কিমান ক্ষোভ-দুখ-অভিমান বুকুত বান্ধি এগৰাকী বৰেণ্য সাহিত্য়িকে ক'ব পাৰে- মই অসমবাসীৰ নহয়...
এতিয়াও অসম সাহিত্য সভাৰ বিৰুদ্ধে মাৰ যোৱা নাই ক্ষোভ । "মোৰ মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই" বুলি খেদ য়েছে দৰজে ঠংচিৰ ।

Published : November 16, 2024 at 9:53 PM IST
গোলাঘাট: শেহতীয়াকৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই । এই সম্পৰ্কে শনিবাৰে দেৰগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে কয়," মই অসমীয়া ভাষাৰ সাহিত্যিক হয়, অসম সাহিত্য সভাৰ একো নহয় । মই অসমবাসীৰ নহয়, সেই বাবে মই মন্তব্য দিয়া কোনো অধিকাৰো নাই । বাহিৰা মানুহ হিচাপে মনে-মনে থকাই ভাল । অসমৰ ৰাইজে মোক বিচাৰিছিল তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো ।"
আনহাতে, উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা বিশিষ্ট সাহিত্য়িক প্ৰহ্লাদ চন্দ্ৰ তাছাই কয়," অসম সাহিত্য সভা অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান তাত কাৰো দ্বিমত নাই । ই আমাৰ আবেগ আৰু হৃদয়ৰ লগত জড়িত অনুষ্ঠান । সেই কাৰণে ৰাইজে সময়ে সময়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । গতিকে এইবাৰ নিৰ্বাচনকেন্দ্ৰিক কিছু কথাৰ বাবে ৰাইজ সৰৱ হৈছে । "
তেওঁ পুনৰ কয়," এইক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ বাবে ধন্যবাদ । কিন্তু সাহিত্য় সভা পৰিচালিত হয় এখন সংবিধানৰ দ্বাৰা আৰু সংবিধানৰ যিটো বিধি ব্যৱস্থা লিখিত ৰূপত আছে সেই মতে অসম সাহিত্য সভাৰ কাম পৰিচালনা হয় । সংবিধানৰ নীতি নিয়মৰ মাজেৰে নিৰ্বাচনী কাম-কাজ চলি আছে । তাত যদি কিবা ইফাল সিফাল হৈছে সেয়া সময়ত সকলো ঠিক হ'ব আৰু প্ৰত্যেক চাৰিবছৰ মূৰে মূৰে সংবিধান সংশোধনী কৰাৰ ব্যৱস্থা আছে । গতিকে ইয়াত ত্ৰুটি ৰৈ গৈছে যদি চাৰি বছৰ পাছত ৰাইজে বিচৰা ধৰণে ব্যৱস্থা কৰা হ'ব ।"
তেওঁ কয়," অসম সাহিত্য সভাৰ সভাপতিগৰাকী সৰ্বোচ্চ পদাধিকাৰী কেৱল মাত্ৰ এটা জাতীয় অনুষ্ঠানৰ নহয়, জাতীয় জীৱনৰ শীৰ্ষত থকা এগৰাকী ব্যক্তি । গতিকে সেই ব্যক্তিগৰাকীক নিৰ্বাচনৰ মাজত অনাৰ পৰিৱৰ্তে সৰ্বসন্মতিক্ৰমে যদি এই মৰ্যাদাপূৰ্ণ আসনত অধিষ্ঠিত কৰা হয় বেছি ভাল হয় । কিন্তু এই কথা আমি ক'লে নহ'ব, সংবিধানত অন্তৰ্ভুক্ত হ'ব লাগিব । গতিকে সংবিধান সংশোধন কৰাৰ প্ৰয়োজন আছে ।"
ইয়াৰ উপৰি এনেধৰণৰ জাতীয় অনুষ্ঠানত বিভিন্ন সময়ত বিভিন্ন বিতৰ্কই দেখা দিয়ে । সেই সময়ত দায়িত্বশীল পদবীত থকা ব্যক্তিসকলে ঠিক কৰাৰ প্ৰয়াস কৰিব লাগে আৰু এতিয়া কিছু বিতৰ্ক হৈছে যদিও অনাগত দিনত সকলো সমাধান হ'ব বুলিও তেওঁ মন্তব্য় কৰে ।

