ETV Bharat / state

কোটি টকাৰ ড্ৰাগছসহ হাতে-লোটে ধৰা পৰিল আমজত আলী আৰু আব্দুল হাছেন - Anti Drugs Mission

Drugs Seized in Morigaon: মৰিগাঁৱত পুনৰ ড্ৰাগছ বিৰোধী অভিযান । এই অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ।

Drugs peddler terror in Assam
মৰিগাঁৱত ড্ৰাগছৰ বেহা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 24, 2024 at 10:01 AM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও,২৪ জুলাই: আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো ৰাজ্যত অব্যাহত বৰবিহ স্বৰূপ ড্ৰাগছৰ বেহা ৷ ড্ৰাগছৰ ঘাটিৰ লগতে এনে বেপাৰত জড়িত চক্ৰক একেবাৰে উৎখাত কৰাৰ বাবে আৰক্ষী তথা প্ৰশাসনে চেষ্টা চলাই আছে যদিও সৰবৰাহকাৰীয়ে নানা ৰকৌশলেৰে এই বেহা চলাই আহিছে ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰিগাঁও জিলাতো এই বেহা অব্য়াহত আছে । তাৰ মাজতেই মৰিগাঁৱৰ বৰছলাত বুধবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক ।

বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি বৰছলা আৰক্ষী চকীৰ এটা দলে এই অভিযান চলায় । মাজনিশা চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আমজত আলী(৩৭) আৰু আব্দুল হাছেনক (৫৫) আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় । মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংৰীবড়ী গাঁৱৰ কুদ্দুছ আলীৰ পুত্ৰ আমজত আলীয়ে দীৰ্ঘ দিনৰ পৰা এই বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । আনহাতে, লাহৰীঘাট আৰক্ষী থানাৰ অধীনস্থ লাহৰীপাম গাঁৱৰ আব্দুল হাছেনেও চলাই আছিল এই বেহা । আৰক্ষীয়ে এই অভিযানত ১.৩৯০ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে । ৭১ টা চাবোনৰ বাকচত ৰাখিছিল এই হেৰ'ইনখিনি ।

লগতে পঢ়ক:ৰিগাঁৱত আমছুৱে কৰায়ত্ত কৰে ড্ৰাগছসহ সৰবৰাহকাৰীক - Anti Drug Mission

পুৱতি নিশা গাঁওবুঢ়া আৰু ৰাইজৰ উপস্থিতিত এই দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে । সম্প্ৰতি আৰক্ষীয়ে অধিক তদন্তৰ বাবে দুই ড্ৰাগছ ব্যৱসায়ীক মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই জিলাখনৰ মৈৰাবাৰী, মায়ঙৰ পৰা শনিবাৰে আৰু দেওবাৰে তিনিটাকৈ ড্ৰাগছ বেপাৰীক ৰাইজ, সংখ্যালঘু ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ প্ৰচেষ্টাত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰাৰ পিচত পুনৰ জালত পৰিল এই দুটা ড্ৰাগছ বেপাৰী ।

লগতে পঢ়ক:প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত - Operation Against Drugs

38 টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰসহ এজনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ