গোলাঘাট: ৰঙালী বিহুৰ আনন্দৰ মাজতে গোলাঘাটৰ বিভিন্ন ঠাইত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা । তাৰ মাজতে আকৌ বন্য়হস্তীৰ উপদ্ৰৱ । এই দুঃসংবাদে ম্ৰিয়মাণ কৰিছে গোলাঘাটবাসীক । গৰুবিহুৰ নিশা বন্যহস্তীৰ আক্ৰমণৰ লগতে ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১৫ জনৰো অধিক লোক আহত হয় ।
সোমবাৰে নিশা গোলাঘাটৰ থুৰামুখত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । তীব্ৰবেগী বাইক এখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাত দুজন যুৱকৰ মৃত্যু হয় । নিহত যুৱক দুজনৰ নাম বাবলু ওৰাং আৰু প্ৰভাত ওৰাং । থুৰামুখৰ পৰা PB 02 EV 6015 নম্বৰৰ এখন মটৰচাইকেলেৰে কুঠৰীলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় ।
গোলাঘাটত ১৭ টাকৈ দুৰ্ঘটনা :
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই গোলাঘাট সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে, গৰুবিহুৰ দিনটোতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত ১৭ টাকৈ দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত ১৫ জন লোক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
বন্যহস্তীৰ আক্ৰমণত মৃত্যু:
আনহাতে, গৰুবিহুৰ নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ । দিনৰ ভাগত মৰঙী মৌজাৰ ২ নং দৈগ্ৰোং জংঘল লাইনত প্ৰবেশ কৰা এটা বন্যহস্তীৰ জাকে নিশা লোকজনৰ ঘৰৰ ফালে আগুৱাই অহাত সিহঁতক খেদিবলৈ যাওতে হাতীৰ আক্ৰমণৰ বলি হয় সুনীল গড় নামৰ লোকজন । উক্ত ঘটনা সম্পৰ্কে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
জি পি এছ থকা সত্বেও গতি-বিধি লক্ষ্য় নকৰাৰ অভিযোগ :
উক্ত ঘটনা সম্পৰ্কে এজন স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি কয়, "আমি অতিকৈ মৰ্মাহত হৈছো যে নিশা এইখন ঘৰৰ মুৰব্বীজনৰ অকালতে মৃত্যু হয় । ইয়াৰ মূলতে হৈছে বকিয়াল খণ্ড বন বিষয়া অংকুৰ মহন্ত । সোমবাৰে দিনৰ ভাগত বন্যহস্তী গাঁৱত প্ৰৱেশ কৰিছে; কিন্তু বন বিভাগৰ লোক নাই । আমাৰ অঞ্চলত তিনিটা বন্যহস্তীৰ গাত জি পি এছ লগাই থোৱা আছে গতি বিধি নিৰিক্ষণ কৰিবলৈ । কিন্তু কাৰ্যালয়ত বহি বন বিভাগৰ লোকে মোবাইলত হাতীৰ গতি বিধি নিৰীক্ষণ কৰি থাকে । তেওঁলোকে হাতীৰ লগত নহয়, বালিভৰ্তি বাহনৰ পাছে পাছে ঘূৰি ফুৰে । পূৰ্বে বন বিভাগৰ লোক কম আছিল; কিন্তু বৰ্তমান পৰ্যাপ্ত লোক থকাৰ পাছতো এই ঘটনা সংঘটিত হৈছে ।"
অবৈধভাৱে ধন সংগ্ৰহত ব্য়স্ত থাকে বন বিভাগ:
তেওঁ পুনৰ ক্ষোভ প্ৰকাশ কৰি কয়, "বন বিভাগৰ কাৰ্যালয় নিচেই কাষত; কিন্তু তেওঁলোক নাহে । নিশাৰ ভাগত হাতীৰ জাক গাঁৱত সোমাবলৈ চেষ্টা কৰিছিল আৰু লোকজনে বাধা দিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছে । ইয়াৰ বাবে সম্পূৰ্ণ দায়ী বন বিভাগ । বন বিভাগৰ লোকসকল কেৱল অবৈধভাবে চলি থকা শিল-বালি ঘাটৰ পৰা ধন সংগ্ৰহত ব্যস্ত থাকে । এই দুখীয়া পৰিয়ালটোক অতি সোনকালে চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো ।"