পিতৃ-মাতৃৰ বন্দনাৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটী
মাতৃ-পিতৃ বন্দনা শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী । চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে ।

Published : September 5, 2025 at 10:35 PM IST
গুৱাহাটী: বিগত বাৰৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক পিতৃ-মাতৃৰ বন্দনাৰ বাবে বিশেষ ছুটী দিয়া হৈছে । পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ২০২১ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ ছুটীৰ ব্যৱস্থা কৰি আহিছে ।
'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী । চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে । এইবছৰ ১৪ আৰু ১৫ নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ।
লক্ষণীয় বিষয় যে এই বিশেষ দুটা দিনৰ ছুটীৰ উপৰিও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এটা স্বাভাৱিক বন্ধ লাভ কৰিব । ১৪ নৱেম্বৰ শুকুৰবাৰ আৰু ১৫ নৱেম্বৰ শনিবাৰ এই দুটা দিনত বিশেষ নৈমিত্তিক ছুটী দিয়া হৈছে । আনহাতে ১৬ নৱেম্বৰ দেওবাৰ স্বাভাৱিক বন্ধ । গতিকে মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলেথাৰিয়ে তিনিদিনৰ বন্ধৰ সুবিধা লাভ কৰিব ।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননী জাৰি কৰিছে । এই ছুটীৰ বাবে কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ এই বিশেষ আঁচনিৰ প’ৰ্টেলৰ যোগেদি আবেদন কৰিব পাৰিব । কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in প’ৰ্টেলত আবেদন কৰিব পাৰিব ।
উল্লেখ্য যে, বছৰত দুটা দিন চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ পিতৃ-মাতৃ নাইবা শহুৰ-শাহুৰ লগত সময় কটাব পাৰে, তাৰ বাবেই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নতুনকৈ এই আঁচনিৰ শুভাৰম্ভ কৰিছিল । ২০২১ বৰ্ষত কেবিনেটযোগে এই সিদ্ধান্ত লোৱা হৈছিল । এই আঁচনিৰ উদ্দেশ্য হৈছে মাতৃ-পিতৃ আৰু শাহু-শহুৰক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য, পৰিচৰ্যা, শ্ৰদ্ধা-সন্মান প্ৰদৰ্শন কৰা । অত্যাৱশ্যকীয় সেৱাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব । মাতৃ-পিতৃ আৰু শাহু-শহুৰৰ অবৰ্তমানত এই সুবিধা প্ৰযোজ্য নহ'ব । বিষয়া-কৰ্মচাৰীসকলে মাতৃ-পিতৃ তথা শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ-বিনোদন নাইবা আন কোনো কামত এই বিশেষ ছুটীৰ সুবিধা গ্ৰহণ কৰা অনুচিত বুলি চৰকাৰীভাৱে কোৱা হৈছে । লক্ষণীয় বিষয় যে বিগত বৰ্ষত মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত কৰ্মচাৰীসকলে দুদিনৰ বিশেষ ছুটিৰ লগতে একেলেথাৰিয়ে তিনিদিনৰ স্বাৱাৱিক বন্ধ লাভ কৰিছিল। অৰ্থাৎ একেলেথাৰিয়ে পাঁচদিনৰ বন্ধ পাইছিল। অৱশ্যে এইবাৰ তিনিদিন পাইছে।
Conclusion:

