আৰক্ষীৰ আলহী দুগৰাকী বিশেষ মেডিচিন বিশেষজ্ঞ !
বছৰ বছৰ ধৰি চেম্বাৰ খুলি চিকিৎসা সেৱা আগবঢ়াই অৱশেষত সোমাল ৰঙাঘৰত । কিন্তু কিয় ?

Published : July 11, 2025 at 11:52 AM IST
যোৰহাট: চিকিৎসা গ্ৰহণ কৰিবলৈ যাওঁতে সাৱধান হোৱাৰ সময় আহিল, নহ'লে বিপদ অনিবাৰ্য ! কাৰণ যোৰহাটত ওলাইছে ভুৱা মেডিচিন বিশেষজ্ঞ চিকিৎসক, অৰ্থাৎ ভুৱা এম ডি । যোৰহাট নগৰৰ মাজমজিয়াত ওলাইছে ভুৱা চিকিৎসক ।
ইয়াৰে অশোক কুমাৰ গগৈ নামৰ লোকজনে যোৱা ৮ বছৰে চিকিৎসা কৰি আহিছিল যোৰহাটৰ মাজমজিয়াস্থিত পুৰণা আৱৰ্ত ভৱন পথত ।
আনহাতে যোৰহাটত দুজনকৈ ভুৱা চিকিৎসক ওলোৱাৰ এই কথা প্ৰকাশ কৰে যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱাল আৰু যুটীয়া স্বাস্থ্য সঞ্চালকে । যোৰহাট নগৰৰ পুৰণা আৱৰ্ত ভৱন পথত এটা চেম্বাৰ খুলি ৮ বছৰে চিকিৎসা প্ৰদান কৰি আহিছিল অশোক কুমাৰ গগৈয়ে । নিজকে মেডিচিন বিশেষজ্ঞ বুলি পৰিচয় দি চিকিৎসা সেৱা প্ৰদান কৰি আহিছিল তেওঁ ।

পূৰ্বতে এইজন লোকে এই একে স্থানতে এখন হোমিঅ' চেম্বাৰ চলাইছিল আৰু পাছলৈ মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা কৰি আহিছিল । আনহাতে অমৰজোতি নাথ নামৰ লোকজনেও নিজকে মেডিচিন বিশেষজ্ঞ বুলি নগৰৰ পৰা নাতিদূৰৈৰ বৰিগাঁও খাজুৰিগুৰিত চেম্বাৰ খুলি বিগত প্ৰায় তিনিবছৰ ধৰি চিকিৎসা প্ৰদান কৰিছিল ।

ইতিমধ্যে ৰোগীৰ জীৱনক লৈ হেতালি খেলা দুয়োজন ভুৱা চিকিৎসকৰ বিৰুদ্ধে Jorhat PS Case No. 325/2025 u/s 319(2)/316(2)/336(2)/125/271 BNS and Jorhat PS Case No. 326/2025 u/s 319(2)/316(2)/336(2)/125/271 BNS গোচৰ পঞ্জীয়ন কৰি দুয়োজনকে গ্ৰেপ্তাৰ কৰি সোধাপোছাৰ বাবে আৰক্ষীয়ে জিন্মাত লোৱাৰ কথাও জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে ।

লগতে তেওঁ কয়, "চি আই ডি আৰু চিকিৎসা বিষয়া তথা ন'ডেল অফিচাৰ অভিজিত নেওগৰ অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছো । কাৰণ যোৰহাটত দুজন ভুৱা চিকিৎসক আছে, যিয়ে মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা সেৱা চলাই আছিল ৷ এজনে যোৰহাট নগৰৰ পুৰণা আৱৰ্ত ভৱনৰ পথত আৰু আনজনে বৰিগাঁও খাজুৰিগুৰিত মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা চলাই আছিল ।"
অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "অশোক কুমাৰ গগৈয়ে ৮ বছৰ ধৰি আৰু অমৰজোতি নাথে তিনি বছৰ ধৰি চিকিৎসা চলাই আহিছিল । ইতিমধ্যে গোচৰ ৰুজু কৰি দুয়োজনকে গ্ৰেপ্তাৰ কৰিছো আৰু জিম্মাত লৈ তেওঁলোকক সোধাপোছা চলাই আছো ।"

