ETV Bharat / state

অস্ত্ৰ সম্বৰণৰ পাছতো আদিবাসী উগ্ৰপন্থী সংগঠনৰ সদস্য়ৰ হাতত বন্দুক-বাৰুদ !

গোলাঘাটৰ মাজেৰে কাৰ নিৰ্দেশত বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰিছে আদিবাসী উগ্ৰপন্থী সংগঠনৰ সদস্য়ই ? অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা নেকি কোনো চক্ৰৰ ?

Gun Recovered from Ex ANLA
ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা ব্য়ৰ্থ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2024 at 2:24 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: মঙলবাৰে নিশা আদিবাসী উগ্ৰপন্থী সংগঠনৰ দুই প্ৰাক্তন সদস্যৰ পৰা এটা সক্ৰিয় আই ই ডি উদ্ধাৰ হোৱাত ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা ব্য়ৰ্থ হয় । ডিমাপুৰৰ পৰা গোলাঘাটৰ দিশে আনি থকা অৱস্থাতে গোলাঘাটৰ ৰঙাজান টোল গেটৰ সমীপত আৰক্ষীয়ে জব্দ কৰে আই ই ডিটো । চৰাইদেও আৰক্ষী আৰু গোলাঘাট আৰক্ষীয়ে যৌথ অভিযান চলাই আই ই ডিটোৰ সৈতে দুই প্ৰাক্তন উগ্ৰপন্থী সদস্য অজয় শ্যাম আৰু টিকেন কুৰ্মীক গ্ৰেপ্তাৰ কৰে ।

ইফালে, মঙলবাৰে নিশা গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আদিবাসী উগ্ৰপন্থী সংগঠনৰ সদস্য টিকেন কুৰ্মীৰ মেৰাপানীৰ মিলনপুৰস্থিত বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে এটা ছিংগল বেৰেল ৰাইফল আৰু সংগঠনটোৰ সামৰিক পোছাক ।

ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা ব্য়ৰ্থ (ETV Bharat Assam)

এই সামগ্ৰীসমূহ জব্দ কৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে কয়, ‘‘আমি টিকেন কুৰ্মীৰ বাসগৃহত অভিযান চলাই এটা ছিংগল বেৰেল ৰাইফল পাইছো । টিকেন কুৰ্মী আগতে অধিবাসী উগ্ৰপন্থী সংগঠন আনলাৰ সৈতে জড়িত আছিল। ইয়াৰ পাছত এই সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছো ।"

আনহাতে, আনলা সদস্য টিকেন কুৰ্মীয়ে কয় যে তেওঁ সংগঠনটোৰ গ্ৰুপ কমাণ্ডাৰ হিচাবে কাম কৰিছিল । এটা গ্ৰুপত ৭০ জনকৈ কেডাৰ থাকে । উদ্ধাৰ হোৱা ৰাইফলটো তেওঁৰ বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে । ২০১৬ চনত তেওঁ সংগঠনটোত যোগদান কৰিছিল । বৰ্তমান ১৫০০ জন মান কেডাৰ আছে বুলি কয় টিকেন কুৰ্মীয়ে । উল্লেখ্য় যে শেহতীয়াকৈ আদিবাসী উগ্ৰপন্থী সংগঠন আপলাই সমূহীয়াভাৱে অস্ত্ৰ সম্বৰণ কৰাৰ পাছতো কূটাঘাটমূলক কামকাজ অৱ্যাহত ৰখা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। গোলাঘাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:আলফা (স্বাধীন)ৰ সামৰিক দিৱসত বিস্ফোৰণৰ পৰিকল্পনা ! আই ই ডিসহ আটক দুই আত্মসমৰ্পণকাৰী উগ্ৰপন্থী

পুনৰ আলফা(স্বা)ৰ ধন দাবী আৰম্ভ: চিঠি আহিল বহুতলৈ