তি দিলে বিশেষকৈ আই আৰ এ ডি আৰু ডি আৰ এছ চি প্লেটফৰ্মত প্ৰক্ৰিয়াটো সুশৃংখলিত হ’ব ।

সম-জিলা আয়ুক্তৰ নিৰ্দেশনা অনুসৰি বৈঠকত উপস্থিত বিষয়াসকলক আই আৰ এ ডি আৰু ডি আৰ এছ চি প’ৰ্টেলৰ ব্যৱহাৰিক দিশটো প্ৰদৰ্শন কৰা হয় আৰু তথ্য প্ৰদানৰ প্ৰক্ৰিয়াৰ বিষয়ে সজাগ কৰা হয় ।

জিলা আয়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, জিলা স্বাস্থ্য সেৱা, শিক্ষা, অভিযান্ত্ৰিক আৰু বিভিন্ন সংস্থাকে ধৰি প্ৰাসংগিক অংশীদাৰ বিভাগ আৰু কাৰ্যালয়সমূহক তথ্য সংগ্ৰহৰ বাবে এজন নিৰ্দিষ্ট ব্যক্তি নিযুক্তি দিবলৈ কোৱা হয় আৰু সেই অনুসৰি ডি আৰ এছ চিক অৱগত কৰিবলৈ কোৱা হয় । এই বিভাগসমূহক পথ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যবেক্ষণ কৰি পৰৱৰ্তী ডি আৰ এছ চিৰ বৈঠকত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন (এ টি আৰ) দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হয় ।

লগতে পঢ়ক: মাতৃৰ মৃত্যুত ছুটী লৈ পুনৰাই কৰ্তব্যত যোগদান কৰিব নোৱাৰিলে বিৰিঞ্চি দাসে