এটা ভাল কাম: পিয়াহত অণ্ঠকণ্ঠ শুকাই যোৱা পথৰ অবোধ জীৱকুলৰ বাবে পানীৰ ব্যৱস্থা
গুৱাহাটীৰ বিভিন্ন স্থানত পানীৰ পাত্ৰ ৰাখিছে দুই সংস্থাই । পদপথৰ কুকুৰ, মেকুৰীৰ লগে পক্ষীবোৰৰ বাবেও পানীৰ যোগান ধৰা হৈছে ।

Published : June 11, 2025 at 6:36 PM IST
গুৱাহাটী: আকাশৰ পৰা যেন জুইহে বৰষিছে ! স্বাভাৱিক তাপমাত্ৰাতকৈ প্রায় ৪-৬ ডিগ্রী ছেলছিয়াছ অধিক হোৱাত অসহনীয় হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি । এনে পৰিস্থিতিত ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈও চিন্তা কৰিবলগীয়া হৈছে । মানুহে গৰমৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছে । কিন্তু পদপথৰ জন্তু বা পক্ষীকূলৰ কি হ'ব আপুনি চিন্তা কৰিছেনে ?
এটুপি পানীৰ বাবে এনে জীৱ-জন্তুবোৰে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিব লাগে । কিন্তু যান্ত্ৰিকতাৰ মহানগৰীত এটুপি পানী পাবলৈ নাই । এনে পৰিস্থিতিত আগবাঢ়ি আহিছে দুই প্ৰকৃতিপ্ৰেমী । পদপথৰ জন্তু আৰু পক্ষীবোৰৰ তৃষ্ণা নিবাৰণৰ বাবে তেওঁলোকে ব্যতিক্ৰমী পদক্ষেপ লৈছে ।
'Kuku's Paws & Claws' আৰু 'PARVAH' নামৰ দুই সংস্থাৰ অধীনত তেওঁলোকে গুৱাহাটীৰ বিভিন্ন স্থানত স্থাপন কৰিছে পানীৰ পাত্ৰ । য'ত তেওঁলোকে জীৱ-জন্তুবোৰৰ বাবে পানী থৈছে । এনে গৰমৰ পৰিৱেশত জীৱ-জন্তুবোৰে তাত থকা পানী খাই অলপ হ'লেও সকাহ পাইছে ।
মহানগৰীৰ ক'ত ক'ত আছে এনে পানীভৰ্তি পাত্ৰ ?
৮ জুনৰ পৰা সংস্থা দুটাই গুৱাহাটীৰ নুনমাটি চেক্টৰ-২, নেপালী চ'ক, শালবাৰী, ভৱানীপুৰ, জ্যোতি নগৰ, গুৱাহাটী কলেজ ৰোড, গোপাল নগৰ, চূনচালীত মুঠ ২০ টা পানীৰ পাত্ৰ ৰাখিছে । পৰৱৰ্তী সময়ত চানমাৰি, শিলপুখুৰী আদি অঞ্চলতো আন ২০ টা পানীৰ পাত্ৰ ৰখাৰ ব্যৱস্থা কৰিছে সংস্থাটোৱে ।

এই পদক্ষেপৰ চিন্তা মনলৈ কেনেকৈ আহিল ?
'PARVAH' সংস্থাটোৰ প্ৰতিষ্ঠাতা তথা প্ৰকৃতিপ্ৰেমী অভয় বৰাই এই সন্দৰ্ভত কয়, "উৎকট গৰমত মানুহৰে অৱস্থা বেয়া হৈ যায় । এই গৰমত চৰাই, পদপথৰ জন্তু যেনে- কুকুৰ, মেকুৰীয়ে পিয়াঁহৰ পানীটুপিৰ বাবে হাবাথুৰি খোৱা দেখিছো । তদুপৰি মানুহৰ দৰে জন্তুবোৰৰো ডি হাইড্ৰেশ্যন হৈ যায় । সেয়েহে প্ৰায় ডেৰ বছৰ আগৰ পৰাই এই কথা চিন্তা কৰি আছিলো । এইবাৰ বিভিন্নজনৰ পৰা পোৱা দান-বৰঙণিৰে প্ৰায় ২৫ হাজাৰ টকা ব্যয় সাপেক্ষে ১০০ টা পানীৰ পাত্ৰ চিমেণ্ট, বালি আৰু লোৰে নিৰ্মাণ কৰা হৈছে । ২০-২৫ দিনৰ ভিতৰত পাত্ৰকেইটা সম্পূৰ্ণ কৰা হয় । তাৰ পিছত ৮ জুনত ২০ টা স্থানত পাত্ৰকেইটা স্থাপন কৰা হৈছে । 'Kuku's Paws & Claws এ দান-বৰঙণি সংগ্ৰহ কৰাত সহায় কৰিছে ।"
জীৱ-জন্তুৰ তৃষ্ণা নিবাৰণৰ অভিযান অব্যাহত থাকিব
তেওঁ লগতে কয়, "পৰৱৰ্তী সময়ত চানমাৰি, শিলপুখুৰীত ২০-২৫ টা স্থানত পানীৰ পাত্ৰ ৰখা হ'ব । ইয়াৰ পিছত বেলতলা অঞ্চলত জীৱ-জন্তুৰ বাবে পানীৰ পাত্ৰ ৰখা হ'ব । কোনো লোকে যদি আমাক তেওঁলোকৰ অঞ্চলত বিচাৰে সেই স্থানতো আমি পানীৰ পাত্ৰ ৰাখিম ।"

স্থাপন কৰা পাত্ৰবোৰ কিদৰে নজৰ ৰাখিব ?
উল্লেখ্য যে পানীৰ পাত্ৰবোৰ ৰখা হৈছে যদিও সেইবোৰত সময়মতে পানী যোগান ধৰাৰো ব্যৱস্থা কৰিব সংস্থা দুটাই । এই সন্দৰ্ভত অভয় বৰাই কয়, "আমি বিভিন্ন স্থানত ৰখা পাত্ৰবোৰ চোৱা-চিতা, পৰিষ্কাৰ কৰা তথা পানীৰ যোগান ধৰাৰ বাবে বিভিন্নজনক দায়িত্ব দিছো । কিয়নো আমি অকলে সেইবোৰ চোৱা-চিতা কৰিব নোৱাৰিম । তাৰ বাবে যিবোৰ অঞ্চলত পানীৰ পাত্ৰ স্থাপন কৰা হৈছে সেই অঞ্চলৰে এজনকৈ ইচ্ছুক প্ৰকৃতিপ্ৰেমীক তাৰ দায়িত্ব দিয়া হৈছে ।" ইফালে পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ পদপথৰ জীৱ-জন্তুসমূহৰ বাবে সংস্থা দুটাই গ্ৰহণ কৰা এই পদক্ষেপক বিভিন্নজনে প্ৰশংসা কৰিছে ।
লগতে পঢ়ক :অস্ত্ৰধাৰী নগাৰ আতংকত অসম-নাগালেণ্ড সীমান্তবাসী - NAGA ENCROACHMENT

